Wednesday, July 6, 2022
HomeOur PrideCricketকোহলি সৰ্বকালৰ শ্ৰেষ্ঠ :আখতাৰ

কোহলি সৰ্বকালৰ শ্ৰেষ্ঠ :আখতাৰ

 

শচীনৰ অভিলেখ ভংগ হ’ব নেকি ? কোন ক্ৰিকেটাৰে আনিছে শচীনৰ অক্ষত দুৰ্গৰ প্ৰতি ভাবুকি ? মূৰ দোৱাব নেকি ক্ৰিকেটৰ ভগৱানে ? তেনে এক সম্ভাৱনাৰ এক স্পষ্ট ইংগিত দিলে পাকিস্থানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখতাৰে ।

শচীন তেণ্ডুলকাৰে অৱসৰ গ্ৰহণ কৰাৰ পিছত সকলোৱে ভাবিছিল যে তেওঁৰ অভিলেখসমূহ অক্ষত হৈয়ে ৰ’ব ৷ দুই শতাধিক টেষ্ট খেলাৰ অভিজ্ঞতাৰ লগতে আন্তৰ্জাতিক ক্ৰিকেটত আছে শতৰাণৰ ‘শতক ’ ৷ ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত শচীনে নিজকে যি উচ্চতালৈ লৈ গৈছিল সেয়া স্পৰ্শ কৰাটো যিকোনো ক্ৰিকেটাৰৰ বাবে সপোনৰ বাদে আন একো নহয় ৷

কিন্তু বিৰাট কোহলিৰ উত্থানৰ পিছতে শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ডসমূহলৈ এক অনিশ্চয়তা নামি আহিছিল ৷ ২০১৪ ৰ পৰা ২০১৯ লৈ এই সময়ছোৱাত কোহলিয়ে যি দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিছিল তাৰ প্ৰতি লক্ষ্য ৰাখি শচীনৰ ৰেকৰ্ডসমূহ যেন কোহলিয়ে ভংগ কৰিব তেনে এক ধাৰণা সকলোৰে মনলৈ আহিছিল ৷ কিন্তু ২০১৯ ৰ নৱেম্বৰৰ পিছৰে পৰা দৃশ্যপট সম্পূৰ্ণ সলনি হ’ল ৷ লাহে লাহে অবনমিত হ’বলৈ ধৰিলে বিৰাটৰ প্ৰদৰ্শন ৷ ২০১৯ ত কলকাতাত বাংলাদেশৰ বিৰুদ্ধে দিবা-নৈশ টেষ্টখনৰ পিছৰে পৰা কোনো শৃংখলাতে শতৰাণ কৰিবলৈ সক্ষম হোৱা নাই কোহলি ৷

সদ্যসমাপ্ত আই পি এলত কেৰিয়াৰৰ সকলোতকৈ দুৰ্বল প্ৰদৰ্শন দাঙি ধৰিলে বিৰাটে ৷ ১৬ খন মেচৰ পৰা সংগ্ৰহ মাত্ৰ ৩৪১ ৰাণ, গড় ২২.৭৩ ৷ ইয়াত আছে মাত্ৰ দুটা অৰ্ধশতকীয় ইনিংছ ৷ তিনিখন মেচত শূণ্য ৷ কোহলিৰ এনে দুৰ্বল প্ৰদৰ্শন কেতিয়াও প্ৰত্যক্ষ কৰা নাছিল ক্ৰিকেট বিশ্বই ৷ এনে পৰিস্থিতিত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বিৰাট কোহলি ৷ কাৰণ খেলুৱৈৰ মূল কথাটোৱেই হৈছে ফৰ্ম আৰু পাৰ্ফমেঞ্চ ৷ সেয়াই যদি নাথাকে তেনেহলে সমালোচনাৰ সন্মুখীন হোৱাটো স্বাভাবিক ৷

সামাজিক মাধ্যমত চলিছে কোহলিৰ প্ৰদৰ্শনকলৈ অহৰহ ট্ৰল ৷ কিন্তু ইয়াৰ মাজতে কোহলিক এক বিশেষ বাৰ্তা প্ৰদান কৰিলে প্ৰাক্তন পাকিস্তানী স্পীডষ্টাৰ ছোৱেইব আখতাৰে ৷ ক্ৰিকেট এৰি বৰ্তমান নিজৰ ইউটিউব চেনেলত ব্যস্ত ৰাৱাল পিণ্ডি এক্সপ্ৰেছ ৷ সেই চেনেলৰ জৰিয়তে ছোৱেইবে কলে, “এজন পাকিস্তানী হিচাপে কৈছো–কোহলি সৰ্বকালৰ এগৰাকী শ্ৰেষ্ঠ ক্ৰিকেটাৰ ৷ তেওঁক প্ৰাপ্য সন্মান দিয়া উচিত ৷ মই নিশ্চিত যে কোহলিয়ে তেওঁৰ কেৰিয়াৰত ১১০ টা শতৰাণ কৰিবলৈ সক্ষম হ’ব ৷” ইয়াৰ লগতে কোহলিলৈ আখতাৰৰ আবেগপ্ৰবণ বাৰ্তা– “বিৰাট বৰ্তমানৰ মানসিক অৱস্থাই তোমাক ১১০ টা শতৰাণৰ বাবে সাজু কৰি তুলিব ৷ তুমি দুৰ্বল নহ’বা ৷ ৪৫ বছৰ পৰ্যন্ত খেলিব পাৰিবা তুমি ৷ ক্ৰিকেটপ্ৰেমীয়ে তোমাক নাকচ কৰিব বিচাৰিছে ৷ তোমাৰ সমালোচনাত সকলো ব্যস্ত ৷ দেৱালীত পোষ্ট দিলেও তোমাক সমলোচনা কৰে তেওঁলোকে ৷ তোমাৰ পৰিবাৰ আৰু কন্যাকলৈয়ো টুইট কৰিবলৈ এৰা নাই তেওঁলোকে ৷ এই অদৰকাৰী কথাবোৰৰ পৰা আঁতৰি তুমি ১১০ খন টেষ্ট আৰু শতৰাণৰ বাবে নিজকে সাজু কৰা ৷ তুমি শ্ৰেষ্ঠ আছিলা আৰু থাকিবা ৷” উল্লেখ্য যে ধাৰাবাহিক ব্যৰ্থতাৰ পিছত কোহলিক বিশ্ৰাম লোৱাৰ বাবে ইতিমধ্যে পৰামৰ্শ আগবঢ়াইছে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সঞ্জয় মাঞ্জেৰেকাৰ, বীৰেন্দ্ৰ সেহবাগ, ৰবি শাস্ত্ৰী আদি প্ৰাক্তন তাৰকা ক্ৰিকেটাৰে ৷

অনাগত সময়বোৰত জ্যেষ্ঠ ক্ৰিকেটাৰসকলৰ পৰামৰ্শ কিদৰে পালন কৰিব, সেয়া হ’ব লক্ষণীয় । ক্ৰীড়া অনুৰাগীৰ আশা — পূৰ্বৰ ছন্দলৈ প্ৰত্যাৱৰ্তন কৰক কিং কোহলিয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments