Sunday, July 3, 2022
HomeNewsকাছমাৰীত প্ৰাইজমানি ফুটবল পূৰ্ণগতিত; কহিগুৰি এফ.চি.ৰ অগ্ৰগতি

কাছমাৰীত প্ৰাইজমানি ফুটবল পূৰ্ণগতিত; কহিগুৰি এফ.চি.ৰ অগ্ৰগতি

নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

নগাঁও জিলাৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সংঘৰ সৌজ্যনত পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত পূৰ্ণগতিত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত কহিগুৰি ফুটবল ক্লাৱে অগ্ৰগতি লাভ কৰিছে। এই প্ৰতিযোগিতাৰ আজিৰ খেলত কহিগুৰি এফ.চি.য়ে মৰিগাঁও জিলাৰ চৰাইবাহী ফুটবল ক্লাৱক ১-০গ’লত পৰাজিত কৰে। বিৰতিলৈকে গ’লশূন্যভাৱে থকা তুমুল প্ৰতিদ্বণ্ডিতামূলক খেলখনৰ ৪৯মিনিটত কহিগুৰি এফ.চি.ৰ হৈ কবিৰাজ সিঙে বিজয়সূচক গ’লটো দিয়ে।আজিৰ খেলখন পৰিচালনা কৰাত ৰেফাৰী সঞ্জীৱ ডেকাৰজাক সহায় কৰে বিষ্ণু বৰদলৈ,সমীৰ বৰদলৈ আৰু কণ্ঠী ৰাজা(চতুৰ্থ)ই। মুঠ-২৯টা দলে যোগদান কৰা এই প্ৰতিযোগিতাৰ শণিবাৰৰ খেলত ৰহঢলা ফুটবল ক্লাৱে মৰিগাঁও জিলাৰ পাঘালি এফ.চি.ৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব বুলি আয়োজক সমিতিৰ সভাপতি স্বৰূপ ডেকা আৰু সম্পাদক প্ৰাঞ্জল ডেকাই জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments