অলিম্পিয়া প্ৰতিবেদন
মুম্বাইৰ বিৰুদ্ধে পৰাস্ত হৈ আই পি এলৰ প্লে’ অফত প্ৰৱেশৰ পথ বন্ধ হোৱা দিল্লী কেপিটেলছৰ ভুল ক’ত হ’ল ? কাৰ বাবে অধিক সম্ভাৱনা থকাৰ পিছতো দিল্লীয়ে প্লে’ অফৰ দুৱাৰ দলিৰ পৰা উভতিবলগীয়া হ’ল ? এই প্ৰশ্ন নিশ্চিয় সকলোৰে মনলৈ আহিছে । শনিবাৰৰ হাই ভ’ল্টেজ মেচখনৰ পিছত কৰা কিছু পৰ্যালোচনাই এই কথা স্পষ্ট কৰে যে কেৱল অধিনায়কৰ ভুলৰ বাবেই শনিবাৰে দিল্লীয়ে অতি গুৰুত্বপূৰ্ণ মেচখনত পৰাজয় স্বীকাৰ কৰিলে ।
অধিনায়ক ঋষভ পণ্টৰ কেইবাটাও গুৰুত্বপূৰ্ণ ভুলে গোটেই মেচখনকে অন্য এক দিশলৈ লৈ গ’ল । পণ্টৰ সেই ভুল নোহোৱা হ’লে দিল্লী প্লে’ অফত প্ৰৱেশ কৰাৰ লগতে আৰ চি বিৰ সকলো অংকত আউল লাগিল হয় । কিন্তু যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল । এতিয়া চাওঁ আহক পণ্টে কিদৰে নিজৰ দলটোক পৰাজয়ৰ মুখলৈ ঠেলি দিছিল —
শনিবাৰৰ মেচখনত পণ্টৰ বেটিং আশা ব্যঞ্জক নাছিল । উইকেটকীপাৰ আৰু অধিনায়ক হিচাপেও তেওঁৰ ভূমিকা আছিল অতি দুৰ্বল । পণ্টে লোৱা ভুল সিদ্ধান্তৰ বাবেও মেচখনৰ গতি সলনি হৈছিল ।
প্ৰথমে বেটিং কৰা দিল্লীয়ে এক বৃহৎ স্ক’ৰ কৰিব পাৰিব বুলি বহুতেই আশা কৰিছিল আৰু পণ্টৰ ওপৰত বিশ্বাস ৰাখিছিল । কিন্তু প্ৰথমৰে পৰা লেহেমীয়া বেটিং কৰা পণ্টে শেষলৈকে তেওঁৰ বেটিংশৈলী একেই ৰাখিলে । শেষলৈ তেওঁ দ্ৰুত বেটিং কৰিব বুলি আশা কৰা হৈছিল যদিও সকলো আশা ধূলিসাৎ কৰি তেওঁ পেভিলয়নমুখী হয় ।
ফিল্ডিঙৰ সময়তো অধিনায়ক পণ্টৰ প্ৰদৰ্শন আছিল অতি দুৰ্বল । পণ্টে দ্বাদশ অভাৰত ডেৱাল্ড ব্ৰাভিছৰ এটা সহজ কেচ ড্ৰপ কৰিছিল । ১৫ নং অভাৰত টিম ডেভিডৰ কেচ আয়ত্ব কৰিছিল যদিও ডি আৰ এছ নোলোৱাৰ বাবেই সেই উইকেট লাভৰ পৰা বঞ্চিত হ’ল । অধিনায়ক তথা উইকেটকীপাৰ হিচাপে ইয়াতো তেওঁৰ ব্যৰ্থতা ফুটি উঠে ।
ঋষভ পণ্টে দ্বিতীয় বাৰৰ বাবে জীৱন দিয়া এই দুই খেলুৱৈয়ে দিল্লীৰ দখলত থকা মেচখন মুম্বাইৰ দিশে লৈ গ’ল । পণ্টৰ ভুলৰ বাবেই দিল্লীয়ে মেচখন হেৰুৱালে ।
মুম্বাইৰ ইনিংছৰ দ্বাদশ অভাৰত পণ্টে ডেৱাল্ড ব্ৰেভিছৰ এটা সহজ কেচ ড্ৰপ কৰিছিল । কুলদীপ যাদৱৰ এটা সুন্দৰ গুগলী ডেলিভাৰীত ডেৱাল্ড পেভিলিয়ন মুখী হোৱাৰ বাট মুকলি হৈছিল । কুলদীপৰ গুগলীক ব্ৰেভিছে চুইপ কৰিব বিচাৰিছিল যদিও বলটো উইকেটৰ ওপৰলৈ উঠি গৈছিল । পণ্টে বতাহতে সেই বলটো ধৰিবলৈ আহিও আয়ত্ত কৰিব নোৱাৰিলে । সেই কেচ পণ্টে ড্ৰপ কৰে । কেচ ড্ৰপ হোৱাৰ সময়ত দেখা গৈছিল দিল্লীৰ খেলুৱৈ তথা ষ্টেডিয়ামৰ দৰ্শক হতাশাগ্ৰস্ত মুখবোৰ ।
খেল খনৰ ১৫ নং অভাৰত পণ্টে কৰিছিল আৰু এটা ডাঙৰ ভুল । তেতিয়াও পণ্টৰ হাতত ডি আৰ এছ জমা আছিল । সেই অভাৰটো কৰিছিল শাৰ্দুল ঠাকুৰে । মুম্বাইৰ টিম ডেভিড শাৰ্দুল ঠাকুৰৰ বলত শূন্য ৰাণত আউট হৈছিল । তেওঁৰ বেট স্পৰ্শ কৰি যোৱা বলটো পণ্টৰ দুহাতৰ মাজত ৰৈছিলগৈ । কিন্তু আম্পায়াৰে আউট দিয়া নাছিল । পণ্টে ডি আৰ এছ ল’ব পাৰিলেহেঁতেন যদিও ডি আৰ এছ নল’লে । উইকেট কীপাৰ হিচাপে পণ্ট এইখিনিতে বিফল হোৱাৰ লগতে দিল্লীৰ পৰাজয়ৰ আন এক মূল কাৰণ হিচাপে পৰিগণিত হৈছিল পণ্টৰ এই ভুল ।
খেলখনৰ অন্তত পণ্টে কৈছিল, বাকী খেলুৱৈসকলে বলটো বেটত লগা নাই বুলি কৈছিল । সেয়ে তেওঁ ডি আৰ এছ নল’লে । কিন্তু এজন উইকেট কীপাৰ হোৱাৰ বাবে পণ্টে বলটো বেটত লাগিছিল নে নাই সেয়া আন সকলতকৈ অতি ভালদৰে জানিব লাগিছিল । ডি আৰ এছ তেওঁ ল’বনে নাই সেয়া তেওঁৰ কৰ্তৃত্ব ।
টিম ডেভিডক এইদৰে জীৱন দান দিয়াৰ বাবেই ৩০৯ ষ্ট্ৰাইক ৰেটত খেলি ১১ বলত ৩৪ ৰাণ কৰি মুম্বাইক জয়ৰ সুৱাদ দিবলৈ সক্ষম হ’ল । টিম ডেভিডে দ্বিতীয় জীৱন লাভ কৰি ২ টা ৬ আৰু চাৰিটা ৪ কোবাই এই ৰাণ সংগ্ৰহ কৰিছিল । ইফালে পণ্টে কেচ ড্ৰপ কৰা ডেৱাল্ড ব্ৰেভিছেও ৩৭ ৰাণৰ ইনিংছ খেলে ।
মেচখনত প্ৰথমে বেটিং কৰি দিল্লীয়ে মুম্বাইক ১৬০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল । মুম্বাইয়ে এই লক্ষ্য আগত লৈ ঈশান কিষাণৰ ৩৫ বলত ৪৮, টিম ডেভিডৰ ১১ বলত ৩৪, ডেৱাল্ড ব্ৰেভিছৰ ৩৭ ৰাণৰ সহায়ত অন্তিম অভাৰত বিজয় সাব্যস্ত কৰে । ইয়াৰ লগে লগে দিল্লী প্লে’ অফত প্ৰৱেশৰ পথ বন্ধ হয় আৰু আৰ চি বি প্লে’ অফত প্ৰৱেশ কৰে ।
পণ্টৰ ওপৰত দল, দলীয় মেনেজমেণ্ট তথা অনুৰাগীৰ বিশ্বাস আছে । সকলোৱে আশা কৰিছিল পণ্টে দিল্লীক দিব আই পি এলৰ ট্ৰফী । সকলো ঠিকেই আছিল । ভবা মতেই সকলো আগবাঢ়িছিল । কিন্তু অতি গুৰুত্বপূৰ্ণ মেচখনত কৰা এই কেইটা ভুলে মেচখনৰ পৰাজয়ৰ মূল কাৰণ পণ্ট বুলিয়েই প্ৰমাণ কৰিছে ।
কেৱল আই পি এলৰ দিল্লী কেপিটেলছ নহয়, ভৱিষ্যতে পণ্টে বহন কৰিব লাগিব ভাৰতীয় দলৰ নেতৃ্ত্বও । বহু ক্ৰিকেট বিশেষজ্ঞই এতিয়াই পণ্টৰ হাতত ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব দিবলৈও কৈ আহিছে । এনে সময়ত পণ্টে এইদৰে কৰা নিজৰ সৰু সৰু ভুলৰ শুধৰণি নকৰিলে আৰু অধিক আত্মবিশ্বাসী হৈ নুঠিলে সেই দায়িত্বৰ বাবে তেওঁ যোগ্য হৈ নুঠিব । সেয়েহে এতিয়া সকলোৱে বিচাৰিছে পণ্টে নিজক কিছু সলনি কৰক ।