অলিম্পিয়া প্ৰতিবেদন
সমাগত কমনৱেলথ গেমছৰ বক্সিং ইভেণ্টত প্ৰতিদ্বন্দিতা আগবঢ়াব অসম কন্যা লাভলীনা বৰগোহাঁয়ে ৷ শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত নিৰ্বাচনী ট্ৰায়েলত লাভলীনাই কমনৱেলথ গেমছৰ বাবে ভাৰতীয় দলত স্থান নিশ্চিত কৰে ৷ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ী লাভলীনাৰ লগতে কমনৱেলথ গেমছৰ বাবে স্থান নিশ্চিত কৰিছে বিশ্ব চেম্পিয়ন নিখাত জাৰিনে ৷ বিগত সপ্তাহত দুবাৰৰ অলিম্পিয়ান অসম সন্তান শিৱ থাপাই কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰাৰ পাছত অহা ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ বাৰ্মিংহামত অনুষ্ঠিত হ’ব লগা কমনৱেলথ গেমছৰ বক্সিং ইভেণ্টত অসমৰ দুগৰাকী বক্সাৰক দেখা যাব ৷ ট্ৰায়েলত লাভলীনাই ভাৰতীয় ৰেলৱেৰ বক্সাৰ পূজাক ৭-০ আৰু নিখাতে হাৰিয়ানাৰ মিনাক্ষীক সমসংখ্যাক ব্যৱধানত পৰাস্ত কৰি যোগ্যতা অৰ্জন কৰে ৷ কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰা আন দুগৰাকী মহিলা বক্সাৰ হ’ল ৪৮ কেজিত নিতু আৰু ৬০ কেজিত জেছমিন ৷ দুবাৰৰ য়ুথ বিশ্ব চেম্পিয়ন নিতুয়ে ২০১৯ ৰ ৰূপৰ পদক বিজয়ী মঞ্জুৰাণীক ৫-২ পইণ্টত পৰাস্ত কৰে ৷ ইফালে ২০২১ ৰ এছিয়ান য়ুথ বক্সিং চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী জেছমিনে ২০২২ ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজয়ী পাৰবিন হুদাক সম্পূৰ্ণৰূপে পৰাস্ত কৰি স্থান নিশ্চিত কৰে ৷ কমনৱেলথ গেমছত ভাৰতীয় মহিলা বক্সিং দলক প্ৰতিনিধিত্ব কৰিব লগা ভাৰতৰ বক্সাৰ কেইগৰাকী হ’ল– নিতু [৪৮ কেজি], নিখাত জাৰিন [৫০ কেজি], জেছমিন [৬০ কেজি] আৰু লাভলীনা বৰগোহাঁই [৭০ কেজি] ।