Tuesday, October 4, 2022
HomeNewsকিংবদন্তি ক্ৰিকেটাৰ সুৰেশ ৰাইনাই কিয় ল'লে এই কঠোৰ সিদ্ধান্ত ?

কিংবদন্তি ক্ৰিকেটাৰ সুৰেশ ৰাইনাই কিয় ল’লে এই কঠোৰ সিদ্ধান্ত ?

কিংবদন্তি ক্ৰিকেটাৰ সুৰেশ ৰাইনাই কিয় ল’লে এই কঠোৰ সিদ্ধান্ত ?

অলিম্পিয়া প্ৰতিবেদন: ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ বাবে দুখজনক খবৰ । সকলো ধৰণৰ ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ল’লে তাৰকা ক্ৰিকেটাৰ সুৰেশ ৰাইনাই । আই পি এল আৰু ঘৰুৱা ক্ৰিকেটত দেখা নাপাব বহু যুঁজৰ নায়ক ৰাইনাক ।

ভাৰতীয় ক্ৰিকেটৰ অন্য এক আবেগৰ নাম সুৰেশ ৰাইনা । নিঃসন্দেহে আই পি এল ইতিহাসৰ তেওঁৰ অৱদান প্ৰণিধানযোগ্য । ৰাইনা হ’ল বৰ্তমান লীগৰ ইতিহাসত পঞ্চম সৰ্বাধিক স্কৰাৰ । এনে এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন তাৰকাই মংগলবাৰে সকলো ধৰণৰ ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অন্যতম কিংবদন্তি সুৰেশ ৰাইনাই ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছে এই কথা ।

তেওঁ ইয়াত বিচিচিআই,উত্তৰ প্ৰদেশ ক্ৰিকেট সন্থাৰ লগতে চেন্নাইৰ আই পি এল দলক বিশেষ ভাৱে ধন্যবাদ জ্ঞাপন কৰিছে । এতিয়াৰ পৰা সুৰেশ ৰাইনাক দেখা নাযাব আই পি এল অথবা ঘৰুৱা ক্ৰিকেটত । ইয়াৰ বিপৰীতে তেওঁ দেশৰ বাহিৰত ফ্ৰেঞ্চাইজিৰ হৈ খেলিবলৈ সাজু ।। বিচিচিআইৰ নিয়ম অনুসৰি, দেশৰ বাহিৰত ব্যক্তিগত লীগত খেলিবলৈ আই পি এলৰ পৰা অৱসৰ লোৱাটো বাঞ্চনীয় । এক প্ৰতিবেদনৰ মতে, ৰাইনাই বিদেশত লীগ খেলিবলৈকে এই সিদ্ধান্ত গ্ৰহণ কৰিলে । দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, ইউ এ ইত টি-২০ লীগ খেলিব তাৰকা বেটাৰ সুৰেশ ৰাইনাই ।

উল্লেখযোগ্য যে, ৰাইনা আই পি এল ইতিহাসৰ শীৰ্ষ স্কোৰিং খেলুৱৈসকলৰ মাজৰ অন্যতম এগৰাকী তাৰকা । দলৰ সংখ্যা ৮ পৰা ১০ লৈ বৃদ্ধি হোৱা স্বত্বেও ৰাইনা ২০২২ বৰ্ষৰ বৃহৎ নিলামত বিক্ৰী নহ’ল । ইয়াৰ পাছতেই ক্ৰিকেট বিশ্বত ৰাইনাক লৈ সৃষ্টি হৈছিল তুমুল চৰ্চা । আই পি এলত ৰাইনাক দেখা নাপাই অনুৰাগীসকল হৈ পৰিছিল হতাশ ।

এনে ঘটনা – পৰিঘটনাৰ মাজতে সুৰেশ ৰাইনাই মংগলবাৰে ল’লে অৱসৰৰ কঠোৰ সিদ্ধান্ত । তাৰকা ক্ৰিকেটাৰজনৰ ভৱিষ্যত ক্ৰিকেট কেৰিয়াৰলৈ সকলোৱে জনাইছে শুভেচ্ছা । ৰাইনাৰ অনুৰাগীয়ে কামনা কৰিছে — আই পি এলৰ প্ৰদৰ্শনৰ দৰেই অদমনীয় হৈ থাকক বহু যুঁজৰ নায়ক সুৰেশ ৰাইনাৰ বেটিং বিক্ৰম ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 − 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments