মঙ্গলবাৰ : যি সময়ত দেশৰ অধিক সংখ্যক লোকে মানসিক স্বাস্থ্যৰ সৈতে সম্পৰ্কিত বিভিন্ন সমস্যাৰ লগতে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হৈ আছে, সেই সময়ত দেশৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই তেওঁৰ ক্ৰীড়া জীৱনৰ আৰম্ভণিৰ সময়ছোৱাত মানসিক স্বাস্থ্যৰ সৈতে কিদৰে যুজঁ দিছিল সেই বিষয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে।
‘দ্যা ব্ৰীজৰ’, মাইণ্ড মেটাৰ্ছৰ এটা খণ্ডত ৩৪ বছৰীয়া টেনিছ তাৰকাগৰাকীয়ে তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিৰ সময়ছোৱাত মানসিক স্বাস্থ্যৰ সৈতে তেওঁৰ সংগ্ৰামৰ বিষয়ে দীঘলীয়াকৈ বৰ্ণনা কৰিছে।
তেওঁ কৈছে, “মই মানসিক স্বাস্থ্যৰ সমস্যাৰ সন্মুখীন হৈছো। কেৱল টেনিছ খেলাৰ সময়তেই নহয়, কোৰ্টৰ বাহিৰতো মই এই সমস্যাৰ সন্মুখীন হৈছোঁ। মই ভাবো বহুসময়ত আমি আমাৰ জীৱনত সুখ আনিবলৈ আমাৰ কেৰিয়াৰৰ ওপৰত ইমান বেছি নিৰ্ভৰ কৰোঁ, যাৰ বাবে আমি এক প্ৰকাৰে পাহৰি যাওঁ যে কেৰিয়াৰ আমাৰ জীৱনৰ হে এটা অংশ, কেৰিয়াৰেই আমাৰ জীৱন নহয়।”
তেওঁ এই বিষয়ত মন্তব্য কৰিবলৈ গৈ বৰ্ণনা কৰিছে ২০০৮ চনৰ বেইজিং অলিম্পিকৰ সময়ছোৱাৰ এক ঘটনা। ২০০৮ চনৰ বেইজিং অলিম্পিকৰ পৰা ছানিয়া মণিবন্ধৰ আঘাতৰ বাবে আঁতৰি যাবলৈ বাধ্য হৈছিল। এই ঘটনাটো আছিল ছানিয়াৰ কেৰিয়াৰৰ আটাইতকৈ দুখজনক ঘটনা। সেই পৰিস্থিতিৰ বাবে ছানিয়া কিমান বেয়াকৈ প্ৰভাৱিত হৈছিল আৰু মানসিক স্বাস্থ্যৰ সমস্যাত ভূগিছিল সেই বিষয়ে উল্লেখ কৰিছে।
ছানিয়াই কৈছে, এই আঘাতৰ পিছত তেওঁ অনুভৱ কৰিছিল তেওঁৰ টেনিছ কেৰিয়াৰ শেষ হৈছে আৰু এই খেলবিধত তেওঁৰ যাত্ৰা সমাপ্ত। অলিম্পিকত আৰু অংশগ্ৰহণ কৰিব নোৱাৰিম বুলি যি অনুভৱ আছিল সেয়া আছিল হৃদয় বিদাৰক।