Wednesday, August 10, 2022
HomeNewsকমনৱেলথ গেমছত ভাৰতৰ পদকৰ সংখ্যা ১৮ টালৈ বৃদ্ধি

কমনৱেলথ গেমছত ভাৰতৰ পদকৰ সংখ্যা ১৮ টালৈ বৃদ্ধি

কমনৱেলথ গেমছত ভাৰতৰ পদকৰ সংখ্যা ১৮ টালৈ বৃদ্ধি

অলিম্পিয়া প্ৰতিবেদন: কমলৱেলথ গেমছত ভাৰতৰ জয়যাত্রা অব্যাহত । এই পৰ্যন্ত ভাৰতৰ পদকৰ সংখ্যা ১৮ টালৈ বৃদ্ধি । বৃহস্পতিবাৰে দৌৰৰ ট্ৰেকত নামিব হিমা দাস । কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত লাভলীনা ।

ইংলেণ্ডৰ বাৰ্মিংহামত সগৌৰৱেৰে অব্যাহত আছে কমলৱেলথ গেমছ ২০২২ । সমগ্ৰ দেশবাসীৰ দৃষ্টি নিৱদ্ধ আছে হিমা দাসৰ ওপৰত । কাৰণ বৃহস্পতিবাৰে বিয়লি ৩ বজাত ট্ৰেকত পদকৰ যুঁজত নামিব ধিং এক্সপ্ৰেছ হিমা দাস । ইফালে বুধবাৰে নিশা বাৰ্মিংহামৰ পৰা আহিল দু:খজনক খবৰ । কোৱাৰ্টাৰ ফাইনেলত ৰজি একলেছৰ বিৰুদ্ধে পৰাভূত হ’ল অলিম্পিক পদকজয়ী লাভলীনা বৰগোঁহাই । ২-৩ প‌ইণ্টৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছতেই কমলৱেলথৰ পৰা বিদায় ল’ব লগা হ’ল বজ্ৰকন্যাই । এনে আশা – প্ৰত্যাশাৰ মাজতো আছে কিছু ভাল খবৰ । বুধবাৰ পৰ্যন্ত ভাৰতে লাভ কৰিছে মুঠ ১৮ টা পদক । বুধবাৰক দিনটোত ভাৰতে অৰ্জন কৰিলে মুঠ ৫ টাকৈ পদক । এই পৰ্যন্ত লাভ কৰা মুঠ ১৮ টা পদকৰ ভিতৰত ৫ টা স্বৰ্ণ, ৬ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জ ।

কমলৱেলথ গেমছত ভাৰতৰ চতুৰ্দশটো সফলতা আহিল ভাৰোত্তোলনৰ পৰা

লভপ্ৰীত সিঙে অৰ্জন কৰিলে ব্ৰঞ্জৰ পদক । সেইদৰে স্কোৱাছ মেনছ ছিংগলছত ব্ৰঞ্জ অৰ্জন কৰিছে সৌৰভ ঘোষালে । ষষ্ঠদশ পদকটো আহিল জুডোৰ পৰা । জুডোৰ মহিলা শাখাত ৰূপ লাভ কৰিছে তুলিকা মনে । ভাৰতৰ হৈ ভাৰোত্তোলনৰ জৰিয়তে সপ্তদশ পদক অৰ্জন কৰিলে গুৰুদীপ সিঙে । তেওঁ বাৰ্মিংহামত দখল কৰিলে ব্ৰঞ্জৰ পদক । আনহাতে এথলেটিকছৰ যোগেদি ভাৰতৰ অষ্টাদশ সফলতাটো আহিল । পুৰুষৰ হাই জাম্পত ব্ৰঞ্জ দখল কৰিছে তেজস্বীন শংকৰে ।
সমান্তৰালভাৱে বিশ্ব চেম্পিয়ন নিখাত জাৰিনে কমলৱেলথ গেমছত দাঙি ধৰিছে দুৰ্দান্ত ক্ৰীড়া প্ৰৰ্দশন । ছেমিফাইলত প্ৰবেশ কৰিছে তাৰকা বক্সাৰ গৰাকী । ইয়াৰ লগে লগে ৫০ কেজি শাখাত পদক নিশ্চিত কৰিলে নিখাত জাৰিনে । সেইদৰে মহিলা হকীতো অপ্ৰতিৰোধ্য ভাৰতীয় দল । কানাডাক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে ।
বাৰ্মিংহামত অসমৰ এথলীটৰ জয়যাত্রা অব্যাহত আছে । লনবলৰ দলীয় শাখাত স্বৰ্ণ জয় কৰা নয়নমণি শইকীয়াই মহিলাৰ পেয়াৰ্ছতো দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিছে । আনহাতে লনবলৰ পুৰুষৰ ছিংগলছত অগ্ৰগতি লাভ কৰিছে অসমৰ মৃদুল বৰগোঁহায়ে ।

উল্লেখযোগ্য যে, মুঠ ১৮ টা পদক লাভেৰে পদকৰ তালিকাত ভাৰতে অৱস্থান কৰিছে সপ্তম স্থানত । এনেদৰে আশা – প্ৰত্যাশাৰ মাজেৰে পদকৰ যুঁজত নামিছে ভাৰতীয় এথলীট । ক্ৰীড়া অনুৰাগীৰ আশা —- ভাৰতে বাৰ্মিংহামত অৰ্জন কৰক অভিলেখ সংখ্যক পদক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve + 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments