Friday, September 30, 2022
HomeNewsকভিড প্ৰত্যাহ্বান নেওচি বৃহৎ জয় দিল্লী কেপিটেলছৰ

কভিড প্ৰত্যাহ্বান নেওচি বৃহৎ জয় দিল্লী কেপিটেলছৰ

কভিড প্ৰত্যাহ্বান নেওচি বৃহৎ জয় দিল্লী কেপিটেলছৰ

অলিম্পিয়া প্ৰতিবেদন: সমুখ সমৰত দিল্লী কেপিটেলছ বনাম পঞ্জাৱ কিংছ ৷ ৯ উইকেটেৰে বৃহৎ জয় দিল্লী দলৰ ৷ দিল্লীৰ বিস্ফোৰক বলিঙৰ সমুখত তিষ্ঠিব নোৱাৰি মাত্ৰ ১১৫ ৰাণতে থমকিবলগীয়া হ’ল পঞ্জাৱ কিংছ ৷ চলিত ছিজনৰ আই পি এলত ইটো দলৰ পাছত সিটো দলে দেখুৱাইছে নিজৰ দক্ষতা ৷ জয়-পৰাজয়ৰ মাজেৰে আগবাঢ়িছে প্ৰতিটো দল ৷

চলিত ছিজনৰ ১০ টা দলৰ ভিতৰত দিল্লী দলৰ প্ৰসংগ কিছু পৃথক । হাজাৰ প্ৰত্যাহবান নেওচি যিদৰে নিজৰ অগ্ৰগতিত মত্ত থাকে ৰণুৱা ঘোঁৰা, ঠিক সেইদৰে দিল্লী দলেও বহু প্ৰত্যাহ্বান নেওচি বুধবাৰে মুম্বাইৰ ব্ৰেবৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত পঞ্জাৱৰ বিৰুদ্ধে মেচখনত ৯ উইকেটত অব্যাহত ৰাখে বৃহৎ জয় ৷

আৰু অধিক পঢ়ক

ভয়ানক ক’ৰণা ভাইৰাছে দিল্লী দলৰ সৰ্বমুঠ ৬ জন সদস্যক আক্ৰমণ কৰাৰ পাছতো থমকি নৰ’ল দলৰ কোনো খেলুৱৈ ৷ বলিং বা বেটিং যিয়েই নহওক কিয় প্ৰতিজন খেলুৱৈয়ে দেখুৱালে সুন্দৰ প্ৰদৰ্শন ৷ দিল্লীৰ হৈ খালিল আহমেদ, অক্ষৰ পেটেল আৰু কুলদীপ যাদবে ক্ৰমে ২১, ১০ আৰু ২৪ ৰাণ ব্যয়ৰে দুটাকৈ উইকেট দখল কৰে । লগতে মুস্তাফিজুৰ ৰহমানে ২৮ ৰাণ ব্যয়ৰে ১ টা আৰু ললিত যাদবে ২ অভাৰত মাত্ৰ ১১ ৰাণ ব্যয়েৰে দখল কৰে ২ টাকৈ উইকেট ৷ আনহাতে বেটিঙৰ ক্ষেত্ৰত দিল্লীৰ হৈ পৃথ্বি শ্বয়ে ২০ টা বলত ৭ টা চাৰি আৰু এটা ছয়েৰে ৪১ ৰাণ কৰি আউট হয় ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক


ডেভিড ৱাৰ্ণাৰে ৩০ টা বলত ১০ টা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰীৰে সৰ্বমুঠ ৬০ ৰাণ সংগ্ৰহ কৰে ।
ছৰফৰাজ খানে ১৩ টা বলত ১ টা চাৰি ৰে ১২ ৰাণ কৰি অপৰাজিত হয় । দিল্লী কেপিটেলছৰ বিপৰীত মেৰুত থকা পঞ্জাৱ কিংছৰ হৈ মায়ংক আগৰৱালে ১৫ টা বলত ৪ টা বাউণ্ডেৰীৰে সৰ্বাধিক ৩২ ৰাণ কৰে যদিও বাকী খেলুৱৈসকলৰ দুৰ্বল প্ৰদৰ্শনে জয়ৰ মুখ নেদেখিলে দলটোৱে ৷

উল্লেখযোগ্য যে, দিল্লী কেপিটেলছে চলিত ছিজনত এই পৰ্যন্ত খেলিছে ৬ খনকৈ মেচ । ইয়াৰে ৩ খনত জয়লাভ কৰি পইন্ট টেবুলৰ ষষ্ঠ স্থানত আছে ঋষভ পন্ট বাহিনী । আনহাতে ৭ খন মেচত অৱৰ্তীণ হৈ ৩ খনত জয়লাভ কৰি অষ্টম স্থানত আছে মায়ংক আগৰৱালৰ নেতৃত্বৰ পঞ্জাৱ কিংছ । বৃহস্পতিবাৰে পৰৱৰ্তী মেচত অৱৰ্তীণ হ’ব মুম্বাই ইণ্ডিয়ানছ বনাম চেন্নাই ছুপাৰ কিংছ । আন এখন হাই ভল্টেজ মেচ প্ৰত্যক্ষ কৰিবলৈ উৎকন্ঠিত ক্ৰিকেট বিশ্ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments