Monday, July 4, 2022
HomeNewsকমনৱেলথ গেমছৰ ভাৰতীয় এথলেটিকছ দলত স্থান নাপালে পুৰুষৰ ২০০ মিটাৰ দৌৰত...

কমনৱেলথ গেমছৰ ভাৰতীয় এথলেটিকছ দলত স্থান নাপালে পুৰুষৰ ২০০ মিটাৰ দৌৰত ৰাষ্ট্ৰীয় অভিলেখধাৰী অম্লান বৰগোহাঁয়ে, ৰিলে দলত অংশ ল’ব হিমা দাসে

অলিম্পিয়া প্ৰতিবেদন

সদ্যসমাপ্ত ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপত ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত স্বৰ্ণ পদকেৰে উজলি উঠা অসমৰ অম্লান বৰগোহাঁই সমাগত কমনৱেলথ গেমছত নাথাকিব ৷ হ্ৰস্ব দূৰত্বৰ দৌৰত গল্ডেন ডাবোল অৰ্জন কৰা অম্লান হ’ল পুৰুষৰ ২০০ মিটাৰ দৌৰত ৰাষ্ট্ৰীয় অভিলেখ¸ধাৰী ৷ তথাপি কমনৱেলথ গেমছৰ বাবে ভাৰতীয় এথলেটিকছ ফেডাৰেচনে ধাৰ্য কৰা যোগ্যতা নিৰ্ণায়ক মানত উপনীত হ’ব নোৱাৰাৰ বাবেই তেওঁ বাৰ্মিংহামত হ’ব লগা কমনৱেলথ গেমছত অংশগ্ৰহণ কৰাৰ পৰা বঞ্চিত হয় ৷ অৱশ্যে অম্লান ব্যৰ্থ হ’লেও অসমৰ মহিলা দৌৰবিদ হিমা দাস এই দিশত সৌভাগ্যবান ৷ ব্যক্তিগত ইভেণ্ট নহয়, হিমাই মহিলাৰ ৪× ১০০ মিটাৰ ৰিলে দলৰ হৈ কমনৱেলথ গেমছত অংশগ্ৰহণ কৰাৰ বাবে নিৰ্বাচিত হৈছে ৷ ভাৰতীয় এথলেটিকছ ফেডাৰেচনে বৃহস্পতিবাৰে এই গেমছৰ বাবে অলিম্পিকত স্বৰ্ণ পদক জয়ী জেভেলিন থ্ৰৱাৰ নীৰজ চোপ্ৰাৰৰ নেতৃত্বত ভাৰতৰ ৩৭ জনীয়া দলৰ নাম ঘোষণা কৰিছে ৷ অৱশ্যে ঘোষিত খেলুৱৈসকলৰ ফৰ্ম আৰু ফিটনেছ এই দুটা গুৰুত্বপূৰ্ণ বিষয় হ’ব ৷ নিৰ্বাচিত ৩৭ গৰাকী খেলুৱৈৰ ভিতৰত আছে ১৮ গৰাকী মহিলা খেলুৱৈ ৷ ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ সভাপতি আদিল ছুমেৰীৱালাই জনোৱা অনুসৰি অহা ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুস্থিত হ’ব লগা কমনৱেলথ গেমছৰ পূৰ্বে নিৰ্বাচিত খেলুৱৈসকলক আমেৰিকা যুক্তৰাষ্ট্ৰৰ চুলা ভিষ্টালৈ প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা হ’ব ৷ মহিলাৰ ৰিলে দলত হিমা দাসৰ লগতে স্থান লাভ কৰিছে তাৰকা দৌৰবিদ দ্যুতি চান্দ ৷ নিৰ্বাচিত হোৱাৰ পাছতো কিছু খেলুৱৈয়ে বাৰ্মিংহাম গেমছৰ পূৰ্বে ফৰ্ম আৰু ফিটনেছৰ প্ৰমাণ দিব লাগিব ৷ প্ৰবীণ ডিছকাছ থ্ৰৱাৰ সীমা পুনিয়াক পূৰ্বৰ প্ৰদৰ্শনৰ ভিত্তিত পঞ্চম কমনৱেলথ গেমছৰ বাবে সুযোগ দিয়া হৈছে ৷ অৱশ্যে আমেৰিকাৰ প্ৰতিযোগিতাত তেওঁ যোগ্যতা নিৰ্ণায়ক মানত উপনীত হ’ব লাগিব ৷ লক্ষ্যণীয় যে সীমা পুনিয়াই বিগত ৪ বাৰৰ কমনৱেলথ গেমছৰ প্ৰতিখনতে এটাকৈ পদক লাভ কৰিছে ৷ সীমা পুনিয়াই যোৱা ১০-১৪ জুনত অনুস্থিত ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা নাছিল ৷ পুনিয়াক উদ্দেশ্য কৰি ছুমেৰীৱালাই কয়, ‘‘কমনৱেলথ আৰু এছিয়ান গেমছত পূৰ্বৰ ফলাফলৰ কথা বিবেচনা কৰি আমি তেওঁক আমেৰিকাত প্ৰশিক্ষণ আৰু প্ৰতিযোগিতা কৰিবলৈ অনুমতি দিছো ৷ অৱশ্যে আমেৰিকাৰ প্ৰদৰ্শনৰ ওপৰত তেওঁৰ কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা কথাটো নিৰ্ভৰ কৰিছে ৷” হাইজাম্পত ৰাষ্ট্ৰীয় অভিলেখধাৰী তেজস্বীন শংকৰে ২.২৭ মিটাৰ অতিক্ৰম কৰি যোৱা সপ্তাহত আমেৰিকাৰ এন চি এ এ আউটড’ৰ ট্ৰেক এণ্ড ফিল্ড চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰিলেও তেওঁক কমনৱেলথ গেমছৰ বাবে বিবেচনা কৰা নহ’ল ৷ কাৰণ ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক প্ৰতিযোগিতাত তেওঁ অংশ লোৱা নাছিল বা ইয়াৰ বাবে কোনো কাৰণো দৰ্শোৱা নাছিল ৷ মাত্ৰ ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক প্ৰতিযোগিতাত অংশ নোলোৱাৰ বাবে কাৰণ দৰ্শোৱা তিনি গৰাকী এথলীট– নীৰজ চোপ্ৰা, অবিনাশ ছাবলে আৰু সীমা পুনিয়াক বিবেচনা কৰা হৈছে ৷ অবিনাশ ছাবলেই স্টেপলচেজৰ ৩,০০০ মিটাৰ আৰু ৫,০০০ মিটাৰ দুয়োটা ইভেণ্টতে ৰাষ্ট্ৰীয় অভিলেখ থকাৰ বাবে কমনৱেলথ গেমছত প্ৰতিদ্বন্দিতা কৰিব ৷ এপ্ৰিলত অনুস্থিত ফেডাৰেচন কাপত স্বৰ্ণ জয়ী তামিলনাডুৰ লং জাম্পাৰ জেছউইন এলড্ৰিনক ধাৰাবাহিকতা নথকাৰ বাবে তেওঁক ভাৰতীয় দলত স্থান দিয়া নহ’ল ৷
কমনৱেলথ গেমছৰ বাবে ঘোষিত প্ৰাথমিক তালিকাখন —

পুৰুষ দল : অবিনাশ চেবল (৩০০০ মিটাৰ, ৫০০০ মিটাৰ ষ্টেপলচেজ), আমোজ জেকব, মোৱা নিৰ্মল টম, আৰোকিয়া ৰাজীৱ, মহম্মদ আজমল, নগন্থন পাণ্ডী, ৰাজেশ ৰমেশ (৪x৪০০ মিটাৰ ৰিলে); নিতেন্দৰ ৰাৱট (মাৰাথন); মনু দীপ, নীৰজ চোপ্ৰা, ৰোহিত যাদৱ (জেভেলিন থ্ৰ’); এম শ্ৰীশংকৰ, মহম্মদ অনিছ য়াহ্যা (লং জাম্প); আব্দুল্লা আবুবাকৰ, প্ৰবীণ চিত্ৰাভেল, এলধোছ পল (ট্ৰিপল জাম্প); সন্দীপ কুমাৰ, অমিত (১০ কিলোমিটাৰ খোজ)

মহিলা দল : ধনলক্ষ্মী (১০০ মিটাৰ, ৪x১০০ মিটাৰ ৰিলে); জ্যোতি ইয়াৰাজী (১০০ মিটাৰ হাৰ্টজেট); মনপ্ৰীত কৌৰ (শ্বট পুট), অনু ৰাণী (জেভেলিন থ্ৰ’); ঐশ্বৰ্য বি (লং জাম্প, ট্ৰিপল জাম্প); আনছী সোজন (লং জাম্প); ভাবনা জাট, প্ৰিয়ংকা গোস্বামী (১০ কিলোমিটাৰ খোজ); হিমা দাস, দ্যুতি চান্দ, শ্ৰাৱণী নন্দা, ঝিলনা এম ভি, চিমি এন এছ (৪x১০০ মিটাৰ ৰিলে)

চৰ্তসাপেক্ষ প্ৰৱেশ: তাজিন্দৰ পাল সিং তুৰ (শ্বট পুট), নৱজিৎ কৌৰ আৰু সীমা পুনিয়া (ডি
ডিছকাছ থ্ৰ’), সৰিতা আৰ সিং আৰু মঞ্জু বালা দেৱী (হামাৰ থ্ৰ’) আৰু শিল্পা ৰাণী (জেভেলিন থ্ৰ’) ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments