Friday, September 30, 2022
HomeNewsক্ৰিকেটৰ পৰিভাষা সলনি কৰিছে তিনিজন ক্ৰিকেটাৰে; ক'লে ইনজামানে

ক্ৰিকেটৰ পৰিভাষা সলনি কৰিছে তিনিজন ক্ৰিকেটাৰে; ক’লে ইনজামানে

পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ইনজামান উল হকে বিশ্বৰ তিনিজন বেটছমেনে ক্ৰিকেট খেলৰ পৰিভাষা সম্পূৰ্ণৰূপে সলনি কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰিছে। পাকিস্তানৰ এইগৰাকী আগশাৰীৰ বেটছমেনৰ মতে ৱেষ্টইণ্ডিজৰ ভিভিয়ান ৰিচাৰ্ডছ, শ্ৰীলংকাৰ ছনথ জয়সূৰ্য্যা আৰু দক্ষিণ আফ্ৰিকাৰ এ বি ডি ভিলিয়াৰ্ছে ক্ৰিকেট খেলাৰ ধৰণ সম্পূৰ্ণ ধৰণ সলনি কৰিবলৈ সক্ষম হৈছে।

ইনজামান উল হকে তেওঁৰ ইউটিউব চেনল যোগে কয় যে ‘বহু বছৰ পূৰ্বে ক্ৰিকেট খেলাৰ ধৰণ সলনি কৰা প্ৰথম ব্যক্তি আছিল ৰিচাৰ্ডছ। সেই সময়ত বেগী বলাৰৰ বিৰুদ্ধে সকলো বেটছমেনেই বেকফুটত খেলিছিল। কিন্তু বেগী বলাৰক যে ফ্ৰণ্টফুটত খেলি আক্ৰমণ কৰিব পাৰি সেই কথা সকলোকে দেখুৱাই দিছিল ৰিচাৰ্ডছে।’ ক্ৰিকেট খেলৰ ধৰন সলনি কৰা দ্বিতীয়জন ক্ৰিকেটাৰ আছিল জয়সূৰ্য্যা । ইনিংছৰ প্ৰথম ১৫ অ’ভাৰত বেগী বলাৰৰ বিৰুদ্ধে আক্ৰমণ কৰা জয়সূৰ্যই আৰম্ভ কৰিছিল। তেওঁ প্ৰথম ১৫ অ’ভাৰত ইনফিল্ডৰ ওপৰেৰে শ্বট খেলি ক্ৰিকেটৰ পৰিভাষা সলনি কৰি দিয়ে। তেওঁৰ আগেয়ে কোনো বেটছমেনে যদি এনেধৰণে বেটিং কৰে তেন্তে তেওঁক বেটছমেন হিচাপে গণ্য কৰা হোৱা নাছিল বুলি ইনজামান উল হকে মন্তব্য কৰিছে।

আনহাতে একেটা ভিডিঅ’তে পাকিস্তানৰ বেটছমেন জনে এ বি ডি ভিলিয়াৰ্ছ সন্দৰ্ভতো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁৰ মতে ক্ৰিকেটৰ পৰিভাষা সলনি কৰা তৃতীয়গৰাকী খেলুৱৈ হৈছে এ বি ডি ভিলিয়াৰ্ছ। বৰ্তমান সময়ত আক্ৰমণ পদ্ধতিত খেলা এদিনীয়া আৰু টি-২০ ক্ৰিকেটৰ বাবে ভিলিয়াৰ্ছকে তেওঁ জগৰীয়া কৰিব বুলিও কয়। লগতে এ বি ডি ৰ প্ৰসংগত তেওঁ আকৌ কয় যে আগৰ বেটছমেনসকলে চিধা বেটেৰে খিলিছিল, কিন্তু ভিলিয়াৰ্ছে পেডল চুইপ, ৰিভাৰ্চ চুইপ খেলিবলৈ আৰম্ভ কৰি দিলে।

YouTube player
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments