Tuesday, October 4, 2022
HomeNewsকেডাৰ দোম শৃংগ আৰু কেডাৰ তললৈ ট্ৰেকিং অভিযানৰ ফ্লেগঅফ

কেডাৰ দোম শৃংগ আৰু কেডাৰ তললৈ ট্ৰেকিং অভিযানৰ ফ্লেগঅফ

কেডাৰ দোম শৃংগ আৰু কেডাৰ তললৈ ট্ৰেকিং অভিযানৰ ফ্লেগঅফ

অলিম্পিয়া প্ৰতিবেদন: কেডাৰ দোম শৃংগ আৰু কেডাৰ তললৈ ট্ৰেকিং অভিযানৰ ফ্লেগঅফ ৷
ৰাজ্যচৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগ গ্ৰহণ ৷
অসম মাউেন্টেনিয়াৰিং এণ্ড এডভেন্সাৰ ইনষ্টিটিউটৰ এই অভিযান ৷
১৬ ছেপ্টেম্বৰৰ পৰা চ্ছ আক্টোবৰলৈ এই দুঃসাহসিক ক্ৰীড়া ৷
১৯ জনীয়া দলৰ নেতৃত্বত এভাৰেষ্ট আৰোহণকাৰী তৰুণ শইকীয়া ৷

ৰাজ্যচৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত উত্তৰাখণ্ডৰ গাৰোৱাল হিমালয়ৰ কেডাৰ দোম (৬৮৩১ মিটাৰ উচ্চতাৰ) শৃংগলৈ এক অভিযানৰ পাতনি মেলা হৈছে ৷ বৃহস্পতিবাৰে গুৱাহাটী আৰ জি বৰুৱা ক্ৰীড়াক্ষেত্ৰৰ এক অনুষ্ঠানত এই অভিযানৰ ফ্লেগঅফ কৰে ক্ৰীড়া আৰু যুৱকল্যাণ ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা পৰিষদৰ সদস্যসচিব গীতাৰ্থ গোস্বামী আৰু ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰীয়ে ৷ ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ অধীনস্থ অসম মাউেন্টেনিয়াৰিং এণ্ড এডভেন্সাৰ ইনষ্টিটিউটৰ তত্বাৱধানত ১৯ জনীয়া যুৱক-যুৱতীয়ে এই অভিযানত অংশগ্ৰহণ কৰিছে ৷ ১৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব লগা এই দুঃসাহসিক ক্ৰীড়াৰ অভিযান কালত কেডাৰ দোম শৃংগ আৰোহণ কৰাৰ লগতে কেডাৰ তললৈ (৪৯১২ মিটাৰ) উচ্চ পাৰ্বত্য অঞ্চলত ট্ৰেকিং অভিযান চলোৱা হ’ব ৷ ফ্লেগঅফ অনুষ্ঠানত অন্যান্যসকলৰ লগতে উপস্থিত থাকে ক্ৰীড়া বিভাগৰ যুটীয়া সঞ্চালক অন্তৰা গগৈ, জ্যেষ্ঠ পৰ্বতাৰোহী ৰাজেন্দ্ৰ প্ৰসাদ গৌতম, অজিত কলিতা, অৰ্চনা ভট্টাচাৰ্য, এভাৰেষ্ট পৰ্বত আৰোহণকাৰী হেনৰী ডেভিড টেৰণ, খৰচিং টেৰাং আৰু জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক উদয় বৰগোঁহাই ৷ কেডাৰ দোম শৃংগলৈ ফ্লেগঅফ কাৰ্যসূচীত উপস্থিত থাকি ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰীয়ে অভিযাত্ৰী দলটোক শুভেচ্ছা জনায় ৷

 

প্ৰায় ৩৫ দিনীয়া এই অভিযানৰ সৈতে যোৱা অভিযাত্ৰীসকলৰ সকলো খৰচ ৰাজ্য চৰকাৰে ব্যয় কৰিব ৷ দলটোৰ প্ৰশিক্ষকৰূপে আছে বিক্ৰম বড়ো, কৌশিক দাস, হেনৰী ডেভিড টেৰন, পূৰ্ণ ডেকা, ধ্ৰুৱজ্যোতি বৰা, পৰাগ দাস আৰু মমীন বড়ো ৷ কেডাৰ তল উচ্চ পাৰ্বত্য ট্ৰেকিং অভিযানত প্ৰশিক্ষকৰূপে থাকিব ভূৱনেশ্বৰ প্ৰসাদ ৷ এই সমগ্ৰ অভিযানৰ নেতৃত্ব বহন কৰা এভাৰেষ্ট আৰোহণকাৰী তৰুণ শইকীয়াই নিজৰ ভাৱ প্ৰকাশ কৰে,,,

ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ আশা–— অসমৰ উদীয়মান প্ৰজন্মৰ পৰ্বতাৰোহীয়ে দুঃসাহসিক ক্ৰীড়াত আকাশ স্পৰ্শ কৰক ৷ দুঃসাহসিক ক্ৰীড়াৰ যোগেদি অসম সন্তানে ভৱিষ্যতে এভাৰেষ্টকে ধৰি বিশ্বৰ আন পৰ্বত শিখৰত উৰুৱাওক অসমৰ বিজয় ধবজা ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 + fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments