নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন
নগাঁও জিলাৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সংঘৰ সৌজ্যনত পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত পূৰ্ণগতিত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত চকলাঘাট ফুটবল ক্লাৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱাশ কৰিছে। এই প্ৰতিযোগিতাৰ আজি প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলত চকলাঘাট এফ.চি.য়ে মৰিগাঁও জিলাৰ গা খজুৱা ফুটবল ক্লাৱক ১-০গ’লত পৰাজিত কৰে।তুমুল প্ৰতিদ্বণ্ডিতামূলক খেলখনৰ ৪২মিনিটত চকলাঘাট এফ.চি.ৰ হৈ ৰাজা আমফিয়ে বিজয়সূচক গ’লটো দিয়ে। চকলাঘাট ফুটবল ক্লাৱৰ গ’লৰক্ষক তন্ময় হাজৰিকা(কাকু)ই আজি চমকপ্ৰদ খেল প্ৰদৰ্শনৰে ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰে।আজিৰ খেলখন পৰিচালনা কৰাত ৰেফাৰী বিপ্লৱ কোঁৱৰক সহায় কৰে বিষ্ণু বৰদলৈ,সমীৰ বৰদলৈ আৰু কণ্ঠী ৰাজা(চতুৰ্থ)ই। এই প্ৰতিযোগিতাৰ বুধবাৰৰ খেলত কাছমাৰী কোচিং চেণ্টাৰ’এ’ দলে মৰিগাঁও জিলাৰ চাৰিপুনীয়াএফ.চি.ৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব বুলি আয়োজক সমিতিৰ সভাপতি স্বৰূপ ডেকা আৰু সম্পাদক প্ৰাঞ্জল ডেকাই জনাইছে।