Wednesday, October 5, 2022
HomeNewsকোহলিৰ সমৰ্থনত আই পি এলৰ গেলাৰীত টীম KGF । আৰ চি...

কোহলিৰ সমৰ্থনত আই পি এলৰ গেলাৰীত টীম KGF । আৰ চি বিৰ জাৰ্ছিত অভিনেতা সঞ্চয় দত্ত -ৰবিনা টেণ্ডন ।

কোহলিৰ সমৰ্থনত আই পি এলৰ গেলাৰীত টীম KGF । আৰ চি বিৰ জাৰ্ছিত অভিনেতা সঞ্চয় দত্ত -ৰবিনা টেণ্ডন ।

অলিম্পিয়া প্ৰতিবেদন: আই পি এলৰ জ্বৰে দহিছে বলিউদৰ অভিনেতাক । সমগ্ৰ ক্ৰিকেট বিশ্বৰ অনুৰাগীৰ সমান্তৰাললৈ মৈদানত উপস্থিত হৈ মেচ উপভোগ কৰিছে বলিউদৰ তাৰকা অভিনেতাই । শেহতীয়াকৈ মুক্তিলাভ বোলছবি KGF য়ে চলচিত্ৰপ্ৰেমীৰ মাজত লাভ কৰিছে তুমুল জনপ্ৰিয়তা । সেই বোলছবিত অভিনীত সঞ্চয় দত্তৰ সহ অভিনেতাসকলক দেখা গ’ল আই পি এলৰ মৈদানত । নিজে অভিনয় কৰা চৰিত্ৰৰ নামসমূহ দেখা গল জাৰ্ছিত ।তেওঁলোক সকলোৱে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ জাৰ্ছি পিন্ধি ফাফ ডু প্লেছিছ বাহিনীক কৰিলে সমৰ্থন । এই দৃশ্য বিগত ১৯ এপ্ৰিল, সোমবাৰৰ ।

আৰু অধিক পঢ়ক

সমুখ সমৰত নামিল আৰ চি বি বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ । আৰ চি বিৰ জাৰ্ছি পিন্ধি আই পি এল উপভোগ কৰাৰ দৃশ্য ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে এসময়ৰ মোহময়ী অভিনেত্ৰী ৰবিনা টেণ্ডনে । লগতে অভিনেত্রীগৰাকীয়ে ছচিয়েল মিডিয়াত লিখিলে –আজি ৰাতি সকলোৱে কওক ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ।
সেইদৰে KGF ৰ অভিনেতাসকলৰ সৈতে আৰ চি বিৰ জাৰ্ছি পিন্ধি ফটো চেয়াৰ কৰিলে সঞ্চয় দত্তই । নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামৰ গেলাৰীৰ পৰা তেওঁলোকে উপভোগ কৰিলে এখন হাই ভল্টেজ মেচ । অৱশ্যে টীম KGF য়ে সমৰ্থন কৰা আৰ চি বিয়ে সেই মেচখনত জয়লাভ কৰিলেও কোহলি ৰাণ শূণ্যতেই আউট হয় । কে এল ৰাহুল বাহিনীক বিধ্বংস কৰি ১৮ ৰাণত জয়ী হৈছিল ফাফ ডু প্লেছিছৰ নেতৃত্বৰ আৰ চি বি ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

উল্লেখযোগ্য যে, KGF বোলছবিক সমৰ্থন কৰি খেলৰ দুদিন পূৰ্বে আৰ চি বিয়ে কৰিছিল টুইট । আই পি এলত টীম KGF ৰ উপস্থিতিত উৎকন্ঠিত হৈ পৰিছে অনুৰাগী সকল । ভিডিঅ’ আৰু ফটো হৈ পৰিল ভাইৰেল । অভিনয়ৰ সতে জড়িত হৈ থাকিলেও ক্ৰিকেটক তেওঁলোকৰ শিৰে শিৰে বিৰাজমান, তাকেই পুনৰ প্ৰমাণ কৰিলে সঞ্চয় দত্ত, ৰবিনা টেণ্ডন অথবা টীম KGF য়ে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 − 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments