Thursday, July 7, 2022
HomeNewsকোৱালিয়াৰ ২ ত দুই দলৰ ৰাজকীয় যুঁজ

কোৱালিয়াৰ ২ ত দুই দলৰ ৰাজকীয় যুঁজ

কোৱালিয়াৰ ২ ত দুই দলৰ ৰাজকীয় যুঁজ

অলিম্পিয়া প্ৰতিবেদন: এলিমিনেটৰ মেচত আৰ চি বিৰ হাতত পৰাভূত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ । শতকেৰে উজলিল ৰজত পাতিদাৰ । কে এল ৰাহুলৰ অৰ্ধশতকেও ৰক্ষা কৰিব নোৱাৰিলে লক্ষ্ণৌক । চলিত ছিজনৰ আই পি এলৰ পৰা বিদায় ল’লে কে এল ৰাহুল বাহিনীয়ে ।

এলিমিনেটৰ মেচত পৰাজয় বৰণ কৰাৰ লগে লগে ফাইনেললৈ যোৱাৰ পথ ৰুদ্ধ হ’ল লক্ষ্ণৌৰ । বুধবাৰে ইডেন গাৰ্ডেনত এলিমিনেটৰ মেচত অৱৰ্তীণ হ’ল ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ । প্ৰথমে বেটিং কৰি আৰ চি বিয়ে ৪ টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ২০৭ ৰাণ । আৰ চি বিৰ হৈ দুৰ্দান্ত বেটাৰ ৰজত পাতিদাৰে দেখুৱালে বেটিং পৰাক্ৰম । তেওঁ ৫৪ টা বলত ১১২ ৰাণৰ উপহাৰ আগবঢ়ালে দললৈ ।

আৰু অধিক পঢ়ক

ৰজতৰ অপৰাজিত ইনিংছটোত আছিল ১২ টা বাউণ্ডেৰী আৰু ৭ টা অভাৰ বাউণ্ডেৰী । ক্ষান্ত নাথাকিল দীনেশ কাৰ্তিক । দিনেশ কাৰ্তিকৰ বেটৰ পৰা আহিল ৩৭ ৰাণ । আৰ চি বিৰ পূৰ্বৰ অধিনায়ক বিৰাট কোহলিয়ে ২৪ টা বলত দললৈ বৰঙণি যোগালে ২৫ ৰাণ। অধিনায়ক হিচাপে ফাফ ডু প্লেছিছৰ ৰাণৰ অৱদান শূণ্য যদিও আৰ চি বিৰ বাকী সতীৰ্থই লক্ষ্ণৌৰ সন্মুখত বিজয়ৰ লক্ষ্য হিচাপে বান্ধি দিলে ৰাণৰ পাহাৰ ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

ৰাহুলে ৫৮ টা বলত কৰিলে ৭৯ ৰাণ

জয়ৰ বাবে ২০৮ ৰাণৰ বৃহৎ লক্ষ্য লৈ ক্ৰীজত নামিল কে এল ৰাহুল বাহিনী । অপেনাৰ হিচাপে আহিল লক্ষ্ণৌৰ অধিনায়ক কে এল ৰাহুল আৰু কুইন্টন ডি কক । প্ৰথম অভাৰতে কুইন্টন ডি কক ৬ ৰাণ কৰি আউট হলেও কে এল ৰাহুলে বহু সময় খেলপথাৰত বোৱালে বেটিং ধুমুহা । ৰাহুলে ৫৮ টা বলত কৰিলে ৭৯ ৰাণ । কে এল ৰাহুলৰ ইনিংছটোত আছিল ৩ টা বাউণ্ডেৰী আৰু ৫ টা অভাৰ বাউণ্ডেৰী ।

কে এল ৰাহুল আউট হোৱাৰ পাছত সেই ধাৰাবাহিকতা ৰক্ষা কৰিলে দীপক হুদাই । তেওঁ ২৬ টা বলত ৪৫ ৰাণ কৰি লক্ষ্ণৌক জয়ৰ কাষলৈ লৈ যায় । কিন্তু জয়ৰ বাবে মৰণপণ যুঁজ দিও ব্যৰ্থ হ’ল লক্ষ্ণৌ । আৰ চি বিৰ দুৰ্ধৰ্ষ বলাৰৰ সন্মুখত খহিল এটাৰ পাছত আনটো উইকেট । ৬ টা উইকেট হেৰুৱাই ১৯৩ ৰাণতে ক্ষান্ত থাকিল কে এল ৰাহুল বাহিনী । ফলত ১৪ ৰাণত জয়ৰ মালা পিন্ধিলে ফাফ ডু প্লেছিছৰ নেতৃত্বৰ আৰ চি বিয়ে ।

এই জয়ৰ লগে লগে কোৱালিয়াৰ ২ ৰ বাবে নিজৰ স্থান নিশ্চিত কৰিলে আৰ চি বিয়ে । দুখ মনেৰে এই ছিজনৰ আই পি এলৰ পৰা বিদায় ল’লে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে । পৰৱৰ্তী কোৱালিফায়াৰ মেচত লক্ষ্ণৌ অৱৰ্তীণ হ’ব প্ৰথম কোৱালিফায়াৰ মেচৰ পৰাস্ত দল ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে । শুক্ৰবাৰে অনুষ্ঠিত হ’ব লগা এই মেচত, জয়ী হোৱা দলেই ফাইনেলত প্ৰৱেশ কৰিব । ২৯ মে’ৰ ফাইনেলত গুজৰাট টাইটানছৰ সতে কোনোটো দলে যুঁজিব সেয়া শুক্ৰবাৰে পৰিস্কাৰ হ’ব ।

আইপিএলৰ ফাইনেলৰ মহাৰণক লৈ উৎসাহিত ক্ৰিকেট বিশ্ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 + 17 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments