Friday, September 30, 2022
HomeNewsকে এল ৰাহুল বাহিনীৰ বিধ্বংসী বেটিঙত তচনচ দিল্লী কেপিটেলছ

কে এল ৰাহুল বাহিনীৰ বিধ্বংসী বেটিঙত তচনচ দিল্লী কেপিটেলছ

অলিম্পিয়া প্ৰতিবেদন

জয়জয় ময়ময় আই পি এলৰ নতুন দল লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ । দিল্লী কেপিটেলছৰ বিৰুদ্ধে কে এল ৰাহুল বাহিনীৰ বেটিং ধুমুহাই মোহিছে অনুৰাগীক । কুইন্টন ডি ককৰ বিধ্বংসী ৮০ ৰাণৰ উত্তাপে দহিলে ঋষভ পন্ট বাহিনীক । এটা বাউণ্ডেৰী আৰু আনটো অভাৰ বাউণ্ডেৰীৰে যুৱ ক্ৰিকেটাৰ আয়ুস বাদানিয়ে লক্ষ্ণৌক দিলে জয়ৰ প্ৰলেপ।

চলিত ছিজনত তৃতীয় বাৰলৈ জয়ৰ কৃতিত্ব অৰ্জন কৰিলে আই পি এলৰ নতুন দল লক্ষ্ণৌ ছুপাৰ জায়েন্টছে । বৃহস্পতিবাৰৰ মেচত আই পি এলৰ মহাৰণত অৱৰ্তীণ হ’ল দিল্লী কেপিটেলছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ । প্ৰথমে বেটিং কৰি দিল্লীয়ে ৩ টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ১৪৯ ৰাণ । দিল্লীৰ হৈ দুৰ্ধৰ্ষ বেটছমেন পৃথিৱী শ্ব’য়ে ৩৪ টা বলত ৬১ ৰাণ কৰি সকলোকে চমকিত কৰে । অধিনায়ক হিচাপে ঋষভ পন্টৰ ৩৯ ৰাণ আৰু শ্বাৰফাৰাজ খানৰ অপৰাজিত ৩৬ ৰাণেও দিল্লীক পৰাজয়ৰ গৰাহৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে ।

সহজ লক্ষ্য লৈ ক্ৰীজত নামিল চলিত ছিজনৰ ফৰ্মত থকা দল কে এল ৰাহুল নেতৃত্বৰ লক্ষ্ণৌ । কিন্তু লক্ষ্ণৌৱে ১৯ অভাৰ ৪ টা বলত নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈ এই ছিজনত তৃতীয়বাৰলৈ জয়ৰ সোৱাদ ললে । ক্ৰীজত কুইন্টন ডি ককে দেখুৱালে বেটিং পৰাক্ৰম । ৯ টা বাউণ্ডেৰী, ২ টা অভাৰ বাউণ্ডেৰীৰে ৫২ বলত সৰ্বাধিক ৮০ ৰাণ সংগ্ৰহ কৰে । অধিনায়ক ৰূপে কে এল ৰাহুল অপেনাৰ হিচাপে আহি ২৪ ৰাণ কৰি পেভেলিয়নলৈ উভতি আহে । মেচৰ অন্তিম পৰ্যায়ত ক্ৰুনাল পাণ্ডিয়া আৰু আয়ুস বাদানিৰ অপৰাজিত ইনিংছটোৱে ক্ৰিকেট অনুৰাগীক গভীৰ চাপত ৰাখিলে । কাৰণ অন্তিম তিনিটা বললৈকে ওলমি ৰৈছিল জয়ৰ ভাগ্য । পিছে যুৱ ক্ৰিকেটাৰ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ নয়নৰ মণি আয়ুস বাদানিয়ে স্তম্ভিত কৰিলে ক্ৰিকেট বিশ্বক । শেষৰ অভাৰৰ ৩ নম্বৰ বলত ১ টা বাউণ্ডেৰী আৰু ৪ নম্বৰ বলত বাদানিয়ে কোবালে অভাৰ বাউণ্ডেৰী । লগে লগে ১৫১ ৰাণ সংগ্ৰহেৰে পুনবাৰ বিজয় সাব্যস্ত কৰিলে কে এল ৰাহুল বাহিনীয়ে ।

উল্লেখযোগ্য যে, এই পৰ্যন্ত লক্ষ্ণৌয়ে খেলা চাৰিখন মেচৰ ভিতৰত তিনিখনতে জয়ৰ ধাৰা অব্যাহত ৰাখিছে । আনহাতে, দিল্লী কেপিটেলছে খেলা তিনিখন মেচৰ ভিতৰত এই পৰ্যন্ত মাত্র এখনত জয়লাভ কৰিছে ।

বৃহস্পতিবাৰৰ মেচখনৰ পাছতেই ৬ পইন্টেৰে তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হ’ল লক্ষ্ণৌ ছুপাৰ জায়েন্টছ । ৬ পইন্টৰে এতিয়াও শীৰ্ষত আছে কলকাতা নাইট ৰাইডাৰ্ছ ।
শুক্ৰবাৰে, পঞ্জাৱ কিংছ অৱৰ্তীণ হ’ব আই পি এলৰ নতুন দল গুজৰাট টাইটানছৰ বিৰুদ্ধে ।

এইদৰেই, আই পি এল প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰিছে ক্ৰীড়া বিশ্ব । নিজৰ পচন্দৰ দলটোৰ জয় কামনা কৰিছে কোটি কোটি অনুৰাগীয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

six − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments