Wednesday, August 10, 2022
HomeNewsকলকলতা ইনড'ৰ ষ্টেডিয়ামত  সামৰণি পৰিল সদৌ অসম ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা

কলকলতা ইনড’ৰ ষ্টেডিয়ামত  সামৰণি পৰিল সদৌ অসম ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা

কলকলতা ইনড’ৰ ষ্টেডিয়ামত সামৰণি পৰিল সদৌ অসম ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন: এজাক উদীয়মান শ্বাটলাৰৰ দূৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন । বেডমিন্টন হট শ্বটত জীপাল গুৱাহাটীৰ কলকলতা ইনড’ৰ ষ্টেডিয়াম । সামৰণি পৰিল সদৌ অসম ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা। ১ আগষ্টৰ পৰা গুৱাহাটীত আৰম্ভ হোৱা পাঁচদিনীয়া সদৌ অসম অসম ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা শুক্ৰবাৰে সফল সামৰণি ঘটিল । গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত তথা অসম বেডমিণ্টন সন্থাৰ সহযোগত নেহৰু ষ্টেডিয়ামৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত আয়োজিত প্ৰতিযোগিতাখনত ৩৩ খন জিলাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিলে ।

আৰু অধিক পঢ়ক

১১ বছৰৰ পৰা ১৯ বছৰ অনূৰ্ধৰ আৰু ছিনিয়ৰ লৰা ছোৱালী উভয় শাখাত শ্ৰেষ্ঠত্বৰ দৌৰত অৱতীৰ্ণ হ’ল খেলুৱৈসকল । ভিন্ন বয়সৰ বয়জ ছিংগলছ, বয়জ ডাবোলছ, গালৰ্ছ ছিংগলছ আৰু গালৰ্ছ ডাবোলছ শাখাত উজলি উঠিল কেইবাগৰাকীও উদীয়মান প্ৰতিভা ।

মহিলা ছিংগলছত জিলিকিল গুৱাহাটীৰ ৰিকশীতা চলিহা । সেইদৰে, ১৩ বছৰ অনূৰ্ধৰ গালৰ্ছ ডাবোলৰ্ছৰ ফাইনেলত উজলিল শিৱসাগৰৰ ভৱিষ্য চাংমাই আৰু যোৰহাটৰ সুৰ্দশিনী গগৈ । ১৫ বছৰ অনূৰ্ধৰ বয়ছ ছিংগলছত চেম্পিয়ন হল শিৱসাগৰৰ তুষাৰ শইকীয়া । ১৫ বছৰ অনূৰ্ধৰ গালৰ্ছ ছিংগলছৰ ফাইনেলত শ্ৰেষ্ঠ হ’ল শিৱসাগৰৰ শান্তিপ্ৰিয়া হাজৰিকা । ১৫ বছৰ অনূৰ্ধৰ বয়ছ ডাবোলছত শ্ৰেষ্ঠত্বৰ গৌৰৱ কঢ়িয়াই আনিছে শিৱসাগৰৰ মনাছ বৰগোঁহাই আৰু তুষাৰ শইকীয়াই ।

আনহাতে ১৭ বছৰ অনূৰ্ধৰ বয়ছ ছিংগলছ আৰু গালৰ্ছ ছিংগলছত চেম্পিয়ন হল ক্ৰমে শিৱসাগৰৰ অনিমেষ গগৈ আৰু শিৱসাগৰৰ মণিকৰ্ণিকা গগৈ । সেইদৰে ১৭ বছৰ অনূৰ্ধৰ বয়ছ ডাবোলছত দুৰ্দান্ত প্ৰদৰ্শনৰে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে শিৱসাগৰক শুভাংকৰ দত্ত আৰু লখিমপুৰৰ যশদীপ গগৈয়ে । তদুপৰি ১৯ বছৰ অনূৰ্ধৰ বয়ছ ছিংগলছ আৰু গালৰ্ছ ছিংগলছত পদক লাভেৰে উজলি উঠিল ক্ৰমে শিৱসাগৰৰ হিমানেষ শেখৰ দাস আৰু শিৱসাগৰৰ শান্তিপ্ৰিয়া হাজৰিকা ।

পদক প্ৰাপ্ত খেলুৱৈসকলক অভিনন্দন জনাইছে গুৱাহাটী ক্ৰীড়া সন্থাৰ লগতে অসম বেডমিণ্টন সন্থাই । উল্লেখযোগ্য যে, অহা ৭ ৰ পৰা ১১ আগষ্টলৈ কনকলতা ইনড’ৰ ষ্টেডিয়ামতে অনুষ্ঠিত হ’ব আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতা ।

ক্ৰীড়া অনুৰাগীৰ আশা —- উদীয়মান শ্বাটলাৰৰ এই বিজয়ৰ ধাৰা অব্যাহত থাকক । স্ব প্ৰতিভাৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্রলৈ ধাবিত হওঁক অসমৰ বেডমিন্টনৰ ক্ৰীড়া প্ৰতিভা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments