কালিৰে পৰা আৰম্ভ হ’ব ভাৰত-ইংলেণ্ডৰ দ্বিতীয় টেষ্ট। প্ৰথমখন টেষ্টত পৰাজিত হোৱাৰ পিছত ঘৰুৱা দলটো ১-০ ত পিছপৰি আছে। প্ৰথমখন টেষ্টত বিজয় সাব্যস্ত কৰি আলহী দলটো আত্মবিশ্বাসী হৈ থকাৰ বিপৰীতে ভাৰতীয় দলটোৰ অধিনায়ক বিৰাট কোহলিয়ে ভাৰতে কিদৰে প্ৰত্যাবৰ্তন কৰিব লাগে জানে বুলি আগতীয়াকৈ মন্তব্য কৰি দলটোলৈ সাহস কঢ়িয়াই আনিছে।
ইতিমধ্যে আত্মবিশ্বাসী আলহী দলটোৱে ঘোষণা কৰিলে দ্বিতীয় টেষ্টৰ বাবে ১২ জনীয়া দলটোৰ নাম। প্ৰকাশিত দলটোৰ পৰা প্ৰথম টেষ্টত খেলা জেমছ এণ্ডাৰচন আৰু ডম বেছ বাহিৰ হৈছে। তেওঁলোকৰ স্থানত দললৈ আহিছে ষ্টুৱাৰ্ড ব’ৰ্ড আৰু মইন আলী।
ইংলেণ্ডৰ ১২ জনীয়া দলটো হ’ল : Joe Root (C), Moeen Ali, Stuart Broad, Rory Burns, Ben Foakes (W), Dan Lawrence, Jack Leach, Ollie Pope, Dom Sibley, Ben Stokes, Olly Stone, Chris Woakes.