Tuesday, July 5, 2022
HomeNewsকেচ ধৰি মাটিত বল লগাই কি বুজাব বিচাৰিলে অসম সন্তান ৰিয়ানে

কেচ ধৰি মাটিত বল লগাই কি বুজাব বিচাৰিলে অসম সন্তান ৰিয়ানে

অলিম্পিয়া প্ৰতিবেদন

 

চৰ্চাত অসম সন্তান ৰিয়ান পৰাগ । ৰিয়ানৰ প্ৰতিক্ৰিয়াক লৈ বহুতৰে মনত প্ৰশ্ন । ধাৰাভাষ্যকাৰেও উল্লেখ কৰিলে ৰিয়ানে কৰিছে ভুল ।

পিছে চলিত আই পি এলত এনে কি কৰিলে, যাৰবাবে চৰ্চাৰ কেন্দ্ৰত অসম সন্তান ৰিয়ান ! যিকোনো খেলত খেলুৱৈ গৰাকীৰ প্ৰদৰ্শনেই যে গুৰুত্বপূৰ্ণ এনে নহয়, আচৰণো যে মূল্যবান, সেই কথা চৰ্চালৈ আহিল ৰাজস্থান ৰয়েলছ আৰু লক্ষ্ণৌ মাজত অনুষ্ঠিত দেওবাৰৰ মেচখনত । এইবাৰ সমালোচনাৰ বলি অসম গৌৰৱ ৰিয়ান পৰাগ । চলিত ছিজনত ৰিয়ানে বিগত বৰ্ষৰ তুলনাত উন্নত প্ৰদৰ্শন আগবঢ়াইছে । অৰ্জন কৰিছে অৰ্ধশতক । ফিল্ডিং আৰু বেটিং দুয়োটাতে ভাল ফল দেখুৱাইছে ৰিয়ানে । দেওবাৰেও লক্ষ্ণৌৰ বিৰুদ্ধে এটা বাউণ্ডেৰী সহ ১৬ টা বলত সংগ্ৰহ কৰিলে ১৯ ৰাণ । সেইদৰে, ২০ বছৰীয়া ৰিয়ানে ২ টা কেচ ধৰি ৰাজস্থানক এক উন্নত অৱস্থালৈ লৈ যোৱাত সহায় কৰে । কিন্তু কেচ ধৰাৰ সময়ত এনে কিছু কাম কৰিলে, যাৰ বাবে একাংশ ক্ৰিকেটপ্ৰেমী ৰিয়ানৰ ওপৰত হৈ পৰিছে ক্ষুব্ধ । ছচিয়েল মিডিয়াত বিভিন্ন জনে কৰিলে তীৰ্যক মন্তব্য ।

ৰিয়ানে কে এল ৰাহুলৰ নেতৃত্বাধীন লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে দুটাকৈ কেচ ধৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । প্ৰথমে অশ্বিনৰ বলত উঠা কেচ বাউণ্ডেৰী লাইনত বাটলাৰৰ সহযোগত ৰিয়ানে কেচ ধৰি ক্ৰুনাল পাণ্ডিয়াক আউট কৰে । দ্বিতীয়তে ১৮ অভাৰ ৩ নম্বৰ বলত ৰিয়ানে মাৰ্কুছ ষ্ট্ৰইনিছৰ এটা কেচ ধৰাৰ সুযোগ লাভ কৰিছিল । ৰিয়ানে সমুখলৈ ড্ৰাইভ মাৰি বলটো ধৰিছিল । বলটো ধৰি ৰিয়ানে মাৰ্কুছ আউট হোৱা বুলি আপীল কৰে । পিছে তৃতীয় আম্পায়াৰে ইয়াক নট আউট বুলি ঘোষণা কৰে । টিভিৰ ৰিপ্লেত স্পষ্টকৈ দেখা গৈছিল ধৰাৰ পূৰ্বে বলটোৱে মাটিত স্পৰ্শ কৰিছে । ফলত আউটৰ পৰা সাৰি গৈছিল মাৰ্কুছ
ষ্ট্ৰইনিছ । কিন্তু মাৰ্কুছে দুভাগ্যবশত: ১৯ অভাৰ ২ নম্বৰ বলটোত প্ৰসিদ্ধ কৃষ্ণৰ বলত উঠা কেচ এইবাৰ সহজে আয়ত্ত কৰিলে ৰিয়ানে । কেচ ধৰি বলটো মাটিত লগাই ৰিয়ানে কি প্ৰতিপন্ন কৰিব বিচাৰিছিল কোনেও নাজানিলে । ৰিয়ানে দেখুৱাইছিল নেকি এই কেচ তেওঁ স্পষ্টভাৱে লৈছে , মাটিত এইবাৰ স্পৰ্শ কৰা নাই ?
এই আচৰণ আম্পিয়াৰলৈ নে মাৰ্কুছলৈ, সেয়া ৰহস্যাবৃত ।

পূৰ্বৰ কেচটোৰ সন্দৰ্ভত ধাৰাভাষ্যকাৰ ৰূপত থকা মহম্মদ কাইফে সেইসময়ত মন্তব্য কৰিছিল এনেদৰে — “আজিৰ যুগত যিহেতু খেলপথাৰৰ প্ৰতিকোণত কেমেৰা থাকে, এনে আবেদন কৰা অৰ্থহীন। ইমানবোৰ কেমেৰা ইনষ্টল কৰাৰ পাছত ভুল হ’ব নোৱাৰে । তেনে স্থলত ৰিয়ানে কিয় এনে কৰিলে ।” লগতে সুৰ মিলাই আকাশ চোপ্ৰাই কলে ৰিয়ানে পূৰ্বৰ কেচটোত আপীল কৰিব নালাগিছিল । যদি তেওঁৰ সন্দেহ আছিল তৃতীয় আম্পায়াৰৰ সহায় ল’বলৈ অনুৰোধ কৰিব লাগিছিল ।

ইফালে অন্তিমটো অভাৰত ৰিয়ানে কেচটো ধৰি মাটিত বল লগাই দিয়াৰ আচৰণক লৈ একাংশ ক্ৰিকেট অনুৰাগীয়ে সমালোচনা কৰিছে । ছচিয়েল মিডিয়াত বিভিন্ন ধৰেণেৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে অসম সন্তান ৰিয়ান পৰাগক ।

সি যিয়েই নহওক ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমচনৰ অতিকৈ প্ৰিয় ৰিয়ান ।হয়তো সঞ্জু চেমচনে ৰিয়ানৰ ফিল্ডিঙৰ দক্ষতাত পূৰ্ণ বিশ্বাস আছে । সেইকাৰণে হয়তো, অধিনায়কজনে বেছিকৈ বল যোৱা ঠাইত ৰিয়ানক নিয়োজিত কৰে । ৰিয়ানেও ফিল্ডিঙত যেন সেই বিশ্বাস অক্ষুণ্ণ ৰাখিছে ।

ৰিয়ানৰ অনুৰাগীসকলৰ আশা—সমালোচনা- প্ৰত্যহ্বান নেওচি ক্ৰিকেট বিশ্বত উজলি উঠক যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments