Wednesday, October 5, 2022
HomeNewsক্রিকেটৰ ডাকৱৰ্থ লেৱিছ নিয়মৰ অন্যতম স্ৰষ্টা টনী লেৱিছ আৰু নাই

ক্রিকেটৰ ডাকৱৰ্থ লেৱিছ নিয়মৰ অন্যতম স্ৰষ্টা টনী লেৱিছ আৰু নাই

টনী লেৱিছ, যিজন আছিল ক্রিকেটৰ বিখ্যাত ডাকৱৰ্থ-লিৱিছ সূত্ৰৰ আৱিষ্কাৰক, সেই টনী লেৱিছ আৰু নাই। বুধবাৰে এই কথা ঘোষণা কৰে ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে।

১৯৯৯ চনত লেৱিছে তেওঁৰ সহযোগী ফ্ৰেংক ডাকৱৰ্থৰ সৈতে ক্রিকেটৰ এই জটিল নিয়মৰ আবিষ্কাৰ কৰিছিল। যাৰ জৰিয়তে বৰষুণৰ বাবে বাধাপ্ৰাপ্ত এখন খেলৰ ফলাফল নিৰ্ণয় কৰিব পৰা যায়। ১৯৯৯ চনতেই এই নিয়ম ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা বি চি চি আয়ে স্বীকৃতি প্ৰদান কৰে। সেইবাৰৰ বিশ্বকাপত পোন প্ৰথমবাৰৰ বাবে এই নিয়ম কাৰ্যকৰী কৰা হৈছিল।

অৱশ্যে ২০১৪ ত এই নিয়মৰ কিছু সংশোধন ঘটাই অষ্ট্ৰেলিয়ান অধ্যাপক ষ্টিভেন ষ্টাৰ্ণে কিছু নতুন নিয়মৰ সংযোজন ঘটায়। তাৰ পিছৰ পৰা এই নিয়মৰ নামত এছ বৰ্ণৰ সংযোজন হয়।তেতিয়াৰ পৰা ইয়াক ডি এল এছ নামেৰে জনা যায়। ক্ৰিকেটৰ এই নিয়মটো বহু সময়ত বহুতৰ দ্বাৰা সমালোচিত হৈছে। ইয়াৰ অন্তৰালত থকা কঠিন সূত্ৰ খোদ ক্ৰিকেটাৰেও বুজি নাপায়। ইতিমধ্যে এই অভিযোগ মুকলিকৈয়ে বহু ক্ৰিকেটাৰে দিয়া দেখা যায়। এজন সফল গণিতজ্ঞ লেৱিছক ইংলেণ্ড চৰকাৰে ‘মেম্বাৰ অৱ দ্য অৰ্ডাৰ অফ দ্য ব্ৰিটিছ এম্পায়াৰ’ সন্মানেৰে বিভূষিত কৰে।

‘এই কথা জানিবলৈ পাই ব্যথিত হৈছো যে টনী লেৱিছ (৭৮) আৰু নাই।’- এক বিবৃতিত এইদৰে উল্লেখ কৰে ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে। ‘টনীয়ে ক্ৰিকেটক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ক্ৰিকেট বিশ্ব চিৰদিন তেওঁৰ ওচৰত কৃতজ্ঞ হৈ ৰ’ব।’- বিবৃতিটোত লগতে এইদৰে উল্লেখ কৰে ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে।

ইংলেণ্ডৰ বলটন চহৰত জন্মলাভ কৰা লেৱিছে শ্বেফিল্ড য়ুনিভাৰ্চিটিৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে অংকশাস্ত্ৰ আৰু পৰিসংখ্যা বিজ্ঞানত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments