Wednesday, October 5, 2022
HomeNewsকোহলি আৰু ভাৰতীয় ক্ৰিকেট দলক প্ৰশংসা কৰি পাকিস্তানৰ ক্ৰিকেট অনুৰাগীক সমালোচনা ছোয়েব...

কোহলি আৰু ভাৰতীয় ক্ৰিকেট দলক প্ৰশংসা কৰি পাকিস্তানৰ ক্ৰিকেট অনুৰাগীক সমালোচনা ছোয়েব আখতাৰৰ

অলিম্পিয়াৰ প্ৰতিবেদন

এইবাৰ পাকিস্তানৰ ক্ৰিকেট অনুৰাগীক সমালোচনা কৰিলে পাকিস্তানৰে পূৰ্বৰ ক্ৰিকেটাৰ ছোয়েব আখতাৰে। ভাৰতীয় তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলি আৰু ভাৰতীয় দলক প্ৰশংসা নকৰাৰ বাবেই এই সমালোচনা কৰিছে ক্ৰিকেটাৰগৰাকীয়ে।

দৰাচলতে বিগত সময়ছোৱাত আখতাৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি আৰু সহ অধিনায়ক ৰোহিত শৰ্মাক প্ৰশংসা কৰিছিল। ইয়াৰ পিছতে পাকিস্তানৰ ক্ৰিকেট অনুৰাগীসলে ছোয়েব আখতাৰক এই কাৰ্যক সমালোচনা কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত আখতাৰে পাকিস্তানৰ ক্ৰিকেট অনুৰাগীক পৰিসংখ্যা চাবলৈ কৈ সমালোচনা কৰিছে।

আখতাৰে কয়, সমালোচনা কৰা বোৰে এইটো স্বীকাৰ কৰিব লাগে যে ভাৰতীয় অধিনায়ক বিৰাট কোহলি পৃথিৱীৰ টপ বেটছমেন বোৰৰ এজন আৰু তেওঁ প্ৰশংসাৰ যোগ্য। মই ভাল খেলুৱৈ আৰু টীমৰ প্ৰশংসা কিয় কৰিব নোৱাৰোঁ?

ইয়াৰ উপৰিও তেওঁ কয়, মই নাজানোঁ মানুহবোৰে কিয় ইমান বেয়া পাইছে। তেওঁলোকে মোক সমালোচনা কৰাৰ পূৰ্বে পৰিসংখ্যা চাইলোৱা উচিত। তেওঁলোকে কি ঘৃণাকহে ধান্য দিব বিচাৰে নেকি নে বিৰাট এগৰাকী ভাৰতীয় আৰু সেইবাবেই মই তেওঁৰ প্ৰশংসা কৰিব নালাগে? কোহলিয়ে বিগত সময়ত ৭০ টা শতক সংগ্ৰহ কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এই সময়ত আৰু কোন আছে? তেওঁ ভাৰতক কিমান চিৰিজত জয় কৰোৱাইছে? মই কি তেওঁক প্ৰশংসা কৰিব নালাগে?

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments