Wednesday, August 10, 2022
HomeNewsকলকাতাত জিলিকিল অসমৰ কৰাটেকা

কলকাতাত জিলিকিল অসমৰ কৰাটেকা

কলকাতাত জিলিকিল অসমৰ কৰাটেকা

অলিম্পিয়া প্ৰতিবেদন: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ কাৰাটে খেলুৱৈৰ দূৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন । কলকাতাত জিলিকিল অসমৰ কৰাটেকা। তিনিটা সোণসহ মুঠ ৯ টা পদক দখল ।

যোৱা ৩০ আৰু ৩১ জুলাইত কলকাতাত হৈ যোৱা ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত উজলিল অসমৰ খেলুৱৈ । প্ৰশিক্ষক বিপুল ঠাকুৰীয়াৰ তত্বাৱধানত যোৱা গুৱাহাটীৰ ইণ্টাৰনেচনেল চিটো -ৰিও কাৰাটে-ডো স্কুলৰ ৯ গৰাকী খেলুৱৈয়ে আজুৰি আনিলে ৯ টাকৈ পদক ।

ইয়াৰে ৩ টা সোণ , ৪ টা ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদক দখলেৰে অসমলৈ কঢ়িয়াই আনিলে গৌৰৱ । সোণৰ পদক লাভ কৰা খেলুৱৈ কেইগৰাকী হৈছে— সৌৰভ কুমাৰ হালৈ , ৰোহিত কুমাৰ হালৈ আৰু জিন্টু কুমাৰ দাস । আনহাতে মৃগাংক কুমাৰ নাথ, বিবেক তালুকদাৰ , কৃষ্ণা দাস আৰু বিশ্বজিত দাসে লাভ কৰিছে ৰূপৰ পদক । মিলনজ্যোতি নাথ আৰু ধিমন বৰ্মনে লাভ কৰে ব্ৰঞ্জৰ পদক । এই সাফল্যৰ বাবে প্ৰশিক্ষক বিপুল ঠাকুৰীয়াৰ লগতে গুৱাহাটী ইণ্টাৰনেচনেল চিটো -ৰিও
কাৰাটে-ডো স্কুলৰ বিষয়বীয়াসকলে খেলুৱৈসকলক অভিনন্দন জনাইছে । ক্ৰীড়াপ্ৰমীৰ আশা— অসমৰ কাৰাটেকাই এই সমৰকলাৰ জড়িয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক উন্নত প্ৰদৰ্শন কৰক । অলিম্পিক পৰ্যায়তো সফল হ‌ওক অসমৰ খেলুৱৈ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments