Wednesday, July 6, 2022
HomeMiscellaneousকাঞ্চনজংঘাৰ শুভ্ৰ শিখৰে আদৰিলে অসমীয়া যুৱতী মন্টি ৰাজখোৱাক

কাঞ্চনজংঘাৰ শুভ্ৰ শিখৰে আদৰিলে অসমীয়া যুৱতী মন্টি ৰাজখোৱাক

সৌ সিদিনাৰ কথা। সহস্ৰাব্দৰ পঞ্চমটো বছৰত গুৱাহাটীৰ শংকৰদেৱ একাডেমীৰ ছাত্ৰী হিচাপে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল এগৰাকী কিশোৰী। একেখন বিদ্যালয়ৰ পৰাই ২০০৭ চনত তেওঁ সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ ওলাই আহিছিল বিদ্যালয়খনৰ পৰা। পৰৱৰ্তী সময়ত যোৰহাটৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ওলাই আহিল এগৰাকী অভিযন্তা হিচাপে। নাম তেওঁৰ মণ্টি× ৰাজখোৱা। এইগৰাকী অসমীয়া যুৱতী পুনৰ উজলি উঠিল সদ্যবিগত দেওবাৰৰ পুৱা।

২০১৮ চনৰ মে’ মাহৰ ২০ তাৰিখ। সেইদিনা আছিল দেওবাৰ। সেই নিৰ্দিষ্ট দিনটোৰ পুৱাতেই অসমবাসীয়ে পাইছিল আন এটা ভাল খবৰ। কাঞ্চনজংঘাৰ শুভ্ৰ শিখৰত আৰোহণ কৰিলে এগৰাকী অসমীয়া যুৱতীয়ে। এৰা, সেইগৰাকী যুৱতী অভিযন্তাই হ’ল মণ্টি ৰাজখোৱা। তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ উৎপাদন শাখাত কাৰ্যবাহী অভিযন্তা হিচাপে কৰ্মৰত মণ্টি ৰাজখোৱা আছিল কাঞ্চনজংঘা জয় কৰিবলৈ আগবঢ়া ১৫জনীয়া এটা দলৰ সদস্য। এই দলটোত তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চিৰ ৫জন কৰ্মচাৰী অন্তৰ্ভুক্ত হৈছিল। অন্যতম আছিল অসমীয়া যুৱতী অভিযন্তা মণ্টি ৰাজখোৱা। ২০ মে’ৰ পুৱা চুবুৰীয়া দেশ নেপালৰ স্থানীয় সময় অনুসৰি পুৱা ৮.১৫ মিনিটত বিশ্বৰ তৃতীয়টো সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘা জয় কৰিলে মণ্টি ৰাজখোৱাৰ লগতে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ৫জনীয়া দলটোৱে। অ’ এন জি চিৰ মানৱ সম্পদ বিভাগৰ সঞ্চালক ডি ডি মিশ্ৰৰ ব্যক্তিগত উৎসাহ আৰু তৎপৰতাত নিগমে বিগত বছৰটোতেই গঠন কৰিছিল পৰ্বত আৰোহীৰ দল। বিগত বছৰটোত এভাৰেষ্ট জয় কৰিবলৈ ৰাওনা হৈছিল কাঞ্চনজংঘাত উজলি উঠা মণ্টি× ৰাজখোৱা। আগবাঢ়িছিল বহুখিনি, এভাৰেষ্টৰ ৪০০০ মিটাৰ উচ্চতাৰ শিবিৰ পৰ্যন্ত আগবঢ়া মণ্টিয়ে এভাৰেষ্ট জয় কৰিব পৰা নাছিল। কিন্তু এইবাৰ ২০ মে’ৰ সেই দেওবাৰটোৰ পুৱাক সাক্ষী কৰি মণ্টি উঠিল কাঞ্চনজংঘাত। সেইদিনা পুৱা এইগৰাকী অসমীয়া যুৱতীয়ে জ্যোতিপ্ৰসাদৰ উক্তিৰেই যেন চিনাকি দিলে— মই কাঞ্চনজংঘা, তুষাৰ শুভ্ৰ শিৰ ময়েই অভ্ৰভেদী বীৰ। এৰা তুষাৰ শুভ্ৰ শিৰ ভেদি মণ্টি× ৰাজখোৱা সিদিনা যেন নিজেই শুভ্ৰ হৈ গ’ল। মণ্টিৰ দলৰ অ’ এন জি চিৰ বিষয়াসকল আছিল নিৰ্মল কুমাৰ, পংকজ যোশী, পালকেশ জি কালমা আৰু গৌৰৱ কাডিয়ান। এই দলে কাঞ্চনজংঘাত আৰোহণ কৰি গৌৰৱ কঢ়িয়াই অনাৰ পিছৰ দিনটোতেই অৰ্থাৎ ২১ মে’ৰ দুপৰীয়া মূল দলটোৰ দ্বিতীয়টো গোটেও ভৰি থ’লেগৈ কাঞ্চনজংঘাত। অসমীয়া যুৱতী অ’ এন জি চিৰ উৎপাদন শাখাৰ দক্ষ অভিযন্তা মণ্টি ৰাজখোৱালৈ আমিও জনাইছো সশ্ৰদ্ধ অভিনন্দন।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments