Tuesday, October 4, 2022
HomeNewsকিয় শাস্তি প্ৰদান কৰা নাই উত্থাপাক!

কিয় শাস্তি প্ৰদান কৰা নাই উত্থাপাক!

অলিম্পিয়াৰ প্ৰতিবেদন

কালিৰ কলকাতা আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হোৱা মেচখনক কেন্দ্ৰ কৰি বিতৰ্কৰ সূচনা হৈছে। কালিৰ মেচখনত আইচিচিৰ নিয়ম উলংঘা কৰা বুলিও একাংশ‌ই দাবী উত্থাপন কৰাৰ লগতে এই নিয়ম ভংগকাৰী ৰাজস্থান ৰয়েলছৰ ৰবীন উত্থাপাক কিয় শাস্তি প্ৰদান কৰা নাই বুলিও বিচিচিআইলৈ মুকলি প্ৰশ্ন কৰিছে।

কালিৰ মেচখনত ৰাজস্থান ৰয়েলছৰ খেলুৱৈ ৰবীন উত্থাপাই ভুলতে বলত থুই লগাই চাইন কৰিবলৈ যত্ন কৰিছিল। ক্ৰিকেটত এই কাৰ্য একেবাৰে সাধাৰণ যদিও ক’ভিড-১৯ৰ সংক্ৰমণৰ বাবে আইচিচিয়ে বলত থুই লগোৱাটো নিষিদ্ধ কৰিছে। এই কাৰ্যৰ লগত জড়িত খেলুৱৈক শাস্তি প্ৰদানৰো ব্যৱস্থা কৰা হৈছে। কিন্তু ৰবীন উত্থাপাক শাস্তি প্ৰদান নকৰাৰ বাবে এতিয়া বহুতেই প্ৰশ্ন উত্থাপন কৰিছে।

ৰবীন উত্থাপাক কিয় এতিয়ালৈকে বিচিচিআইয়ে শাস্তি প্ৰদান কৰা নাই তাৰ কোনো স্পষ্টিকৰণ এতিয়ালৈকে বিচিচিআইয়ৰ ফালৰ পৰা নাহিলেও আইচিচিৰ নিয়ম মতেই যে শাস্তি প্ৰদান কৰা নাই সেয়া অনুমান কৰিব পাৰি।

আইচিচিৰ নিয়ম অনুসৰি খেল পথাৰত বলত থুই লগালে দুবাৰ খেলুৱৈ জনক সকিয়াই দিয়া হয়। তৃতীয়বাৰো যদি একেই কাৰ্যত লিপ্ত হয় তেনে খেলুৱৈজনক খেল পথাৰৰ পৰা বহিস্কাৰ কৰাৰ লগতে বিপক্ষৰ স্ক’ৰৰ লগত অতিৰিক্ত ৫ ৰান যোগ দিয়া হয়। কিন্তু উত্থাপাই ভুলবশত এবাৰেই এই কাৰ্যত লিপ্ত হোৱাৰ বাবে তেওঁক কেৱল সকিয়নি প্ৰদান কৰা হৈছে।

গতিকে আইচিচিৰ নিয়মৰ ভংগ কৰিলেও আইচিচিৰ নিয়মৰ মাজত থাকিয়েই উত্থাপাক এতিয়ালৈকে শাস্তি প্ৰদান কৰা নাই বুলি ধাৰণা কৰা হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments