Thursday, July 7, 2022
HomeNewsকলকাতাত তেজপুৰৰ এমেচাৰ টাইকোৱানডো একাডেমীৰ সাফল্য

কলকাতাত তেজপুৰৰ এমেচাৰ টাইকোৱানডো একাডেমীৰ সাফল্য

 

অলিম্পিয়া প্ৰতিবেদন

কলকাতাত জিলিকিল অসমৰ টাইকোৱানডো খেলুৱৈ । তেজপুৰৰ এমেচাৰ টাইকোৱানডো একাডেমীৰ সাফল্য । স্বৰ্ণসহ ৩১ টা পদক অৰ্জনৰে গৌৰৱ কঢ়িয়াই আনিলে অসমলৈ ।

যোৱা ১৯ জুনৰ পৰা ১৩ জুনলৈ কলিকাতাৰ দাসনগৰ আলামোহন দাস ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় দ্বিতীয় অপেন ৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপ ২০২২ তথা ইণ্ডিয়া প্ৰগেছিভ কাপ । নকআউট টাইকোৱানডো একাডেমী ইণ্ডিয়াই আয়োজন কৰিছিল এই প্ৰতিযোগিতা। অসমৰ বিভিন্ন জিলাৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰাৰ লগতে অংশগ্ৰহণ কৰিলে তেজপুৰৰ এমেচাৰ টাইকোৱানডো একাডেমীৰ ২৬ জন খেলুৱৈয়ে । প্ৰায় ৩৫ খন ৰাজ্যৰ খেলুৱৈৰ সমাবেশ ঘটা এই প্ৰতিযোগিতাত তেজপুৰৰ দলটোৱে বিভিন্ন ইভেন্টত মুঠ ৩১ টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ১৩ টা স্বৰ্ণ, ১৬ টা ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদক । ইফালে, তেজপুৰ এমেচাৰ টাইকোৱানডো একাডেমীৰ হৈ যোৱা ৯ বছৰীয়া উদীপ্ত বৈশ্যই দাঙি ধৰিলে উন্নত প্ৰদৰ্শন । ল’ৰাৰ ছাব জুনিয়ৰত উদীপ্তই অংশগ্ৰহণ কৰি আঁজুৰি আনিলে স্বৰ্ণ পদক । ৰাষ্ট্ৰীয় পৰ্যায়ত কণমাণি কিশোৰ গৰাকীৰ এয়া প্ৰথমটো পদক । উদীপ্ত বৈশ্য হৈছে শোণিতপুৰ শিশু বিকাশ একাডেমীৰ তৃতীয় শ্ৰেণীৰ ছাত্র । উল্লেখযোগ্য যে, তেজপুৰ এমেচাৰ টাইকোৱানডো একাডেমীৰ পৰা যোৱা দলটোৰ প্ৰশিক্ষক হিচাপে আছিল উৎপল মণ্ডল আৰু ওম মণ্ডল ।

ৰাষ্ট্ৰীয় পৰ্যায়ত পদক প্ৰাপ্তিয়ে তেজপুৰৰ লগতে অসমক এমেচাৰ টাইকোৱানডো একাডেমীৰ খেলুৱৈয়ে কৰিলে গৌৰৱাম্বিত ।ক্ৰীড়া অনুৰাগীৰ আশা– -উদীয়মান খেলুৱৈসকলৰ এই সফলতাই বিশ্ব ক্ৰীড়াঙ্গনৰ শিখৰ স্পৰ্শ কৰক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments