Monday, October 3, 2022
HomeNewsক'ভিড মুক্ত হ'ল ভাৰতীয় হকী দলৰ ৬ গৰাকী খেলুৱৈ

ক’ভিড মুক্ত হ’ল ভাৰতীয় হকী দলৰ ৬ গৰাকী খেলুৱৈ

অলিম্পিয়াৰ প্ৰতিবেদন

চলিত মাহৰ প্ৰথমভাগত ক’ভিড-১৯ ত আক্ৰান্ত হোৱা ভাৰতীয় হকী খেলুৱৈসকল বৰ্তমান ক’ভিড মুক্ত। ভাৰতীয় হকী দলৰ মনপ্ৰীত সিং, সুৰেন্দ্ৰ কুমাৰ, মনদ্বীপ সিঙকে ধৰি মুঠ ৬ গৰাকী খেলুৱৈয়ে ছাইৰ ৰাষ্ট্ৰীয় শিবিৰত যোগদান কৰিবলৈ যোৱাৰ পিছতে ক’ভিডত আক্ৰান্ত হয় আৰু ৬ গৰাকীকে বেংগালুৰুৰ এক হাস্পতালত চিকিৎসা প্ৰদান কৰা হয়। বৰ্তমান আটাইকেইগৰাকী খেলুৱৈ ক’ভিড-১৯ ৰ পৰা মুক্ত হোৱাত তেওঁলোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হৈছে আৰু তেওঁলোক বেংগালুৰুস্থিত ছাইৰ ৰাষ্ট্ৰীয় শিবিৰতে কোৱাৰেণ্টাইন হৈ আছে। চিকিৎসকে জনোৱা অনুসৰি ১০ দিনৰ পিছত তেওঁলোকৰ পুনৰ এণ্টি ব’ডী টেষ্ট কৰা হ’ব।

ৰাষ্ট্ৰীয় শিবিৰত বৰ্তমান সকলো খেলুৱৈ বাহৰ পাতি থকাৰ বাবে ক’ভিডত আক্ৰান্ত হৈ মুক্ত হোৱা আটাইকেইগৰাকী খেলুৱৈকে ছাইৰ ৰাষ্ট্ৰীয় শিবিৰৰ হোষ্টেলৰ গ্ৰাউণ্ড ফ্ল’ৰত ৰখা হৈছে। যাতে তেওঁলোকৰ সংস্পৰ্শলৈ আন খেলুৱৈ নাহে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে‌।

জানিব পৰা মতে আজিৰে পৰা অৰ্থাৎ ১৯ আগষ্টৰ পৰা পুৰুষ আৰু মহিলা উভয় হকী দলৰে শাৰীৰিক কচৰৎ আৰু অনুশীলন আৰম্ভ হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments