Thursday, July 7, 2022
HomeNewsকোৱালিফায়াৰ - ২ মেচৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ মোক্ষম আঘাত

কোৱালিফায়াৰ – ২ মেচৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ মোক্ষম আঘাত

কোৱালিফায়াৰ – ২ মেচৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ মোক্ষম আঘাত

অলিম্পিয়া প্ৰতিবেদন: কোৱালিফায়াৰ – ২ মেচৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ মোক্ষম আঘাত । স্বদেশলৈ উভতিল নিউজিলেণ্ডৰ অলৰাউণ্ডাৰ ডাৰিয়েল মিচেল । এজন নিৰ্ভৰযোগ্য খেলুৱৈৰ অবিহনে ৰাজস্থান ৰয়েলছ উন্নীত হ’বনে খিতাপ যুঁজলৈ — ইয়াকে লৈ বিভিন্ন জনে উত্থাপন কৰিছে প্ৰশ্ন ।

আৰু অধিক পঢ়ক

চলিত আই পি এলত ৰাজস্থান ৰয়েলছৰ বাবে নিৰ্ভৰযোগ্য সদস্য আছিল ডাৰিয়েল মিচেল । নিউজিলেণ্ডৰ অলৰাউণ্ডাৰ গৰাকীয়ে ৰাজস্থানৰ হৈ খেলি দলটোক দিছিল অৱদান । ইতিমধ্যে, কোৱালিয়াৰ ২ প্ৰৱেশ কৰিছে সঞ্জু চেমছন বাহিনীয়ে । শুক্ৰবাৰে, আৰ চি বিৰ সৈতে যুঁজিব দলটোৱে । এনে এক সময়তে ৰাজস্থান ৰয়েলছৰ পৰা নোহোৱা হ’ল এজন তাৰকা খেলুৱৈ । জাতীয় দলৰ দায়িত্ব পালনৰ বাবে নিউজিলেণ্ডলৈ উভতিল অলৰাউণ্ডাৰ ডাৰিয়েল মিচেল । ৰাজস্থান ৰয়েলছে টুইটাৰ যোগে এক ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰিয় খেলুৱৈগৰাকীক দিছে বিদায় ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰকৃততে, অহা ২ জুনৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট চিৰিজ খেলিব নিউজিলেণ্ডে । এই ছিৰিজৰ বাবে দলটোত নাম আছে মিচেলৰো ।সেয়েহে, নিউজিলেণ্ডৰ জাতীয় দলৰ শিবিৰত যোগ দিয়াৰ উদ্দেশ্যে ভাৰত ত্যাগ কৰিবলগীয়া হ’ল খেলুৱৈগৰাকীয়ে ।

উল্লেখযোগ্য যে, চলিত আই পি এলত ৰাজস্থান ৰয়েলছ ২ খন মেচতেই ব্যৱহাৰ কৰিছিল ডাৰিয়েল মিচেলক । বাকী মেচত আছিল ৰিৰ্জাভ খেলুৱৈ হৈ । মিচেল উভতি গ’লেও তেওঁৰ দুই স্বদেশীয় আই পি এলৰ সতীৰ্থ ট্ৰেন্ট বোল্ট আৰু জেমছ নিছাম থাকিব ভাৰততেই ।

ইফালে, কোৱালিফায়াৰ- ২ ৰ বাবে সাজু হৈছে আৰ চি বি বনাম ৰাজস্থান ৰয়েলছ । প্ৰায় ১ লাখ ৩০ হেজাৰ আসনযুক্ত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়াম জীপাল হ’ব ক্ৰিকেট মহাতাৰকাৰ প্ৰদৰ্শনেৰে । ইতিমধ্যে, গুজৰাট টাইটানছ প্ৰৱেশ কৰিছে ফাইনেলত । শুক্ৰবাৰৰ মেচখনৰ ওপৰতেই ভৰষা কৰিছে দুটা দলৰ ফাইনেলৰ ভৱিষ্যত । যিটো দলে জিকিব দেওবাৰে ফাইনেলত গুজৰাট টাইটানছৰ বিৰুদ্ধে মুখামুখী হ’ব । ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত দুই দলৰ অধিনায়ক সঞ্জু চেমচন আৰু ফাফ ডু প্লেছিছ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 + 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments