Wednesday, October 5, 2022
HomeNewsকুজাৰবড়িত মঙ্গল সিং, দক্ষিণপাট মাৰাথনত ধৰম টকবী শ্ৰেষ্ঠ

কুজাৰবড়িত মঙ্গল সিং, দক্ষিণপাট মাৰাথনত ধৰম টকবী শ্ৰেষ্ঠ

কুজাৰবড়িত মঙ্গল সিং, দক্ষিণপাট মাৰাথনত ধৰম টকবী শ্ৰেষ্ঠ

নগাঁৱৰ পৰা অলিম্পিয়াৰ হৈ দীপশিখা বৰা হাজৰিকা: নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতিকাষৰীয়া কুজাৰবড়ি যুৱক সংঘ আৰু নৱজ্যোতি পুথিভড়াঁলৰ উদ্যোগত ৰঙালী বিহু উৎসৱ উপলক্ষে বিভিন্ন ধৰণৰ খেল ধেমালী অনুষ্ঠানৰ আয়োজন কৰা হয় । দেওবাৰে পুৱা অনুষ্ঠিত প্ৰাইজমানি মাৰাথন দৌৰ প্ৰতিযোগিতাত জামুগুৰিৰ মঙ্গল সিঙে প্ৰথম স্থান দখলৰে অতুল বৰাই আগবঢ়োৱা তৰবৰী বৰা সোঁৱৰণী পুৰস্কাৰ লাভৰ যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে কটহগুৰিৰ আদিত্য গাঁওখোৱাই দ্বিতীয় স্থানৰে জিষ্ণু কুমাৰ বৰাই আগবঢ়োৱা ৰাধাকান্ত বৰা সোঁৱৰণী পুৰস্কাৰ লাভৰ যোগ্যতা অৰ্জন কৰিছে ।

আৰু অধিক পঢ়ক

আয়োজক সমিতিৰ অন্যতম সহকাৰী সম্পাদক ৰঞ্জনজ্যোতি বৰুৱাই জানিবলৈ দিয়া মতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৭ গৰাকী খেলুৱৈয়ে যোগদান কৰা প্ৰতিযোগিতাখনত ধেমাজিৰ কুণ্ডিল প্ৰতিম শইকীয়াই তৃতীয়, শেতালিৰ বিকাশ বৰদলৈয়ে চতুৰ্থ, বেবেজীয়াৰ অমৰজ্যোতি হাজৰিকাই পঞ্চম আৰু ধ্ৰুৱজ্যোতি ডেকাই ষষ্ঠ, ধেমাজিৰ হেমন্ত নাথে সপ্তম, কুজাৰবড়িৰ নিকু বৰাই অষ্টম, ৰাজীৱ ক্ৰ’ই নৱম আৰু আঁহতগুৰিৰ নয়নমণি দাসে দশম স্থান অধিকাৰ কৰিছে ।অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যোগেন বৰাই শুভাৰম্ভ কৰা এই মাৰাথন দৌৰত ১৫ গৰাকী খেলুৱৈয়ে নিৰ্ধাৰিত দৌৰ সম্পূৰ্ণ কৰে ।ইপিনে, দক্ষিণপাট আঞ্চলিক ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সৌজন্যত বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল-ধেমালিৰ আয়োজন কৰা হয় ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

শনিবাৰে পুৱা অবিভক্ত নগাঁও জিলা ভিত্তিত অনুষ্ঠিত মাৰাথন দৌৰ প্ৰতিযোগিতাত দক্ষিণপাট চাৰিআলিৰ ধৰম টকবীয়ে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় । দক্ষিণপাট আঞ্চলিক ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সম্পাদক লৱকান্ত শৰ্মাই জনোৱা মতে এই মাৰাথন দৌৰত দক্ষিণ পাটৰে আশীষ দাসে দ্বিতীয় স্থান আৰু হাতীগড়ৰ চামচিং হাঞ্চেয়ে তৃতীয়স্থান দখল কৰে । উল্লেখ্য যে, মাৰাথন দৌৰ প্ৰতিযোগিতাত মুঠ ১২ গৰাকী খেলুৱৈয়ে নিৰ্ধাৰিত দূৰত্বৰ দৌৰ সম্পূৰ্ণ কৰে বুলি উদ্যোক্তাসকলে লগতে জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 − 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments