অলিম্পিয়া প্ৰতিবেদন
অহা ৩১ অক্টোবৰৰ পৰা ২ নৱেম্বৰলৈ কাৰ্বিআংলং জিলাৰ লাংহিঙত অনুষ্ঠিত হ’ব আন্তঃজিলা জুডো প্ৰতিযোগিতা। ছাব- জুনিয়ৰ, কেডেট, জুনিয়ৰ ল’ৰা ছোৱালী আৰু ছিনিয়ৰ পুৰুষ মহিলা আদি শাখাত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। উল্লেখযোগ্য যে প্ৰতিযোগিতাখন লাংহিঙত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন অসম জুডো সন্থাৰ উদ্যোগত আৰু কাৰ্বি আংলং জুডো সন্থাৰ সৌজন্যত তথা লাংহিং তিনিআলি ক্ৰীড়া সন্থাৰ সহযোগত গৰৈমাৰী ষ্টেডিয়ামত আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখনত সদৌ অসম জুডো সন্থাৰ স্বীকৃতপ্ৰাপ্ত সকলো জিলাই অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে, সম্পূৰ্ণ ক’ভিড প্ৰটোকলৰ মাজেৰে অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ পৰাই আগন্তুক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে অসমৰ ছাব জুনিয়ৰ আৰু কেডেট ল’ৰা-ছোৱালী দল দুটা বাচনি কৰা হ’ব।