Tuesday, October 4, 2022
HomeNewsকোচিৰ উদ্ধোধনী মেচত কেৰালা ব্লাষ্টাৰ্ছ বনাম ইষ্ট বেংগল

কোচিৰ উদ্ধোধনী মেচত কেৰালা ব্লাষ্টাৰ্ছ বনাম ইষ্ট বেংগল

৭ অক্টোবৰৰ পৰা আই এছ এল ২০২২-২৩ ছিজন আৰম্ভ ঃ

অলিম্পিয়া প্ৰতিবেদন: পুনৰ পুৰণি ফৰ্মেটলৈ প্ৰত্যাৱৰ্তন কৰিলে দেশৰ অৰ্থবহুল ফুটবল টুৰ্ণামেণ্ট ইণ্ডিয়ান ছুপাৰ লীগ, চমুকৈ আই এছ এল ৷ যোৱা বাৰৰ দৰে মুঠ ১১ টা দলৰ মাজত ‘হোম’ আৰু ‘এৱে’ ভিত্তিত ডাবোল লেগত অনুষ্ঠিত হ’ব দেশৰ জনপ্ৰিয় এই পেচাদাৰী ফুটবল টুৰ্ণামেণ্ট ৷

অহা ৭ অক্টোবৰ, শুকুৰবাৰে কোচিত অনুষ্ঠিত হ’বলগীয়া উদ্ধোধনী মেচত প্ৰতিদ্বন্দ্বিতা কৰিব কেৰালা ব্লাষ্টাৰ্ছ আৰু ইষ্ট বেংগল দলে ৷ দুটা ছিজনৰ পাছত ২০২২-২৩ ছিজনৰ মেচসমূহ দৰ্শকে প্ৰত্যক্ষভাৱে ষ্টেডিয়ামলৈ গৈ উপভোগ কৰিব পাৰিব ৷ উল্লেখ যে কৰোণা মহামাৰীৰ বাবে বিগত দুটা ছিজনৰ মেচবোৰ গোৱাৰ জৈৱ সুৰক্ষিত পৰিৱেশত অনুষ্ঠিত হৈছিল আৰু এই মেচ উপভোগ কৰিবলৈ দৰ্শকক অনুমতি দিয়া নাছিল ৷

প্ৰথমবাৰৰ বাবে আই এছ এলৰ মেচ দৈনিক অনুষ্ঠিত নহ’ব ৷ ষ্টেডিয়ামলৈ দৰ্শকক আকৰ্ষণ কৰাৰ বাবে মেচ অনুষ্ঠিত হ’ব বৃহস্পতিবাৰৰ পৰা দেওবাৰলৈ ৷ তদুপৰি আন এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল প্লেঅফৰ নতুন পদ্ধতি প্ৰৱৰ্তন কৰা হৈছে ৷ লীগ পৰ্যায়ৰ শীৰ্ষ দুটা দলে পোনপটীয়াকৈ ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব ৷ লীগৰ তৃতীয়ৰ পৰা ষষ্ঠ স্থান প্ৰাপ্ত দলবোৰৰ মাজৰ পৰা ছিংগল লেগৰ মেচৰ যোগেদি ছেমিফাইনেলৰ আন দুটা দল নিৰ্ণয় কৰা হ’ব ৷

ইফালে ডিফেণ্ডিং চেম্পিয়ন হাইদৰাবাদ এফ চি এ খিতাপ ৰক্ষাৰ যুঁজত ৮ অক্টোবৰত হাইদৰাবাদত মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব ৷ জামছেদপুৰ এফ চি এ ১১ অক্টোবৰত ভূৱনেশ্বৰত উডিষা এফ চিৰ বিৰুদ্ধে খেলিব ৷ গুৰুত্বপূৰ্ণ কলকাতা ডাৰ্বিৰ মেচ দুখন মোহন বাগান আৰু ইষ্ট বেংগলৰ মাজত ছল্টলেক ষ্টেডিয়ামত ক্ৰমে ২৯ অক্টোবৰ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ৷

এই ছিজনত মুঠ মেচৰ সংখ্যা হ’ব ১১৭ খন ৷ ইয়াৰ ভিতৰত প্লে অফ মেচ আৰম্ভ হোৱাৰ পূৰ্বে পাঁচ মাহ জুৰি লীগ পৰ্যায়ৰ মেচ চলিব ৷ ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপৰ পাছতেই আৰম্ভ হ’ব আই এছ এল ফুটবল টুৰ্ণামেণ্ট ৷ ডুৰাণ্ড কাপত আই এছ এলৰ দলবোৰে অংশগ্ৰহণ কৰিছে যদিও কিছু দলে ৰিজাৰ্ভ খেলুৱৈক লৈ ভাগ লৈছে ৷ আই এছ এল অন্ত পৰাৰ পাছতে এই দলবোৰে ছুপাৰ কাপত প্ৰতিদ্বন্দ্বিতা কৰিব ৷
নতুন পদ্ধতি অনুসৰি–
এলিমিনেটৰ ১ ঃ তৃতীয় স্থানৰ দল বনাম ষষ্ঠ স্থানৰ দল ৷
এলিমিনেটৰ ২ ঃ চতুৰ্থ স্থানৰ দল বনাম পঞ্চম স্থানৰ দল ৷

ছেমিফাইনেল ১ ঃ প্ৰথম লেগ ঃ প্ৰথম স্থানৰ দল বনাম এলিমিনেটৰ ২ ৰ বিজয়ী ৷
ছেমিফাইনেল ২ ঃ প্ৰথম লেগ ঃ দ্বিতীয় স্থানৰ দল বনাম এলিমিনেটৰ ১ ৰ বিজয়ী ৷
ছেমিফাইনেল ১ ঃ দ্বিতীয় লেগ ঃ এলিমিনেটৰ ২ ৰ বিজয়ী বনাম প্ৰথম স্থানৰ দল ৷
ছেমিফাইনেল ২ ঃ দ্বিতীয় লেগ ঃ এলিমিনেটৰ ১ ৰ বিজয়ী বনাম দ্বিতীয় স্থানৰ দল ৷

ফাইনেল ঃ ছেমিফাইনেল ১ ৰ বিজয়ী বনাম ছেমিফাইনেল ২ ৰ বিজয়ী ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen + 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments