Tuesday, July 5, 2022
HomeNewsকাৰাগাৰৰ খাদ্যক লৈ অসন্তুষ্ট নভজ্যোৎ সিং সিদ্ধু!

কাৰাগাৰৰ খাদ্যক লৈ অসন্তুষ্ট নভজ্যোৎ সিং সিদ্ধু!

 

কাৰাগাৰৰ অন্ধ কুঠৰীত নভজ্যোৎ সিং সিদ্ধু । পিছে কাৰাগাৰৰ খাদ্যক লৈ অসন্তুষ্ট তেওঁ । গ্ৰহণ নকৰে ৰুটি, ব্ৰেড অথবা ভাত তৰকাৰী । অনাহাৰে যাপন কৰিছে নিশা । বিছাৰিছে বিশেষ ডায়েট ।

ক্ৰিকেটাৰৰ পৰা ৰাজনীতিৰ পথাৰত ভৰি দিয়া নভজ্যোৎ সিং সিদ্ধু আজি কাৰাগাৰৰ কয়দী । কপিল শৰ্মা কমেডি শ্বৰ যোগেদি বিপুল জনপ্ৰিয়তা অৰ্জন কৰা সিদ্ধু এতিয়া কাৰাগাৰৰ আলহী ।
১৯৮৮ চনৰ এক পুৰণি গোচৰত বিহা হৈছে এবছৰ সশ্ৰম কাৰাদণ্ড ।অনিচ্ছাকৃত হত্যাৰ অভিযোগত দণ্ডিত সিদ্ধু ।
গাড়ী চলোৱাৰ সময়ত বিশৃংখল আচৰণ কৰাৰ বাবে এই শাস্তি ভোগ কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে ।

পাটিয়ালাৰ কাৰাগাৰত কিদৰে সময় অতিবাহিত কৰিছে সিদ্ধুৱে ? চৰ্চাত নভজ্যোৎ সিং সিদ্ধুৰ কাৰাগাৰৰ দৈনন্দিন ৰুটিন । কাৰাগাৰত পুৱা ৫.৩০ বজাত শোৱাপাটি এৰিব লাগিব সিদ্ধুৱে । দৈনিক ৮ ৰ পৰা ৯ ঘন্টা পৰ্যন্ত কৰিব লাগিব কাম । গ্ৰহণ কৰিব লাগিব কাৰাগাৰৰ খাদ্য ।

এনে এক সময়তে, সিদ্ধুৰ এক খবৰে লগাইছে তোলপাৰ । জানিব পৰামতে, কাৰাগাৰৰ খাদ্য গ্ৰহণত অসন্তুষ্টি প্ৰকাশ কৰিছে নভজ্যোৎ সিং সিদ্ধুয়ে । কাৰাবন্দী অৱস্থাতো বিশেষ খাদ্য বিচাৰি ইতিমধ্যে এনিশা অনাহাৰে কটালে তেওঁ । কাৰাগাৰত সিদ্ধুয়ে বিচাৰিছে বিশেষ ডায়েট ।

সোমবাৰে, স্বাস্থ্য পৰীক্ষাৰ বাবে পাটিয়ালাৰ ৰাজীন্দ্ৰ হস্পিতালত সিন্ধুক ভৰ্তি কৰোৱা হয় । চিকিৎসকৰ মতে, আটা -ময়দা ,চেনী আদি গ্ৰহণ কৰিবলৈ সিদ্ধু অপাৰক । গাখীৰ, অমিতা, মধুৰিআম আদিহে সিদ্ধুৰ বাবে উপযোগী । শীঘ্ৰেই চিকিৎসকৰ দলটোৱে আদালতত দাখিল কৰিব খাদ্যৰ প্ৰতিবেদন । চিকিৎসকৰ পৰামৰ্শ মতেহে সিদ্ধুক যোগান ধৰা হ’ব কাৰাগাৰৰ খাদ্য । চিকিৎসকৰ প্ৰতিবেদন দাখিলৰ পাছত নভজ্যোৎ সিং সিদ্ধুৱে বিশেষ ডায়েট লাভ কৰেনে নে নাই সেয়া হ’ব লক্ষণীয় ।

প্ৰাক্তন ক্ৰিকেটাৰৰ এনে পৰিস্থিতিত আশ্বৰ্যন্বিত ক্ৰীড়াবিশ্ব । আইন তাৰকা বা মহাতাৰকা সকলোৰে বাবে সমান । সেয়েহে, সাধাৰণ কয়দীৰ দৰেই সিদ্ধু এতিয়া পাটিয়ালা কাৰাগাৰৰ আলহী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 + six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments