কেন্দ্ৰীয় চৰকাৰৰ গ্ৰুপ ‘চি’ৰ পদৰ বাবে ২১ বিধ নতুন খেলক অন্তৰ্ভুক্ত কৰা হৈছে। এই ২১ বিধ খেলৰ ভিতৰত ভাৰতৰ পৰম্পৰাগত খেল মলখম্ব, ৰোল বল, ছেপাকটাক্ৰ’ আদি অন্তৰ্ভুক্ত কৰা হৈছে। সোমবাৰে ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে, চৰকাৰৰ মন্ত্ৰালয় আৰু বিভিন্ন বিভাগ সমূহৰ গ্ৰুপ ‘চি’ পদৰ বাবে যোগ্য খেলুৱৈক নিৰ্বাচন কৰিবৰ বাবে ২১ বিধ নতুন খেল অন্তৰ্ভুক্ত কৰা হৈছে। এই ২১ বিধ খেলৰ ভিতৰত বেছ বল, শৰীৰ চৰ্চা, ফেঞ্চিং, নেট বল, পেৰা স্প’ৰ্টছ, পেনছাক চিলাট, ৰাগবী, চেপাকটাক্ৰ, ট্ৰাইথ’লন, উশ্বু, টেনিছ বল ক্ৰিকেট, কেৰম, চাইকেল প’ল’, টেনপিন বলিং, টাগ অৱ ৱাৰ, ছফট টেনিছ, শ্বুটিং বল, মটৰ স্প’ৰ্টছ, কুড’, ডিফ স্প’ৰ্টছ আদি আছে হৈছে।
কেন্দ্ৰীয় চৰকাৰৰ গ্ৰুপ ‘চি’ পদৰ বাবে নতুনকৈ ২১ বিধ খেল অন্তৰ্ভুক্ত
- Advertisment -
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...