মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত বহা ৰাজ্যিক কেবিনেটে বুধবাৰে “ধিং এক্সপ্ৰেছ” হিমা দাসলৈ আগবঢ়ালে উপ-আৰক্ষী অধীক্ষকৰ পদ। ইয়াৰ পিছতেই হিমাই সামাজিক মাধ্যমৰ জড়িয়তে অসম চৰকাৰক ধন্যবাদ জনাইছে।
হিমালৈ ৰাজ্য চৰকাৰে এই পদ আগবঢ়োৱাৰ পিছতেই সামাজিক মাধ্যমত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশই হিমাক শুভেচ্ছা জনোৱাৰ লগতে আন একাংশই চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছে। বহুতেই উপ-আৰক্ষী পদৰ বাবে হিমাৰ শৈক্ষিক যোগ্যতাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে। বহুতেই আকৌ প্ৰশ্ন কৰিছে কিয় দিয়া হ’ল হিমাক উপ আৰক্ষী অধীক্ষকৰ দৰে গুৰুত্বপূৰ্ণ পদবী?
২০১৯-২০ চনৰ বাজেটত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল কমনৱেলথ গেমছ, এছিয়ান গেমছ আৰু অলিম্পিকত যিসকল খেলুৱৈয়ে স্বৰ্ণ পদক লাভ কৰিব তেওঁলোকলৈ অসম চৰকাৰৰ তৰফৰ পৰা গ্ৰেড ‘এ’ৰ চাকৰি আগবঢ়াব। বাজেটত ঘোষণা কৰা মতেই হিমা হৈ পৰিল এই পদবীৰ প্ৰথমগৰাকী দাবীদাৰ। ইতিমধ্যে হিমাই এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে।
বুধবাৰে বহা ৰাজ্যিক কেবিনেটে হিমাক বাজেটত ঘোষণা কৰা অনুসৰিয়েই উপ আৰক্ষী অধীক্ষকৰ পদবী আগবঢ়োৱা হ’ল। ৰাজ্য চৰকাৰে তৰুণ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ জনপ্ৰিয়তা বৃদ্ধি আৰু ক্ৰীড়াবিদ সকলক উৎসাহিত কৰিবলৈকে এনে এক সিদ্ধান্ত গ্ৰহণ কৰিছে। আশা কৰা হৈছে আগন্তুক সময়ত চৰকাৰৰ এনেবোৰ সিদ্ধান্তৰ বাবে অসমৰ পৰা অধিক খেলুৱৈ সৃষ্টি হ’ব আৰু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিব।
মনকৰিবলগীয়া যে হিমাই ২০১৮ চনত ফিনলেণ্ডত অনুষ্ঠিত হোৱা অনূৰ্ধ্বৰ ২০ বছৰ এথলেটিকছ চেম্পিয়নশ্বিপত ৪০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰি প্ৰথমগৰাকী ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল। ইয়াৰ পিছত একেটা বৰ্ষতে জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেমছত হিমাই ৪×৪০০ মিটাৰ মিক্সড ৰিলেত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত এই প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰা দলটো ডপ টেষ্টত ব্যৰ্থ হোৱাত ভাৰতীয় দলটোৰ ৰূপৰ পদক স্বৰ্ণ পদকলৈ উন্নীত হয়। আনহাতে একেখন প্ৰতিযোগিতাতে হিমা ৪×৪০০ মহিলাৰ ভাৰতীয় ৰিলে দলটোৰ সৈতে অংশগ্ৰহণ কৰি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।
এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰাৰ সুবাদতে হিমাই ইতিমধ্যে লাভ কৰিছে “অৰ্জুন” সন্মান। ইয়াৰ উপৰিও হিমা স্ব প্ৰতিভাৰ বলতে বহুজাতিক প্ৰতিষ্ঠানৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এডিডাছৰ দৰে বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানে হিমাৰ নামত জোতা নিৰ্মাণ কৰাৰ উপৰিও হিমাক ক্ৰীড়া ক্ষেত্ৰত আগুৱাই যোৱাত সহযোগিতা আগবঢ়াইছে।