Thursday, July 7, 2022
HomeNewsকিয় স্থান দিয়া নহল ৰোহিতক ? উত্তৰ নাই অধিনায়ক কোহলিৰ হাতত

কিয় স্থান দিয়া নহল ৰোহিতক ? উত্তৰ নাই অধিনায়ক কোহলিৰ হাতত

ভাৰত-ইংলেণ্ডৰ প্ৰথমখন টি-২০ত ভাৰত পৰাজিত হোৱাৰ পিছতে এতিয়া সামাজিক মাধ্যমৰ লগতে প্ৰাক্তন ক্ৰিকেটাৰে ভাৰতীয় দলটোৰ অধিনায়ক বিৰাট কোহলিক সমালোচনাৰ লক্ষ্য কৰি লৈছে।বিশেষকৈ হিটমেন ৰোহিত শৰ্মাক প্লেয়িং ইলেভেনত স্থান নিদিয়াৰ বাবে কোহলিক সমালোচনা কৰিছে।

মনকৰিবলগীয়া যে, মেচখনৰ এটা দিন পূৰ্বে অৰ্থাৎ বৃহস্পতিবাৰে বিৰাটে সংবাদ মাধ্যমৰ আগত কে এল ৰাহুল আৰু ৰোহিতে ইনিংছ মুকলি কৰিব বুলি জনাইছিল যদিও মেচদে’ত সেয়া হৈ নুঠিল। ৰোহিতৰ স্থানত শিখৰ ধাৱানেহে ৰাহুলৰ লগত ইনিংছ মুকলি কৰিবলৈ আহে। দুৰ্ভাগ্যজনকভাৱে মেচখনত টপ অৰ্ডাৰৰ সকলো বেটচমেন ব্যৰ্থ হোৱাৰ বাবে এতিয়া অধিক সমালোচনাৰ সন্মুখীন হৈছে কোহলি।

কোহলিৰ মতে ৰোহিতক বিশ্ৰাম দিয়াৰ বাবেই প্লেয়িং ইলেভেনৰ পৰা বাদ দিয়া হ’ল। কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে ৰোহিতক বিশ্ৰামৰ কিয় প্ৰয়োজন হ’ল অন্তিমদুখন টেষ্ট নৰেন্দ্ৰ মোডী ষ্টেডিয়ামতে অনুষ্ঠিত কৰাৰ বাবে নাছিল কোনো ভ্ৰমণৰ সমস্যা। তাৰোপৰি টেষ্ট দুখনৰ তৃতীয়খন টেষ্ট মাত্ৰ দুদিন আৰু চতুৰ্থখন টেষ্ট মাত্ৰ তিনিদিনতে সমাপ্ত হোৱাত খেলুৱৈসকলে বিশ্ৰাম কৰিবলৈ যথেষ্ট সময় লাভ কৰিছিল। ইফালে অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ছোৱাত অন্তিম দুখন টেষ্টত ৰোহিতে অংশগ্ৰহণ কৰিছিল। সেই ভ্ৰমণত আঘাটৰ সন্মুখীন হোৱা বহু কেইজন ক্ৰিকেটাৰে পুনৰ ভাৰতীয় দলৰ হৈ খেলিবলৈ আৰম্ভ কৰিছে। দলত স্থান লাভ কৰিছে। তেনে ক্ষেত্ৰত কেৱল ৰোহিতক হে দলত স্থান নিদিয়াৰ আঁৰৰ প্ৰশ্নৰ উত্তৰ নাই বিৰাটৰ হাতত।

উল্লেখ্য যে, ৰোহিতে বিগত বৰ্ষত এখনো এদিনীয়া বা টি-২০ খেলা নাই। ২০২০ চনৰ ১৯ জানুৱাৰীত তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল অন্তিমখন এদিনীয়া। একেটা বৰ্ষৰে ২ ফেব্ৰুৱাৰীত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিছিল অন্তিমখন টি-২০।নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা টি-২০ত ৫-০ ত নিউজিলেণ্ডক পৰাস্ত কৰাৰ আঁৰৰ মানুহজন আছিল ৰোহিত। দুটা চুপাৰ অভাৰত ৰোহিতেই ভাৰতক জয়ৰ মুখ দেখাইছিল। ইয়াৰ উপৰিও ৰোহিতে খেলা অন্তিম দুখন টি-২০ত অৰ্ধশতক অৰ্জন কৰিছিল।

ইফালে প্ৰথমখন টি-২০ত শূন্যত আউট হৈ বিৰাটে সৰ্বাধিক শূন্যত আউট হোৱা ভাৰতীয় অধিনায় হিচাপে পৰিগণিত হৈ পৰাৰ লগতে ঘৰৰ মাটিত সৰ্বাধিক শূন্যত আউট হোৱা দ্বিতীয়গৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈ পৰাত সমালোচনা অধিক কঠোৰ হৈ পৰিছে। বীৰেন্দ্ৰ সেহৱাগৰ দৰে ক্ৰিকেটাৰে ৰোহিত নাথাকিলে খেলা চোৱাৰ অৰ্থ নাই বুলি মন্তব্য প্ৰকাশ কৰিছে। ৰোহিত নাই বাবেই টিভি বন্ধ কৰি থৈছে বুলি জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments