অলিম্পিয়া প্ৰতিবেদন
১৯৮৮ চনৰ এক পুৰণি গোচৰত কাৰাদণ্ড বিহা হৈছে ক্রিকেটাৰৰ পৰা ৰাজনীতিকত পৰিণত হোৱা নভজ্যোৎ সিং সিদ্ধুক । গাড়ী চলোৱাৰ সময়ত বিশৃংখল আচৰণ কৰাৰ বাবে উচ্চতম ন্যায়ালযে সিদ্ধুক বৃহস্পতিবাৰে এবছৰৰ বাবে কাৰাদণ্ড বিহে । পঞ্জাব কংগ্রেছৰ সদ্য প্ৰাক্তন সভাপতি সিদ্ধুৱে ৩৪ বছৰ পূৰ্বে ৰাজপথত চলোৱা বিশৃংখলতাৰ বাবে পাটিৱালাৰ বাসিন্দা গুৰনাম সিং নিহত হৈছিল । এই গোচৰটোত দেশৰ উচ্চতম ন্যায়ালয় ২০১৮ মে’ত পুনৰ পৰ্যালোচনাৰ বাবে অনুমতি দিছিল । ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পঞ্জাব পুলিচে লগে লগে সিদ্ধুক নিজৰ জিম্মালৈ নিয়ে । ইয়াৰ পূৰ্বে তেওঁক এহেজাৰ টকাৰ জৰিমনাৰ বিনিময়ত যাবলৈ দিয়া হৈছিল । এতিয়া আই পি চিৰ ৩২৩ ধাৰাৰ অধীনত সম্ভৱপৰ সৰ্বাধিক শাস্তি বিহা হয় । এজন জ্যেষ্ঠ নাগৰিকক আহত কৰাৰ অভিযোগত সিদ্ধুক দোষী সাব্যস্ত কৰি পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়লয়ে তিনিবছৰৰ বাবে কাৰাদণ্ড বিহিছিল যদিও ২০১৮ ৰ ১৫ মে’ত উচ্চতম ন্যায়ালয়ে উক্ত ৰায় স্থগিত ৰাখে । ৬৫ বছৰীয়া এগৰাকী বৃদ্ধক হিংসাত্মক কাৰ্য্যৰে নভজ্যোৎ সিদ্ধু দোষী সাব্যস্ত হোৱা সত্ত্বেও উচ্চতম ন্যায়ালয়ে কাৰাদণ্ড দিয়াৰ সলনি এহাজাৰ টকাৰ জৰিমনাৰ বিহে । পাছত ২০১৮ ছেপ্টেম্বৰত নিহত পৰিয়ালৰ সদস্যৰ আবেদন পৰীক্ষা কৰিবলৈ সন্মত হয় আৰু সিদ্ধুলৈ জাননী জাৰী কৰে । কপিল শৰ্মাৰ কমেডি শ্ব’ৰ যোগেদি বিপুল জনপ্রিয়তা অর্জন কৰা সিদ্ধুৰ কাৰাদণ্ডৰ বাতৰিয়ে সকলোকে স্তম্ভিত কৰিছে ।