ক্ৰাংগ্ সুৰি জলপ্ৰপাতত দুঃসাহসিক ক্ৰীড়া ৰেপেলিঙৰ অভিজ্ঞতাৰে

✍️ ড০ ভাৰ্গৱজ্যোতি চহৰীয়া

ব্যতিক্ৰমী জীৱনেৰে জীৱনটোক উপভোগ্য কৰি তুলিবলৈ বিচৰাসকলৰ বাবে উত্তৰ-পূব ভাৰতখন স্বৰ্গ সদৃশ। তপোবন অধিক। শিল্পীৰ তুলিকাত প্ৰাণ পোৱা যেন বাৰেৰহণীয়া দৃশ্যপটৰ সমাহাৰেৰে প্ৰতিজন মানুহৰে মনত সাঁচ বহুৱাব পৰা প্ৰকৃতিৰ ৰম্যভূমি হ’ল উত্তৰ-পূব ভাৰত। প্ৰকৃতিৰ নব্য ৰূপ দৰ্শনৰ বাবে আকুল হৈ থকাসকলৰ বাবেও উপযুক্ত স্থান। তাতে যদি নতুন ঠাই অনুসন্ধান কৰি থকাসকলৰ দুঃসাহসিক ক্ৰীড়াৰ প্ৰতিও অনুৰাগ আছে, তেন্তে সেয়া হব সোণত সুৱগা চৰাৰ দৰে। আমাৰো পিছে দুয়োটাই নিচা আছে। তাৰ ফলশ্ৰুতিতে  পিতপিতাই ঘূৰি ফুৰাৰ লগতে দুঃসাহসিক ক্ৰীড়াৰো মজা লওঁ সময়ে সময়ে।

পুৱাতেই দুঃসাহসিক ক্ৰীড়াৰ আমাৰ গোটৰ সদস্য অপূৰ্ব তালুকদাৰলৈ আমাৰ ফোন।

ঃ Water fall Rapelling কৰিবা·

ঃ ওজন বাঢ়িছেহে পাৰিমনে·

ঃ পাৰিম পাৰিম—

লগে লগে ফোন Ride and Climb-ৰ স্বত্বাধিকাৰ বিকাশ বৰদলৈলৈ। আমাৰ প্ৰায়বোৰ দুঃসাহসিক ক্ৰীড়াৰ আয়োজনতে প্ৰশিক্ষণ দিয়াৰ পৰা সম্পূৰ্ণকৈ ক্ৰীড়াবিধৰ আমোদ লোৱালৈ বৰদলৈয়েই সৰ্বতোপ্ৰকাৰে সহায় কৰি আহিছে। দুঃসাহসিক ক্ৰীড়াকে জীৱিকা হিচাপে লৈ নিচাকে পেছা বনোৱাৰ সাহসেৰে আদৰ্শ স্বৰূপ হোৱা ব্যক্তিসকলৰ ভিতৰত বিকাশ বৰদলৈ অন্যতম এজন ব্যক্তি। এনে ব্যক্তি সঁচাকৈ আদৰ্শস্বৰূপ। সকলো আলোচনাৰ মূৰকত মেঘালয়ৰ Krang Suri Water Falls ত Rapelling কৰাই মনস্থ কৰিলো।

Rapelling-ক ইংৰাজীত Absiling বুলিও জনা যায়। জাৰ্মান শব্দ ক্সAbseilক্স-ৰ অৰ্থ ৰছীৰ সহায়ত তললৈ চুঁচৰি অহা। ক্সRappel মূলতঃ ফৰাচী শব্দ, যাৰ অৰ্থ ভাৰসাম্য ৰক্ষা কৰি উলম্বভাৱে তললৈ নামি অহা। পৰ্বত-পাহাৰ, শৈলাৰোহণ আদি দুঃসাহসিক ক্ৰীড়াত Rapelling ব্যৱহৃত হয় যদিও অট্টালিকা আদিত বিপদত উদ্ধাৰ কাৰ্যৰ বাবে বহুলভাৱে সমাদৃত। আজিকালি Rapelling স্বয়ং এটি দুঃসাহসিক ক্ৰীড়া হৈ পৰিছে। Water fall Rapelling আকৌ অধিক ৰোমাঞ্চকৰ। থিয় জলপ্ৰপাতত ৰছীৰ সহায়ত বহু ফুট তললৈ নামি অহা প্ৰয়োগ কৌশল অত্যন্ত ৰোমাঞ্চকৰ অনুভূতি। তেনে অনুভূতিৰ অভিজ্ঞতা ল’বলৈ আমি ব্যাকুল হৈ পৰিলো। বৰদলৈদাই আমাৰ স্থান Krang Suri water falls নিৰ্ধাৰণ কৰি দিলে। যথা সময়ত ১৮ জুলাই তাৰিখে ৰাতিপুৱা ৬ বজাত আমাৰ ১৫জনীয়া দলটি ৰাওনা হ’লো গুৱাহাটীৰ পৰা। Îট্ৰভেলাৰখনৰ চালকৰ আসনত বহিল বৰদলৈদা নিজে। গাড়ীত Camping-ৰ প্ৰয়োজনীয় তথা Rapelling-ৰ সামগ্ৰীসমূহ বোজাই কৰা হ’ল গুৱাহাটীৰ হুলস্থ²লীয়া পৰিৱেশ এৰো কি নেৰো ঠিক তেতিয়াই হিন্দী ছবিৰ ‘শ্বোলে’ৰ মাউথ আৰ্গেনৰ সুৰ গাড়ীত সুৰীয়াকৈ বাজিবলৈ ধৰিলে। প্ৰকাশ আৰু হেমকিংকৰে গীটাৰ আৰু মাউথ আৰ্গেন বজাই পৰিৱেশটোত ৰোমাণ্টিক সুৰ সিঁচৰাই দিলে। নংপোত আমি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিলোঁ। হাঁহি-ফূৰ্তিৰে আমি আগবাঢ়িলো। আমাৰ দলটোত Rapelling-ৰ দুজন বিশেষজ্ঞ ব্যক্তিও আমাৰ সৈতে আছিল। কিয়নো আমাৰ দলটিৰ বহুতেই আগে-পিছে Rapelling কৰি পোৱা নাই। দলটোৰ সদস্যকেইজনো বিভিন্ন কামত ব্যস্ত লোক। ড০ অপূৰ্ব, ড০ মনোজ, কৌশিক, দীপাংকৰ অধ্যাপক হোৱাৰ বিপৰীতে প্ৰকাশ NIPER-G-ৰ গৱেষক, IIT-G-ৰ পৰা ডক্টৰেট, কমল নেমকেয়াৰ কৰ্মী, ধ্ৰু¸ৱ শৰ্মা আয়ুৰ্বেদিক দৰবৰ গুণাগুণ নিয়ন্ত্ৰণ পৰীক্ষক হোৱাৰ বিপৰীতে অৰূপ চৰকাৰৰ খাদ্যবস্তুৰ গুণাগুণ পৰীক্ষক। হৃদয় চিকিৎসালয় কৰ্মী আৰু হেমকিংকৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ্‌। ক্সA blend of different flavourক্স. বৰাপানীৰ পৰা জোৱাইলৈ পথছোৱা খুবেই সুন্দৰ। জোৱাইলৈ প্ৰায় ৮০ কিঃমিঃ। জোৱাই পোৱাৰ ঠিক আগতেই কেঁচা পথ এছোৱাৰে এক কিঃমিঃমান গৈ গাড়ীখন হঠাতে ৰখালে। প্ৰায় তিনি ঘণ্টা একেলেথাৰিয়ে গাড়ীত আহি ভৰি-হাত বিষাই গৈছিল। সকলোৱে মনে মনে ভালেই পালো। তাৰ পৰা প্ৰায় আধা কিঃমিঃ দূৰত্বত এটি ধুনীয়া জলপ্ৰপাত। TYRSHI FALLS প্ৰায় এহেজাৰ চিৰি বগাই তললৈ গৈ ওপৰ মূৰ কৰি জলপ্ৰপাতটো দেখিলো। সৰু সৰু পানীৰ টোপালৰ বতাহ এছাটিয়ে আমাৰ শৰীৰ বুৰাই পেলালে। কংক্ৰিটৰ মহানগৰীৰ মানসিক অৱসাদ পলকতে যেন হেৰাই গ’ল। ক্ৰমাৎ শিশুসুলভ হাঁহি-ফূৰ্তিৰে আমাৰ মনবোৰ ভৰি পৰিল। ইতিমধ্যে তিনি বাজিবৰ হৈছে। ভোকো লাগিছে। জোৱাই চহৰ সোমোৱাৰ আগে আগে সৰু কাঠৰ বেৰৰ হোটেল এখনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলো। ভোক আৰু ভাগৰে দুপৰীয়াৰ আহাৰৰ তৃপ্তি যেন আৰু বঢ়াই তুলিলে। জোৱাই চহৰত কিছু দেৰি ৰ’লো। পাহাৰী কন্যা জোৱাই চহৰ আবেলিৰ ৰঙেৰে ধুনীয়া হৈ পৰিছে। খাচি, জয়ন্তীয়া গাভৰুজাকে পিঠিৰ খাৱৈত শাক-পাচলি লৈ বজাৰলৈ আহিছে। ডেকাহঁতৰো বজাৰৰ ব্যস্ততাত উথপথপ্‌। আমি ঠেক পথ ল’লো। জোৱাইৰ পৰা Krang suri water falls। প্ৰায় ২৫ কিঃমিঃ যোৱাৰ পিছত আমি গন্তব্যস্থল পালো। জোৱাইৰ পৰা Krang suri-লৈ পথছোৱাৰ দুয়োকাষৰ সৌন্দৰ্যই আমাক মুগ্ধ কৰিছিল। সমভূমি এখনত গাড়ী ৰখালে। সৰু চাহৰ দোকান এখন। তাতে গাড়ী ৰখাই পিঠিত বোজা লৈ এইবাৰ আমি নামি গ’লো পাহাৰৰ তললৈ। প্ৰায় ১০ মিনিট খোজকঢ়াৰ পিছত জলপ্ৰপাতটো পালোগৈ। প্ৰথম দৃষ্টিতে জলপ্ৰপাতটিৰ নান্দনিক দৃশ্যই আপ্লুত কৰি তুলিলে। জলপ্ৰপাত পোৱাৰ আগতে পাহাৰীয়া নৈখন বান্ধ এটাৰে প্ৰায় এক কিঃমিঃ পানী আবদ্ধ হৈ আছে। তাত কাঠৰ নাও দুখন আছে। নাওখন লৈ কিছু উজাই ফুৰি আহিলো। নৈখনৰ পাৰতে আমাৰ কেম্পিঙৰ ব্যৱস্থা কৰা হ’ল। এটা ডাঙৰ টেণ্ট, লগতে চাৰিটা সৰু টেণ্ট, মুঠতে পাঁচটা টেণ্ট পতা গ’ল। পাতলীয়া গৰম এটাই চুইছিল। আমি আটায়ে জলপ্ৰপাতটোৰ তললৈ গৈ জমাকৃত পানীখিনিত বেছ কিছু সময় সাঁতুৰিলো। সাঁতুৰিব নজনাকেইজনেও Life Jacket-ৰ সহায়ত কিছু সময় জলকেলি কৰিলে। পানীৰ শীতলতাই আমাক শীতল কৰি পেলালে। গধূলি ঠাণ্ডা অলপ নামিল। কেম্পত জুই জ্বলালো। প্ৰকাশ আৰু হেমকিংকৰে মাউথ অৰ্গেনত সুৰ তুলিলে। জলপ্ৰপাতৰ প্ৰাকৃতিক সুৰ মাউথ আৰ্গেনৰ সুৰৰ সৈতে মিলি নিশাৰ নৈঃশব্দ ভাঙিছে। গৰম চাহত চুমুক দি পাহাৰীয়া নৈৰ বুকুত জোনাকৰ তিৰবিৰ মুকুতামণি জ্যোৎস্নাত বিৰিখৰ ক’লা ছাঁই পৰিৱেশটোত অনন্য মাত্ৰা প্ৰদান কৰা দৃশ্যৰ সাক্ষী হৈ ৰ’লো। নিশাৰ আহাৰ খালো প্ৰায় দহ বজাত। পাহাৰৰ মাজৰ সুন্দৰ পৰিৱেশত শুই পৰাৰ লগে লগে টোপনি আহিল। পানীৰ ঝৰ্ ঝৰ্ শব্দ লাহে লাহে কমি আহি টোপনিৰ কোলাত ঢলি পৰিলো। নিচেই পুৱাতে সাৰ পালো। নিজৰাৰ পানীৰে মুখ-হাত ধুই ফিকা চাহ একাপ খালো। তাৰ পিছতে আমাৰ প্ৰস্তুতি আৰম্ভ হ’ল। উদ্দীপন আৰু ধ্ৰু¸ৱই আমাৰ প্ৰশিক্ষণ আৰম্ভ কৰি দিলে। ৰছী আৰু ভৰি দুখনেৰে উলম্ব শিলত কিদৰে ভাৰসাম্য ৰাখিব পাৰি তাৰ প্ৰশিক্ষণ আৰম্ভ হ’ল। ৰছীবোৰ ওপৰত Lock কৰি দিয়া হ’ল। ক্সBelaying Ropesক্স বিশেষভাৱে Rappelling-ত ব্যৱহৃত ৰছী। তেনে ৰছী Carabiners-ৰ সহায়ত গোটেই ওপৰত লগাই আঁতৰাবলৈ বহু সময় লাগিল। ১০মান বজাত ৰাতিপুৱাৰ আহাৰ খাই অলপ জিৰণি ল’লো। ১১ মানত আমি প্ৰয়োজনীয় পোছাক পৰিধান কৰি আজৰি হ’লো। বহু ফুট তলত পানীবোৰ ওফৰি পৰিছেগৈ। কঁকালত ৰছী Fisher man knot লগাই তললৈ নামিলো। দুবাৰমান শিলৰ শেলুৱৈত ভৰিখন পিছলিছিল। অলপ বুকুখন কঁপি উঠিছিল। লাহে লাহে ভৰিখন পোন কৰি দেহ ভৰিৰ মাজত ৯০০ অৱস্থান কৰি নামি আহিলো। ডাঙৰ শিল বগাই আহি শূন্যত ৰছীৰ সহায়ত ওপঙি থাকিলো কিছু সময় তলৰ পানীৰ নীলা-সেউজীয়া ঢৌবোৰ, ওপৰৰ পৰা গাখীৰৰ দৰে বগা পানীৰ টোপাল গায়ে-মূৰে পৰি থকা মুহূৰ্তখিনি পৃথিৱীৰ বহুকেইটা ভাল লগা মুহূৰ্তৰ অন্যতম। তললৈ পানীত নামি Life Jacket-ৰ সহায়ত ওপঙি কঁকালৰ ৰছী খুলি এৰি দিলো। তাৰ পৰা পানীত সাঁতুৰি ইপাৰলৈ আহিলো। আটাইকে Rappelling-ত সহায় কৰি দিয়া গ’ল। ভয়-শংকাৰ ১০ মিনিটৰ পিছত পানীত ‘ডৰ কে আগে জীত হেয়’ বাক্যাংশ মুখৰ পৰা স্বতঃ¦£ূৰ্তভাৱে ওলাই গৈছিল। Rappelling Camp আবেলিলৈ সামৰিলো। কেম্প সামৰি পাহাৰ আৰোহণ কৰি গাড়ী থকা ঠাইলৈ আহোঁতে ভাগৰি পৰিছিলো। তথাপি অন্য এটা আমেজ। অন্য এটা আনন্দ। যথা সময়ত গাড়ী ষ্টাৰ্ট হ’ল। এইবাৰ চেৰাপুঞ্জি হৈ ওভতনি যাত্ৰা। গাড়ীত মিহিকৈ গীত বাজিছে। গাড়ীৰ ছীটত নিজক অলসভাৱে এৰি দিলো। গাড়ীৰ খিৰিকীত ছাঁ-পোহৰৰ খেল। চকুকেইটা জাপখাই আহিছে। এটা সুন্দৰতম দিনক অতীত কৰি আমাৰ ওভতনি যাত্ৰাত গীতৰ সুৰে মন গধুৰ কৰি তুলিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *