Wednesday, July 6, 2022
HomeNewsকিয় ব্যৰ্থ হ’ল ৰোহিত শৰ্মা ? আমি ক'ম মূল ৫ টা কাৰণ...

কিয় ব্যৰ্থ হ’ল ৰোহিত শৰ্মা ? আমি ক’ম মূল ৫ টা কাৰণ…

অলিম্পিয়া প্ৰতিবেদন

আই পি এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ঘটিল এনে ইতিহাস । এটাও ৫০ নকৰাকৈ চূড়ান্ত ব্যৰ্থতাৰে ছিজন সামৰিলে হিটমেন ৰোহিত শৰ্মাই । পইণ্ট টেবুলৰ সবাতোকৈ তলত থকাৰ ব্যথাই বুকুত বিন্ধাৰ দৰেই ৰোহিতৰ এই ব্যৰ্থতাইও ভিতৰি ভিতৰি জ্বলাই মাৰিছে মুম্বাই ইণ্ডিয়ানছ দলক ।

বিশ্ব ক্ৰিকেটৰে অন্যতম প্ৰভাৱশালী বেটছমেন, যাক উইকেটত দেখিলে বল কৰিবলৈও ভয় কৰে একাংশ বলাৰে — তেনে এজন বেটছমেনৰ ছন্দ পতনে কেৱল মুম্বাই ইণ্ডিয়ানছকে নহয়, বি চি চি আই আৰু ভাৰতীয় ক্ৰিকেট অনুৰাগীকো চিন্তিত কৰি তুলিছে ।

ৰোহিত শৰ্মাক বৰ্তমান যুগৰ আটাইতকৈ প্ৰতিভাশালী ক্ৰিকেটাৰসকলৰ ভিতৰত স্থান দিয়া হয় । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডেও ৰোহিতৰ ওপৰত ভৰষা ৰাখিয়েই তিনিওটা ফৰ্মেটৰ অধিনায়কৰ গুৰু দায়িত্ব তেওঁৰ ওপৰত অৰ্পণ কৰিছে । কিন্তু ৰোহিতৰ এইদৰে ছন্দপতনে এতিয়া সকলোকে আচৰিত কৰাই নহয়, ইয়াৰ আঁৰৰ কাৰণ অনুসন্ধান কৰিবলৈ আৰম্ভ কৰিছে ।

ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰা ৰোহিতে আই পি এলৰ-২০২২ ছিজনত পুনৰ এবাৰ মুম্বাইক খিতাপ জয়ৰ সুৱাদ দিব বুলিয়েই আশা কৰা হৈছিল । আই পি এল-২০২২ৰ ১৪ খন খেলত, ৰোহিতে গড়ে ১৯ ৰাণ কৈ মাত্ৰ ২৬৮ ৰাণ সংগ্ৰহ কৰিলে । এই সময়ছোৱাত, তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১২০ । মুম্বাই ইণ্ডিয়ানছৰ দুৰ্বল বেটিং লাইনআপত ৰোহিত এক শক্তিশালী সংযোগ হ’ব নোৱাৰিলে ।

ক্ৰিকেট বিশেষজ্ঞই ৰোহিতৰ এই ব্যৰ্থতাৰ মূল ৫ টা কাৰণ অনুসন্ধান কৰি উলিয়াইছে । চাওঁ আহক ৰোহিতৰ ব্যৰ্থতাৰ এই ৫ টা মূল কাৰণ কি কি —

১) দুৰ্বল ভৰিৰ সঞ্চালন : ৰোহিত শৰ্মাৰ হাত আৰু চকুৰ সমন্বয় চমৎকাৰ । ইয়াৰ উপৰি তেওঁৰ মুভমেণ্ট আছিল বেটিং বিক্ৰমৰ এক অন্যতম বিশেষত্ব । আই পি এল-২০২২ ত ৰোহিতৰ মুভমেণ্ট বা তেওঁৰ দুভৰি একেবাৰে লৰচৰ কৰা নাছিল । আটাইকেইখন মেচতে প্ৰায় স্থিৰ আছিল । তেওঁক অধিক সময় ষ্টেণ্ড বাই শ্বট মাৰিবলৈ চেষ্টা কৰা দেখা গৈছিল । ফলত তেওঁ পেভেলিয়নলৈ উভতি যাবলৈ বাধ্য হৈছিল ।

ৰোহিতৰ শৈশৱৰ প্ৰশিক্ষক দীনেশ লালেও এই কথা স্বীকাৰ কৰিছে । দিনেশে বৰ্ণনা কৰিছে– বেটিং কৰাৰ সময়ত হিটমেনৰ ভৰি সিমান লৰচৰ কৰা নাই ।

১. সফলতাৰ পুনৰাবৃত্তিৰ চাপ : আজিলৈকে কোনো অধিনায়কে আই পি এলত ৫ টা ট্ৰফী জিকিব পৰা নাই । এই সফলতাৰ পুনৰাবৃত্তিৰ চাপ ৰোহিতৰ ওপৰত স্পষ্টভাৱে দেখা গৈছিল ।

যোৱা ছিজনৰ বিফলতাৰ পিছত, তেওঁক প্ৰতিখন মেচতে কিবা বেলেগ কৰিবলৈ চেষ্টা কৰা দেখা গৈছিল । যদি আৰম্ভণিৰ সময়ত তেওঁৰ খেলাৰ ক্ষেত্ৰত কোনো সমস্যা হৈছিল, ৰোহিতে মিডল অৰ্ডাৰত কেইখনমান মেচ খেলিব পাৰিলেহেঁতেন ।

বিশেষজ্ঞসকলে কৈছে– আৰম্ভণি অভাৰৰ চিম আৰু চুইঙৰ পৰিৱৰ্তে, যদি ৰোহিতে পিটছৰ পৰা পেচ বলাৰসকলে লাভ কৰা সহায় শেষ হোৱাৰ পিছত বেটিং কৰিবলৈ ওলাই আহিলহেঁতেন, তেন্তে তেওঁৰ বাবে ভাল হ’লহেঁতেন ।

ৰোহিতে আত্মবিশ্বাসেৰে এটা ডাঙৰ ইনিংছ খেলি ফৰ্মলৈ ঘূৰি আহিব পাৰিলেহেঁতেন । যাৰ ফলত দলটোৰ বেটিং শক্তিশালী হ’লহেঁতেন ।

৩. ফাৰ্ষ্ট বলিঙৰ সন্মুখত অসহায় ৰোহিত : এইবাৰ ৰোহিতৰ বেট ফাৰ্ষ্ট বলাৰৰ সন্মুখত একেবাৰে লৰচৰ কৰা নাছিল । তেওঁ ১৪ টা ইনিংছত ৯ বাৰ ফাৰ্ষ্ট বলাৰৰ চিকাৰ হৈছিল ।

ৰোহিতে ফাৰ্ষ্ট বলাৰৰ সন্মুখীন হৈ মাত্ৰ ২১৯ ৰাণ সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১২১ । ফাৰ্ষ্ট বলিঙৰ সন্মুখত পুল শ্বট মাৰিবলৈ যোৱা ৰোহিতে এই ছিজনত মাত্ৰ ১২ টা ছয় আৰু ২৪ টা চাৰিহে মাৰিছে । ফাৰ্ষ্ট বলিং খেলিবলৈ অসমৰ্থ হৈ পৰা ৰোহিতৰ দুৰ্বলতাই গোটেই দলটোকে প্ৰভাৱিত কৰিছিল ।

৪. মানসিক ভাৱে ভাগৰুৱা ৰোহিত : ৰোহিতে একেৰাহে ক্ৰিকেট খেলি আছে । ইয়াৰ বাবে তেওঁৰ খেলত মানসিক ক্লান্তিও দেখা গৈছিল । দলটোৰ অন্তিম লীগ খেলৰ পিছত, হিটমেনে স্বীকাৰ কৰিছিল যে তেওঁ কৰিব বিচৰা বহু কাম এই ছিজনত কৰিব নোৱাৰিলে ।

ৰোহিতে কৈছে, “মোৰ প্ৰদৰ্শনত মই যথেষ্ট হতাশ । অৱশ্যে, এনেধৰণৰ ঘটনা মোৰ সৈতে আগতেও ঘটিছে । মই মানসিক দিশটো মনত ৰাখি মোৰ পূৰ্বৰ ৰূপলৈ ঘূৰি যাবলৈ চেষ্টা কৰিম । ইয়াৰ বাবে মই অলপ খেলাৰ ধৰণ সলনি কৰিম ।”

৫. দ্বিতীয় বেটছমেনৰ বিফলতাই ৰোহিতৰ ওপৰত বৃদ্ধি কৰিছিল চাপ : মুম্বাইৰ আগশাৰীৰ বেটছমেনসকলৰ বিফলতাৰ প্ৰভাৱ ৰোহিতৰ বেটিঙতো দেখা গৈছিল । অৱশ্যে, ঈশান কিষাণে ছিজনৰ শেষলৈ ৪০০ ৰাণৰ সীমা অতিক্ৰম কৰিছিল ।

কিন্তু আৰম্ভণিৰ ৮ খন মেচ পৰাজয়ৰ সময়ত ঈশানৰ প্ৰদৰ্শনেও দলৰ আশা পূৰণ কৰিব নোৱাৰিলে । এনে পৰিস্থিতিত, ৰোহিতে মুকলিকৈ তেওঁৰ নিজৰ ইনিংছৰ পৰিকল্পনা কৰিব নোৱাৰিলে ।

কিৰণ পোলাৰ্ডৰ হতাশাজনক প্ৰদৰ্শনৰ বাবে মুম্বাইৰ মিডল-অৰ্ডাৰ চাপৰ সন্মুখীন হৈছিল । দলটো আই পি এলৰ পৰা সম্পূৰ্ণৰূপে নক আউট নোহোৱালৈকে, পোলাৰ্ডক দলটোৰ প্লেয়িং একাদশত নিৰন্তৰ সুযোগ দিয়া হৈছিল ।
ইয়াৰ আগতে, ৰোহিতে মুকলিকৈ শ্বট খেলিবলৈ সক্ষম হৈছিল । কিয়নো তেওঁ মিডল অৰ্ডাৰত পোলাৰ্ড আৰু পাণ্ডিয়া ব্ৰাদাৰ্ছৰ ওপৰত ভৰষা ৰাখিছিল । তেওঁলোকে দলৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰিছিল ।

এইবাৰ তেনেধৰণে ভৰষা কৰিবলৈ কোনো নাছিল । যি আছিল তেওঁলোকো ব্যৰ্থ হৈছিল । মুম্বাইয়ে শেষৰ ৬ খন খেলত ৪ টা জয়ৰ সৈতে ছিজন সমাপ্ত কৰিছে । মেচৰ শেষত দলটোৱে টিম ডেভিদৰ দৰে এজন নিৰ্ভৰযোগ্য মেচ ফিনিচাৰো পাইছে ।

আই পি এলৰ মেগা নিলামৰ পিছত দলত বহু সাল সলনি হ’ল । মেনেজমেণ্টে শেষৰ ভাগতহে বুজি পাইছে প্লেয়াৰসকলৰ চৰিত্ৰ । কাক বিশ্বাস কৰিব পাৰি, কাক কেনে পৰিস্থিতিত খেলাব পাৰি সেই বিষয়ে অভিজ্ঞতা আহৰণ কৰিছে ।

এনে পৰিস্থিতিত ৰোহিতে আগন্তুক আই পি এলত মিডল অৰ্ডাৰ বেটছমেনসকলৰ প্ৰদৰ্শনৰ চাপ নোলোৱাকৈ মুক্তভাৱে বেটিং কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰ হৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments