অলিম্পিয়াৰ প্ৰতিবেদন
বিশ্ব বিখ্যাত আলোচনী ফৰ্বচৰ সদ্য প্ৰকাশিত বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰৰ তালিকাত পুনৰ শীৰ্ষ স্থান অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে লিয়নেল মেচিয়ে। বিগত বৰ্ষতো মেচিয়ে বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ হিচাপে স্থান লাভ কৰিছিল। একেদৰে দ্বিতীয় স্থানত পূৰ্বৰ দৰেই আছে ক্ৰিষ্টিয়ানো ৰনাল্ড।
বাৰ্চিলোনাৰ তাৰকা ফুটবলাৰ মেচিৰ ইনকাম হৈছে ১২৬ মিলিয়ন ডলাৰ (৯২৪ কোটি)। ইয়াৰে ৯২ মিলিয়ন ডলাৰ তেওঁ দৰমহাৰ পৰা আহিছে আৰু ৩৪ মিলিয়ন ডলাৰ লাভ কৰিছে বিভিন্ন কোম্পানীৰ পৰা। মেচি বিভিন্ন কোম্পানীৰ লগত চুক্তিবদ্ধ হৈ থকাৰ উপৰিও তেওঁ ইনষ্টাগ্ৰামৰ জড়িয়তেও ধন লাভ কৰি আহিছে। ইনষ্টাগ্ৰামত মেচিৰ জড়িয়তে পেইড পষ্ট কৰি একাংশ প্ৰতিষ্ঠানে বিজ্ঞাপন প্ৰচাৰ কৰে আৰু সেই পষ্টৰ পৰাই মেচিয়ে ধন লাভ কৰে। অৱশ্যে বিগত বৰ্ষতকৈ মেচিয়ে এইবাৰ ৭ কোটি টকা কম উপাৰ্জন কৰিছে।
তালিকাৰ দ্বিতীয় স্থানত আছে ক্ৰিষ্টিয়ানো ৰনাল্ড’। তেওঁ চলিত বৰ্ষত ১১৭ মিলিয়ন ডলাৰ লাভেৰে বিশ্বৰ দ্বিতীয় ধনী ফুটবলাৰ হিচাপে পৰিগণিত হৈছে। ৰনাল্ড’ বহু কেইটা আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ লগত চুক্তিবদ্ধ হৈ থকাৰ লগতে ইনষ্টাগ্ৰামৰ সৰ্বাধিক ফ’লৱাৰ থকা ব্যক্তি। তেওঁ ক্লাবৰ পোৱা পাৰিশ্ৰমিক আৰু বিভিন্ন প্ৰতিষ্ঠানৰ লগত হোৱা চুক্তি, ইনষ্টাগ্ৰামৰ পেইড পোষ্টৰ জড়িয়তে ধন সংগ্ৰহ কৰিছে।
তালিকাৰ তৃতীয় স্থানত আছে নেইমাৰ। নেইমাৰৰ উপাৰ্জন ৯৬ মিলিয়ন ডলাৰ।