কেৰালাৰ ৰাষ্ট্ৰীয় কাৰাটেত খেলিব গুৱাহাটীৰ স্কুল অৱ কাৰাটে ডোৰ ৭ খেলুৱৈয়ে
অলিম্পিয়া প্ৰতিবেদন: কেৰালাৰ কালপেটা নামৰ ঠাইত অহা ২৮-২৯ মে’ত অনুষ্ঠিত হ’ব কেনিৰিঅ’ ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে গুৱাহাটী, জোতিকুছিত অৱস্থিত স্কুল অৱ কাৰাটে ডো, অসমৰ ৭ গৰাকী খেলুৱৈয়ে ৷
ইয়াৰ পূৰ্বে ৰাজ্যিক পৰ্যায়ত আয়োজিত প্ৰতিযোগিতাৰ ফলাফলৰ ভিত্তিত এই ৭ গৰাকী কাৰাটেকাক বাছনি কৰা হৈছে ৷ কেৰালাৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত খেলুৱৈসকল হ’ল – ল’ৰাৰ শাখাত ঃ প্ৰিয়াংশু চৌধুৰী, অভিষেক শৰ্মা, নাক্স পাল, কৃষ্ণকমল পাঠক; ছোৱালী শাখাত – তৃষ্ণা ডেকা, অংশুমিতা নাথ আৰু সুস্মিতা বড়ো ৷ ইয়াৰে প্ৰিয়াংশু চৌধুৰীয়ে ২০১৯ বৰ্ষত ক্ৰৱেছিয়াত অনুষ্ঠিত বিশ্ব কাৰাটে ফেডাৰেচনৰ দ্বাদশ বিশ্ব যুৱ কাপ কাৰাটে চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিছিল ৷
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
নিৰ্বাচিত খেলুৱৈসকলৰ কঠোৰ অনুশীলন ইতিমধ্যে অব্যাহত আছে ৷ তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিছে পঞ্চম ডান ব্লেক বেল্ট ডিগ্ৰীধাৰী ধন ৰয়ে ৷ মুখ্য প্ৰশিক্ষক ৰয়ৰ নেতৃত্বত অসম দলে অহা ২৬ মে’ত গুৱাহাটীৰ পৰা বিমানযোগে ৰাওনা হ’ব ৷ এই দলটোক স্থানীয় বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে ৷ ক্ৰীড়াপ্ৰেমীৰ আশা– অসমৰ এই উদীয়মান কাৰাটেকাসকল ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠি ৰাজ্যখনৰ সন্মান বৃদ্ধি কৰক ৷