Tuesday, October 4, 2022
HomeNewsকাশ্মীৰৰ নাদিয়া নিঘাটৰ জীৱনক নতুন গতি দিছে ফুটবলে

কাশ্মীৰৰ নাদিয়া নিঘাটৰ জীৱনক নতুন গতি দিছে ফুটবলে

কাশ্মীৰৰ নাদিয়া নিঘাটৰ জীৱনক নতুন গতি দিছে ফুটবলে

অলিম্পিয়া প্ৰতিবেদন: কাশ্মীৰৰ নাদিয়া নিঘাটৰ জীৱনক নতুন গতি দিছে ফুটবলে ।
প্ৰিয় ফুটবলটোৰ সৈতে দিন অতিবাহিত নাদিয়াৰ ।

“সপোন পূৰণ কৰিবলৈ মই ৰক্ষণশীলতাৰ শিকলি ভাঙি উলাই আহিছো” —- এই মন্তব্য জম্মু-কাশ্মীৰৰ মহিলা ফুটবলৰ পোষ্টাৰ গাৰ্ল নাদিয়া নিঘাট খানৰ । ২৫ বছৰীয়া নাদিয়া হৈছে ছোৱালী আৰু ল’ৰা উভয়কে ফুটবলৰ দৰে কঠিন খেলৰ প্ৰশিক্ষণ দিয়া কাশ্মীৰ উপত্যকাৰ প্ৰথমগৰাকী মহিলা প্ৰশিক্ষক ।

শ্ৰীনগৰৰ নাতিপোৰাৰ চৰকাৰী ল’ৰাৰ হাইস্কুলত শিক্ষা গ্ৰহণ কৰা নাদিয়াই শৈশৱৰ পৰা ভৰিৰে বস্তু লঠিয়াই ভাল পাইছিল । “মোৰ সন্মুখলৈ অহা সকলো বস্তু মই ইফালে সিফালে লঠিয়াই আনন্দ লাভ কৰিছিলো । ই আছিল দুষ্টামিৰ লগতে এক আনন্দ । কিন্তু লাহে লাহে মই নিজকে আৱিস্কাৰ কৰিছিলো যে মোৰ মাজত ফুটবলৰ প্ৰতিভা আছে” — তেওঁ কয় ।

শৈশৱৰ পৰা ফুটবলাৰ হোৱাৰ সপোন দেখা নাদিয়াৰ বাবে এই যাত্ৰা কেতিয়াও সহজ নাছিল । তেওঁ কয়, “মই মোৰ সন্মুখত থকা প্ৰত্যাহ্বানৰ কথা ভালকৈ জানিছিলোঁ আৰু মই ইয়াৰ বাবে সাজু আছিলো ।” কাশ্মীৰৰ দৰে ৰক্ষণশীল সমাজ ব্যৱস্থাত ১২ বছৰীয়া ছোৱালী এগৰাকীৰ বাবে ফুটবল খেলিবলৈ আগুৱাই অহাতো অত্যন্ত কঠিন সিদ্ধান্ত আছিল । সেই সময়ত তেওঁ আত্মীয়-স্বজন, ওচৰ-চুবুৰীয়া, আনকি নিজৰ পৰিয়ালৰ সদস্যসকলৰ পৰাও ঠাট্টা-মস্কৰা সহ্য কৰিবলগীয়া হৈছিল । “সকলোৱে মোক ঠাট্টা কৰিছিল । তেওঁলোকে মোক সুধিছিল, মই কিয় ল’ৰাবোৰৰ লগত ঘূৰি ফুৰো । মোক কোনে ভাল পাব ?” নাদিয়াই কয় ।

প্ৰথম অৱস্থাত মাক-দেউতাকেও নাদিয়াক উৎসাহিত কৰা নাছিল । আৰ্থিকভাৱে দূৰ্বল পৰিয়ালত জন্মগ্ৰহণ কৰা দৃঢ়মনা ছোৱালীগৰাকীয়ে আনকি শাৰীৰিক নিৰ্যাতনৰো সন্মুখীন হ’বলগীয়া হৈছিল । “মোক বেল্টেৰে মাৰপিট কৰা হৈছিল। মা-দেউতাই কৈছিল — খেলা-ধূলা ছোৱালীৰ বাবে নহয় । মোক বাহিৰলৈ ওলাই যোৱাত বাধা দিয়া হৈছিল । ওচৰ-চুবুৰীয়া আৰু আত্মীয়ৰ পৰা অহা ঠাট্টা-মস্কৰাক মোৰ মা-দেউতাই ভয় কৰিছিল,”—- নাদিয়াই কয় ।

কিন্তু তেওঁ দৃঢ়প্ৰতিজ্ঞ আছিল । শ্ৰীনগৰৰ এখন ফুটবল একাডেমীৰ ৪৭ জন ল’ৰাৰ ভিতৰত তেওঁ আছিল একমাত্ৰ ছোৱালী । শ্ৰীনগৰৰ এ এছ কলেজত একাডেমী চলোৱা মহম্মদ আব্দুল্লাই নাদিয়াৰ প্ৰতিভা চিনাক্ত কৰি তেওঁক ফুটবলৰ আদিপাঠ দিবলৈ আৰম্ভ কৰিছিল । ছোৱালী এজনীয়ে ল’ৰাৰ সৈতে খেলা-ধূলা কৰা কথাটোক সকলোৱে সহজভাৱে লোৱা নাছিল । কিছুমানে ইয়াক আপত্তি কৰিছিল ।

কিন্তু কোনো কথাই নাদিয়াৰ আবেগ আৰু সপোনক বাধা দিব পৰা নাছিল । “মোৰ প্ৰশিক্ষকে যথেষ্ট সহায় কৰিছিল । ময়ো কোনো মুহূৰ্ততে হাৰ মনা নাছিলো । কোনোবাই মোক ঠাট্টা কৰিলে, মই তেওঁলোকক কৈছিলোঁ, খন্তেক অপেক্ষা কৰক, মোৰো সময় আহিব ।”

ফুটবলৰ পথাৰত চমকপ্ৰদ প্ৰদৰ্শনেৰে নাদিয়াই সমালোচকক যোগ্য প্ৰত্যুত্তৰ দিছিল । ল’ৰাৰ বিৰুদ্ধে খেলি তেওঁ ডিফেণ্ডাৰক পৰাস্ত কৰিছিল, গ’ল দিছিল আৰু নিজৰ দলক জয়ী হোৱাত সহায় কৰিছিল । কিন্তু, খেলপথাৰৰ বাহিৰত নাদিয়াৰ জীৱনটো কিছু নিসংগ হৈ পৰিছিল । “মাক-দেউতাকে নিজৰ সন্তানক মোৰ লগত ওলাই আহিবলৈ নিদিয়াৰ বাবে মই বহু বন্ধু হেৰুৱাইছিলো । তেওঁলোকে ভাবিছিল যে মোৰ সৈতে থাকিলে তেওঁলোকৰ ছোৱালীবোৰ নষ্ট হৈ যাব,” তেওঁ কয় । কিন্তু নাদিয়াই সমাজৰ এই ধাৰণা সলনি কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল ।

২০১০ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ নিৰ্বাচিত হোৱাৰ সময়ছোৱা তেওঁৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট আছিল । “অৱশেষত মা-দেউতাই মোক খেলুৱৈ হিচাপে গ্ৰহণ কৰিছিল । কিন্তু, মোৰ বাবে সেয়াই যথেষ্ট নাছিল ৷ মোৰ প্ৰতি সমাজৰ ভুল ধাৰণাবোৰ দূৰ কৰিব বিচাৰিছিলো । মই বিচাৰিছিলো আৰু অধিক ছোৱালীয়ে নিজৰ সপোন সাৰ্থক কৰক,”—– নাদিয়াই কয় ।

সেয়ে, তেওঁ উদীয়মান ল’ৰা-ছোৱালীবোৰক ফুটবলৰ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলে । তেওঁৰ আশা আছিল যে ছোৱালীয়ে খেলা-ধূলা গ্ৰহণ কৰা সম্পৰ্কে সমাজৰ ধাৰণা সলনি কৰিব পাৰিব । যিবোৰ পৰিয়ালে এটা সময়ত নিজৰ ছোৱালীক তেওঁৰ সৈতে ওলাই যাবলৈ দিয়া নাছিল, সেইবোৰেই এতিয়া নিজৰ ল’ৰা-ছোৱালীক নাদিয়াৰ ওচৰত প্ৰশিক্ষণ দিবলৈ আনে ।

“মই তেওঁলোকৰ মানসিকতা সলনি কৰিবলৈ সক্ষম হ’লোঁ । মই এইটো এটা কৃতিত্ব বুলি গণ্য কৰোঁ “—– হাঁহি হাঁহি তেওঁ কয় । অৱশ্যে, নাদিয়াই কেৱল এচাম মানুহৰ মানসিকতা সলনি কৰাতে সন্তুষ্ট থকা নাছিল । তেওঁ নিজকে এগৰাকী ভাল প্ৰশিক্ষক হিচাপে প্ৰমাণ কৰিব বিচাৰিছিল । ২০১৭ চনত চি আৰ পি এফৰ উদ্যোগত অনুষ্ঠিত খেলো কাশ্মীৰ চেম্পিয়নশ্বিপত তেওঁৰ প্ৰশিক্ষণত ল’ৰা আৰু ছোৱালী দুয়োটা দলে পদক লাভ কৰিবলৈ সক্ষম হৈছিল । “প্ৰশিক্ষক হিচাপে এয়া মোৰ বাবে এক গৌৰৱৰ বিষয় আছিল । মোৰ প্ৰশিক্ষণত দল দুটাই পদক লাভ কৰাত মই সন্মান অনুভৱ কৰিছিলো,” — নাদিয়াই কয় ।

বৰ্তমান ক্লাবৰ হৈ খেলাৰ উপৰি কাশ্মীৰ হিৰো এফ চিৰ প্ৰশিক্ষক হিচাপে দায়িত্ব নিৰ্বাহ কৰি থকা নাদিয়াই জম্মু-কাশ্মীৰত আয়োজিত বিভিন্ন শিবিৰত ছোৱালীক প্ৰশিক্ষণ দি আহিছে । ক্ৰমান্বয়ে তেওঁ পুৰুষপ্ৰধান ফুটবল খেলত নাম উজলাবলৈ ধৰিছে ।

উল্লেখ্য যে, নাদিয়াই সম্প্ৰতি ৪০ গৰাকীতকৈও অধিক ল’ৰা-ছোৱালীক প্ৰশিক্ষণ দিয়ে । “মই কেৱল তেওঁলোকক প্ৰশিক্ষণ দিয়াটোৱে যথেষ্ট নহয় । তেওঁলোকে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এখন মঞ্চ লাভ কৰিব লাগিব । সেইটো কাশ্মীৰ উপত্যকাত নোহোৱা হৈছে,”—-নাদিয়াই আক্ষেপেৰে কয় ।

“আমাক ইয়াত আৰু টুৰ্ণামেণ্টৰ প্ৰয়োজন । এখন উপযুক্ত ফুটবল লীগ অনুষ্ঠিত হোৱা উচিত । ক্লাবসমূহে মহিলা দলসমূহক সঠিকভাৱে গঠন কৰিব লাগিব । স্থানীয় একাডেমীবোৰত ছোৱালীৰ দল আছে, কাশ্মীৰ এৰোছতো মহিলাৰ দল আছে, কিন্তু এয়া যথেষ্ট নহয়,” —- তেওঁ কয়।

শ্ৰীনগৰত সম্প্ৰতি পৰিয়ালৰ ৫ জন সদস্যৰ সৈতে থকা নাদিয়া হ’ল পৰিয়ালটোৰ মুখ্য উপাৰ্জনকাৰী । তেওঁৰ মাতৃয়ে এখন স্থানীয় চিকিৎসালয়ত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰে । নাদিয়াই পেছাদাৰী ফুটবলাৰ আৰু প্ৰশিক্ষক হিচাপে উপাৰ্জন কৰা ধনেৰে পৰিয়ালটো চলাই আছে ।

কাশ্মীৰৰ পৰা দেশক প্ৰথমবাৰৰ বাবে প্ৰতিনিধিত্ব কৰিব পৰা প্ৰতিভাৱান ফুটবলাৰ তৈয়াৰ কৰিবলৈ তেওঁ সংকল্পবদ্ধ । “মই এতিয়াও দেশৰ হৈ খেলিব বিচাৰো । যদি মই নিজে নোৱাৰো, তেন্তে প্ৰশিক্ষক হিচাপে এনে এগৰাকী কাশ্মীৰী যুৱতী তৈয়াৰ কৰিব বিচাৰো, যিয়ে দেশৰ হৈ খেলিব পাৰে,”—– আত্মবিশ্বাসেৰে কয় নাদিয়াই ।

শেষত তেওঁ কয় যে কাশ্মীৰৰ যুৱতীসকল যথেষ্ট শক্তিশালী, অত্যন্ত সাহসী । তেওঁলোক নিৰ্ভীক । তেওঁলোকক সঠিক প্লেটফৰ্ম দিয়ক, প্ৰশিক্ষণৰ সুবিধা দিয়ক আৰু অতি সোনকালে তেওঁলোকক ভাৰতীয় জাৰ্ছীত দেখিবলৈ পোৱা যাব । নি:সন্দেহে নাডিয়া নিঘাট খান ভাৰতীয় ফুটবলৰ সম্পদ । সুযোগ পালে এইগৰাকী প্ৰশিক্ষকৰ পৰা উদীয়মান ফুটবলাৰে দেশক প্ৰতিনিধিত্ব কৰাই কেৱল নহয়, বিশ্ব জয়ৰ কৰাৰ দিশেও আগুৱাই যাব পাৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments