Thursday, July 7, 2022
HomeNewsকোন হ'ব পৰবৰ্তী ICC অধ্যক্ষ? BCCI য়ে কাক দিব সমৰ্থন?

কোন হ’ব পৰবৰ্তী ICC অধ্যক্ষ? BCCI য়ে কাক দিব সমৰ্থন?

অলিম্পিয়াৰ প্ৰতিবেদন

বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ আইচিচিৰ অধ্যক্ষ হোৱাৰ সকলোপথ বন্ধ হোৱাৰ পিছত সকলোৰে মনত প্ৰশ্ন উদয় হৈছিল, বিশ্বৰ আটাইতকৈ ধনী ক্ৰিকেট ব’ৰ্ড বিচিচিআইৰ ফালৰ পৰা আইচিচিৰ অধ্যক্ষ পদৰ বাবে কাক সমৰ্থন জনাব? এই প্ৰশ্নৰ উত্তৰ পোনপটীয়াকৈ লাভ নকৰিলেও অৱশ্যে বিচিচিআইয়ে কাক সমৰ্থন জনাব তাৰ এক আগতীয়া ইংগিত লাভ কৰা গৈছে।

আগন্তুক আগষ্ট মাহত অনুষ্ঠিত হ’ব আইচিচিৰ অধ্যক্ষ পদৰ নিৰ্বাচন। এই পদৰ বাবে এইবাৰ মাত্ৰ দুজন ব্যক্তিয়েহে মনোনয়ন দাখিল কৰিছে, নিউজিলেণ্ডৰ Gregor Barclay আৰু ছিংগাপুৰৰ Imran Khwaja ই। অৱশ্যে প্ৰথমাৱস্থাত সকলোৱে ভাবিছিল বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে আইচিচিৰ অধ্যক্ষ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিব। কিন্তু গাংগুলীয়ে সেই পদৰ বাবে ইচ্ছা প্ৰকাশ নকৰি বিচিচিআইৰ অধ্যক্ষ হৈ থাকিবলৈকে ইচ্ছা প্ৰকাশ কৰিলে।

গাংগুলীয়ে আইচিচিৰ অধ্যক্ষৰ বাবে মনোনয়ন দাখিল নকৰাত এতিয়া বিচিচিআইয়ে কাক সমৰ্থন জনাব তাকলৈ চৰ্চা অব্যাহত আছে। খবৰ অনুসৰি বিচিচিআইয়ে নিউজিলেণ্ডৰ Gregor Barclay আইচিচিৰ অধ্যক্ষ পদৰ বাবে সমৰ্থন জনাব। কাৰণ নিউজিলেণ্ডৰ Gregor Barclay ই দ্বিপাক্ষিক শৃংখলাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ কথা প্ৰকাশ কৰিছে আৰু ভাৰতেও দ্বিপাক্ষিক শৃংখলা অধিক অনুষ্ঠিত কৰাৰ প্ৰতি আগ্ৰহী। মনকৰিবলগীয়া যে বৰ্তমানৰ আইচিচিৰ অধ্যক্ষ শশাংক মনোহৰৰ লগত বিচিচিআইৰ এই বিষয়টোকলৈয়ে মতানৈক্য আৰম্ভ হৈছিল। আনহাতে ছিংগাপুৰৰ Imran Khwaja আইচিচিৰ অধ্যক্ষ হ’লে বিচিচিআইৰ কোনোধৰণৰ লাভ নহ’ব আৰু আইচিচিৰ অন্তৰ্গত অন্যান্য দেশৰ ব’ৰ্ডেও নিউজিলেণ্ডৰ Gregor Barclay কেই অধিক সমৰ্থন দিয়াৰ উমান লাভ কৰা গৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments