Thursday, July 7, 2022
HomeNewsকম দামত বিলাসী ঘড়ী পোৱাৰ আশাত পণ্টে হেৰুৱালে কোটি টকা

কম দামত বিলাসী ঘড়ী পোৱাৰ আশাত পণ্টে হেৰুৱালে কোটি টকা

কম দামত বিলাসী ঘড়ী পোৱাৰ আশাত পণ্টে হেৰুৱালে কোটি টকা

অলিম্পিয়াৰ প্ৰতিবেদন: দিন বেয়া চলিছে ঋষভ পণ্টৰ । আই পি এলৰ প্লে’ অফত প্ৰৱেশত ব্যৰ্থ হোৱা দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পণ্টকে দলটোৰ ব্যৰ্থতাৰ বাবে মূল জগৰীয়া কৰা হৈছে । উইকেটকীপাৰ আৰু অধিনায়ক হিচাপে আই পি এল-২০২২ত দিল্লী কেপিটেলছৰ অন্তিমখন মেচত চূড়ান্তভাৱে ব্যৰ্থ হোৱা পণ্ট এইবাৰ ১.৬৩ কোটি টকা হেৰুৱাই পুনৰ চৰ্চাৰ মাজলৈ আহিছে ।

বিলীসী ঘড়ী কম মূল্যত ক্ৰয় কৰিবলৈ গৈ এই বৃহৎ পৰিমাণৰ ধন হেৰুৱালে পণ্টে । পণ্টক এইদৰে প্ৰতাৰণা কৰিলে আকৌ সমগোত্ৰীয় এজন প্ৰতাৰকে । হাৰিয়ানাৰ প্ৰাক্তন ক্ৰিকেটাৰ মৃংক সিঙে পণ্টক বিলাসী ঘড়ী কম মূল্যত যোগান ধৰাৰ নামত এইদৰে ১.৬৩ কোটি টকাৰ প্ৰতাৰণা কৰিছে ।

আৰু অধিক পঢ়ক

এইগৰাকী প্ৰতাৰক আকৌ বৰ্তমান মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ আছে । এগৰাকী ব্যৱসায়ীক ৬ লাখ টকা প্ৰতাৰণা কৰাৰ অভিযোগত দোষী হৈ তেওঁ কাৰাগাৰৰ বন্ধ কুঠৰীত আৱদ্ধ ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

বাতৰি অনুসৰি ঋষভ পণ্টক অতি কম মূল্যত কোটি টকীয়া বিলসী ঘড়ী দিয়াৰ প্ৰলোভন দি মৃংক সিঙে তেওঁৰ ফান্দত পেলাইছিল । মৃংকৰ প্ৰলোভনত পৰি পণ্টে ফ্ৰেংল ম্যুলাৰ ভনগাৰ্ড ছিৰিজৰ ক্ৰেজি কালাৰ ঘড়ী ৩৬ লাখ ২৫ হেজাৰ টকাত আৰু ৰিচাৰ্ড মিলি ঘড়ী ৬২ লাখ ৬০ হেজাৰ টকাত ক্ৰয় কৰিব বিচাৰিছিল । ইয়াৰ বাবে, পণ্টে আগতীয়া ধনো পৰিশোধ কৰিছিল ।

ঋষভ পন্তৰ সৈতে, তেওঁৰ মেনেজাৰ পুনিত চোলাঙ্কীয়েও মৃংকৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছে । চোলাঙ্কিৰ মতে, মৃঙ্কে বাউন্স চেকৰ জৰিয়তে তেওঁক প্ৰতাৰণা কৰিছিল । ঋষভ পণ্টৰ অভিযোগ অনুসৰি, মৃংক সিঙে ২০২১ চনৰ জানুৱাৰীত তেওঁক কম দামত ব্যয়বহুল বিলাসী ঘড়ী দিয়াৰ নামত প্ৰতাৰণা কৰিছিল ।

অভিযোগটোত কোৱা হৈছিল যে, মৃঙ্কে পণ্টক বিলাসী ঘড়ী, বেগ আৰু গহনা ক্ৰয় আৰু বিক্ৰী কৰাৰ ব্যৱসায় আৰম্ভ কৰাৰ বিষয়ে কৈছিল । এই ক্ষেত্ৰত মৃংকে পণ্টৰ বিশ্বাস আদায় কৰিবলৈ আন কেইবাজনো ক্ৰিকেটাৰৰ বিষয়ে কৈছিল — যিসকলে তেওঁক বিশ্বাসত ল’বলৈ তেওঁৰ পৰা বস্তু ক্ৰয় কৰিছিল ।

মৃঙ্কে ঋষভ পণ্ট আৰু তেওঁৰ মেনেজাৰক কৈছিল যে তেওঁ অতি কম দামত বিলাসী ঘড়ী আৰু অন্যান্য বস্তু পাব পাৰে । এনেদৰে বিলাসী ঘড়ী কম মূল্যত পাবলৈ আগতীয়া ধন পৰিশোধৰ প্ৰয়োজন ।

সেই অনুসৰি পণ্টে আগতীয়াকৈ ধনো পৰিশোধ কৰিলে । ইয়াৰ উপৰি পণ্টে মৃংকক পুনৰ বিক্ৰীৰ বাবে প্ৰায় ৬৬ লাখ টকাৰ বিলাসী সামগ্ৰী আৰু গহনাও দিছিল ।

হাৰিয়ানাৰ প্ৰাক্তন ক্ৰিকেটাৰ মৃংকৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ এইয়াই নতুন নহয় । পূৰ্বেও তেওঁ বহুতকে প্ৰতাৰণা কৰিছে । মে’ মাহৰ আৰম্ভণিতে এজন ব্যৱসায়ীক ৬ লাখ টকাৰ প্ৰতাৰনা কৰাৰ অভিযোগত মৃংকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল । তেওঁৰ বিৰুদ্ধে এজন চলচ্চিত্ৰ পৰিচালক আৰু কেইবাখনো হোটেলক প্ৰতাৰিত কৰাৰো অভিযোগ আছে । ইয়াকে কোৱা হয় — লোভেই পাপ আৰু পাপেই মৃত্যু ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments