Tuesday, October 4, 2022
HomeNewsক্ষীৰোদ বৰুৱা ছিনিয়ৰ আন্ত:জিলা ফুটবল

ক্ষীৰোদ বৰুৱা ছিনিয়ৰ আন্ত:জিলা ফুটবল

ক্ষীৰোদ বৰুৱা ছিনিয়ৰ আন্ত:জিলা ফুটবল

অলিম্পিয়া প্ৰতিবেদন: ক্ষীৰোদ বৰুৱা ছিনিয়ৰ আন্ত:জিলা ফুটবল ।
‘এফ’ গ্ৰুপৰ খেলত ওদালগুৰিৰ জয়লাভ । শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান হেটট্ৰিক অৰ্জনকাৰী আৰ্লুচ দৈমাৰীক ।

অসম ফুটবল সন্হাৰ উদ্যোগত আৰু ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ পৰিচালনাত স্থানীয় নলবাৰী খেল পথাৰত আয়োজিত ৭০ সংখ্যক ক্ষীৰো়দ বৰুৱা সদৌ অসম আন্ত: জিলা ছিনিয়ৰ ফুটবলৰ ‘এফ’ মণ্ডলৰ নলবাৰী খেল পথাৰত অনুষ্ঠিত কোৱালিফাইং ৰাউণ্ডৰ খেলত ওদালগুৰি জিলা ক্ৰীড়া সন্থাই ধেমাজি জিলা ক্ৰীড়া সন্থাক ৪-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি জয়লাভ কৰে ।

খেলৰ প্ৰথমাৰ্দ্ধৰ ক্ৰমে ৭, ১৩ আৰু ২০ মিনিটত ওদালগুৰিৰ আৰ্লুচ দৈমাৰীয়ে একেৰাহে ৩ টাকৈ গ’ল দি হেটট্ৰিক অৰ্জন কৰে । ইপিনে খেলৰ দ্বিতীয়াৰ্ধৰ ৭২ মিনিটত ওদালগুৰিৰ মাইকেল দৈমাৰীয়ে আন এটা গ’ল দি ব্যৱধান বৃদ্ধি কৰে । ধেমাজি জিলা ক্ৰীড়া সন্হাই আপ্ৰাণ চেষ্টা কৰি এটাও গ’ল পৰিশোধ কৰাত ব্যৰ্থ হয় ।

শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ওদালগুৰি জিলা ক্ৰীড়া সন্হাৰ খেলুৱৈ আৰ্লুচ দৈমাৰীয়ে । সোমবাৰে খেলখন উদ্বোধন কৰে ওদালগুৰি জিলা গ্ৰাম্য অভিকৰণৰ সঞ্চালক ভাস্কৰ জ্যোতি বৰুৱাই । খেলখন পৰিচালনা কৰে ৰেফাৰী ক্ৰমে দেবেন বড়ো, লেবেন বড়ো, মহন্ত বড়ো আৰু অনুপ কুমাৰ হালৈয়ে ।উক্ত অনুষ্ঠানতে অমৃতচৰত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত থাই বক্সিঙত স্বৰ্ণ পদক বিজয়ী ওদালগুৰি জিলাৰ হৰিশিঙাৰ দেউলগুৰি নিবাসী আজলি দৈমাৰীক আৰণাই, মমেন্ট আৰু ট্ৰফীৰে সম্বৰ্ধনা জনায় ওদালগুৰি জিলা ক্ৰীড়া সন্হাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + seventeen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments