Tuesday, October 4, 2022
HomeNewsকমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত হেমফু, সুৰজ, নিছাদৰ পদক জয়

কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত হেমফু, সুৰজ, নিছাদৰ পদক জয়

অলিম্পিয়া প্ৰতিবেদন

ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত দশম কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত অসমৰ তিনিগৰাকী কাৰাটেকাই পদক অৰ্জন কৰিছে ৷ ৯ ছেপ্টেম্বৰ, শুকুৰবাৰে দ্বিতীয় দিনালৈকে অসমৰ কাৰাটেকাসকলে এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে ৷ অসমৰ সুৰজ কোঁৱৰে কেডেট ল’ৰা কুমিটে ৫৭ কেজি অনূদ্ধৰ্ত ৰূপৰ পদক অৰ্জন কৰে ৷ কেডেট ল’ৰাৰ ব্যক্তিগত কাটাত হেমফু বংজাঙে ব্ৰঞ্জৰ পদক আৰু ছিনিয়ৰ পুৰুষৰ কুমিটে ৭৫ কেজি অনূৰ্দ্ধ শাখাত নিছাদ আলীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে ৷ কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেছন [কে আই অ’]ৰ বেনাৰত ভাৰতীয় দলত স্থান লাভ কৰিছে অসমৰ মুঠ ছগৰাকী খেলুৱৈয়ে ৷ তেওঁলোকৰ ভিতৰত ৱাছিমা আখতাৰ আৰু ইৰফান হবিবে এতিয়াও অভিযান আৰম্ভ কৰিবলৈ বাকী আছে ৷ ২১ খন কমনৱেলথ দেশৰ প্ৰায় ১০০০ কাৰাটেকাই অংশ লোৱা এই চেম্পিয়নশ্বিপত ভাৰতে ২৫ টা পদক এই পৰ্যন্ত লাভ কৰিছে ৷ ইয়াৰ ভিতৰত আছে ৩ টা সোণ, ৮ টা ৰূপ আৰু ১৪ টা ব্ৰঞ্জৰ পদক ৷ পদক তালিকাৰ পঞ্চম স্থানত আছে ভাৰত ৷ এই প্ৰতিযোগিতা অহা ১১ ছেপ্টেম্বৰত অন্ত পৰিব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments