Monday, October 3, 2022
HomeMiscellaneousক্ৰিকেটৰ ব্যাধি বল টেম্পাৰিং

ক্ৰিকেটৰ ব্যাধি বল টেম্পাৰিং

✍️ ধীৰেন শৰ্মা

ক্ৰিকেটৰ বহল পথাৰত বল টেম্পাৰিং অথবা বল বিকৃতকৰণ এতিয়া এক নিত্য-নৈমিত্তিক ঘটনা হৈ পৰিছে। মেচ ফিক্সিং, স্পট ফিক্সিং, ড’পিং আদিৰ দৰে বল টেম্পাৰিং ক্ৰিকেটৰ এক অন্যতম ব্যাধি। ভদ্ৰলোকৰ খেল হিচাপে জনপ্ৰিয় ক্ৰিকেটক বল টেম্পাৰিঙৰ দৰে ঘৃণনীয় কাৰ্যৰে পুনৰ কলুষিত কৰিলে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কেপটাউনৰ নিউলেণ্ডছ ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় টেষ্টৰ যোৱা ২৪ মাৰ্চৰ তৃতীয়দিনা এই নিকৃষ্ট কাৰ্যত জড়িত হৈ পৰিল অষ্ট্ৰেলিয়াৰ ফিল্ডাৰ কেমেৰন বেনক্ৰফ্‌ট। ষ্টেডিয়ামৰ চৌদিশে সংলগ্ন কেমেৰাৰ উপৰি টেলিভিছনৰ পৰ্দাত বেনক্ৰফ্‌টে দৃষ্টিকটুভাৱে হালধীয়া টেপ জাতীয় সামগ্ৰীৰে বল বিকৃত কৰাটো স্পষ্ট ৰূপত ধৰা পৰিছিল। এই দুষ্কাৰ্য দলৰ অধিয়ানক ষ্টিভ স্মিথ আৰু উপ-অধিনায়ক ডেভিদ ৱাৰ্নাৰৰ প্ৰত্যক্ষ নিৰ্দেশতে সংঘটিত হৈছিল। ক্ৰিকেট অষ্ট্ৰেলিয়াৰ নিজস্ব অনুসন্ধানত ইতিমধ্যে খেলুৱৈকেইজনৰ অপৰাধ প্ৰমাণ হয়। এই ঘৃণনীয় কাৰ্যক লৈ ক্ৰিকেট বিশ্বৰ চৌদিশে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰৰ সততা সম্বন্ধে প্ৰশ্নৰ অৱতাৰণা হোৱাত স্মিথ আৰু বেনক্ৰফ্‌টে অভিযোগ স্বীকাৰ কৰি লৈছিল। আনহাতে, ৱাৰ্নাৰে ঘটনাৰ পাঁচ দিন পিছতহে অষ্ট্ৰেলিয়ান মিডিয়াত ক্ষমা খুজিছিল। এইখিনিতে উল্লেখ কৰা ভাল যে বেনক্ৰফ্‌টে বল বিকৃত কৰাৰ কথা প্ৰমাণিত হোৱাৰ পিছতেই আই চি চিয়ে অধিনায়ক স্মিথ আৰু বেনক্ৰফ্‌টক শাস্তি বিহে। আই চি চিয়ে স্মিথক এখন মেচৰ বাবে নিলম্বিত কৰাৰ উপৰি ১০০ শতাংশ মেচ ফী কৰ্তন কৰে। আনহাতে, বেনক্ৰফ্‌টৰ ৭৫ শতাংশ মেচ ফী কৰ্তনৰ লগতে তিনিটা ঋণাত্মক পইণ্ট জাপি দিয়া হয়। ক্ৰিকেট অষ্ট্ৰেলিয়াই অৱশ্যে খেলুৱৈ তিনিজনক  কঢ়া শাস্তি দিয়ে। সেই অনুসৰি অধিনায়ক স্মিথ আৰু ৱাৰ্নাৰে এবছৰ আৰু বেনক্ৰফ্‌টে ৯ মাহৰ শাস্তি ভোগ কৰিব। উল্লেখ্য যে এই কলংকিত ঘটনাৰ পিছতেই ক্ৰিকেট মহলত অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰকেইজন ধিক্কাৰৰ পাত্ৰ হৈ পৰে। কিছুদিন আগলৈকে অষ্ট্ৰেলিয়াৰ লগতে বিশ্ব ক্ৰিকেটৰ উঠি অহাচাম খেলুৱৈৰ বাবে স্মিথ-ৱাৰ্নাৰহঁত আছিল এক প্ৰকাৰ ৰোল মডেল। কিন্তু বল-বিকৃতি কাণ্ডই আটাইকেউজনকে হিৰ’ৰ পৰা জিৰ’ত স্থান দিলে। আনকি খোদ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মেলকম টাৰ্নবুলো এই ঘটনাক লৈ মৰ্মাহত হৈ পৰিছে। স্মিথ ৱাৰ্নাৰহঁতৰ ঘৃণনীয় কৰ্ম-কাণ্ডত প্ৰধানমন্ত্ৰী টাৰ্নবুলে হতাশাও ব্যক্ত কৰিছে। ইতিমধ্যে স্মিথ-ৱাৰ্নাৰহঁতৰ ভৱিষ্যৎ কেৰিয়াৰলৈও নামি আহিছে অমানিশা। নিলম্বিত খেলুৱৈজন দুনাই প্ৰত্যাৱৰ্তন ঘটিবনে নঘটে সেয়া এতিয়াও স্পষ্ট হৈ উঠা নাই।

ক্ৰিকেট বিশ্বত বল বিকৃতকৰণৰ ঘটনা এয়াই প্ৰথম নহয়। কেপটাউন কাণ্ডৰ পূৰ্বেও একাধিক বল বিকৃতকৰণৰ ঘটনা ঘটিছে। আজিকালি একোখন আন্তঃৰাষ্ট্ৰীয় মেচ আয়োজন কৰোঁতে ষ্টেডিয়ামত হক্‌ আইকে ধৰি একাধিক সৰু-বৰ কেমেৰা সংলগ্ন কৰা হয়। ষ্টেডিয়ামৰ মূল গ্ৰাউণ্ডকে ধৰি প্ৰতিটো কোণত সংঘটিত ঘটনাৰ সম্ভেদ কেমেৰাসমূহে সহজেই ধৰি ৰাখিব পাৰে। এনে অৱস্থাত বল বিকৃত কৰি সাৰি যাব পাৰিব বুলি ভবাটো বেনক্ৰফ্‌টৰ নিশ্চয় বুৰ্বকামিয়েই আছিল। অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰৰ শেহতীয়া কাণ্ড-কাৰখানাৰ দ্বাৰা প্ৰতীয়মান হ’ল যে বলৰ বিকৃতি ৰোধত আই চি চি সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে। ক্ৰিকেটৰ দীঘলীয়া ইতিহাসলৈ চালে দেখা যায় যে বিশ্বৰ একাধিক নামী-দামী ক্ৰিকেটাৰ বল টেম্পাৰিঙত সাঙোৰ খাই পৰিছিল। বল বিকৃত কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ নিলম্বনৰ শাস্তি ভোগ কৰা প্ৰথমজন ক্ৰিকেটাৰ আছিল পাকিস্তানৰ ৱাকাৰ ইউনিছ। পেচ বলাৰজনে শ্ৰীলংকাত ২০০০ চনৰ জুনত অনুষ্ঠিত ছিংগাৰ কাপ এদিনীয়া শৃংখলাৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এখন মেচত বল বিকৃত কৰিছিল। ফলশ্ৰুতিত এখন মেচৰ নিলম্বনৰ শাস্তিৰ উপৰি ৫০ শতাংশ মেচ ফী জৰিমনা ভৰিছিল ইউনিছে।

অৱশ্যে ১৯৯৪ চনতেই ইংলেণ্ডৰ মাইকেল আথাৰটনে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে লৰ্ডছ টেষ্টত পকেটত ‘মাটি’ জাতীয় সামগ্ৰী ব্যৱহাৰ কৰি বল বিকৃত কৰাৰ অপৰাধত ২০০০ পাউণ্ড জৰিমনা ভৰিছিল। ভাৰতৰ মাষ্টাৰ বেটছমেন শচীন তেণ্ডুলকাৰো বল বিকৃতকৰণৰ দোষৰ পৰা হাত সাৰিব পৰা নাছিল। ২০০১ চনত শচীনে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছেইণ্ট জৰ্জ পাৰ্কত বলৰ চিলাই নষ্ট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। মেচ ৰেফাৰী মাইক ডেনিছে শচীনক এখন মেচৰ বাবে নিলম্বিত কৰিছিল। পিছত অৱশ্যে আই চি চিয়ে শচীনক দোষমুক্ত ঘোষণা কৰিছিল। ইয়াৰ ৩ বছৰ পিছত ‘দ্য ৱাল’ খ্যাত ৰাহুল দ্ৰাবিড়ো সাঙোৰ খাই পৰিছিল বল বিকৃতকৰণৰ অপৰাধত। জিম্বাব’ৱেৰ বিৰুদ্ধে ব্ৰীছবেনত দ্ৰাবিড়ে লজেেঞ্চৰে বল বিকৃত কৰাৰ অপৰাধত ৫০ শতাংশ মেচ ফী জৰিমনা ভৰিছিল। ২০০৫ চনৰ এছেজ শৃংখলাত ইংলেণ্ডৰ খেলুৱৈ বল টেম্পাৰিঙত জড়িত হৈছিল। মাৰ্কুছ Îট্ৰছকথিকৰ ‘কামিং বেক টু মি’ আত্মজীৱনীত এই কথা উল্লেখ কৰা হৈছে। ইয়াৰ এবছৰ পিছত ইনজামাম উল হক নেতৃত্বাধীন পাকিস্তান ক্ৰিকেট দলে ইংলেণ্ডৰ বিৰুদ্ধে দ্য অভেল টেষ্টত বল টেম্পাৰিং কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। আম্পায়াৰ ডাৰেল হেয়াৰে বল টেম্পাৰিঙত জড়িত থকাৰ অপৰাধত পাক দলক দোষী সাব্যস্ত কৰি ৫ ৰান কৰ্তনৰ নিৰ্দেশ দিছিল। এই ঘটনাৰ পিছতেই পাক দলে মেচ নেখেলি এক অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। পাক দলৰ প্ৰতিবাদ তথা আঁকোৰগোজ মনোভাবৰ পৰিপ্ৰেক্ষিতত মেচখন আধাতে বন্ধ ৰাখিবলগীয়া হৈছিল ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে। ২০১০ চনত ইংলেণ্ডৰ ব্ৰড আৰু জেমছ এডাৰছনে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে, একেটা বছৰৰে ৩১ জানুৱাৰীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ‘ৱাকা’ত অনুষ্ঠিত এদিনীয়াত পাকিস্তানৰ শ্বাহিদ আফ্ৰিদিয়ে, ২০১২ চনত অষ্ট্ৰেলিয়াৰ পিটাৰ ছিডলে শ্ৰীলংকাৰ বিৰুদ্ধে, ২০১৩ চনত দক্ষিণ আফ্ৰিকাৰ ফাফ ডু প্লেছিছে ডুবাইত পাকিস্তানৰ বিৰুদ্ধে আৰু ২০১৬ চনৰ ১৮ নৱেম্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰু ২০১৪ চনত ভাৰ্নন ফিলাণ্ডাৰে শ্ৰীলংকাৰ বিৰুদ্ধে গালে টেষ্টত এই অপকৰ্মৰ আশ্ৰয় লৈছিল।

ক্ৰিকেট ফিল্ডত সাধাৰণতে বল টেম্পাৰিং কৰিবলৈ খেলুৱৈসকলে হেয়াৰ জেল, ছুগাৰ, লিপ বাম তথা বিভিন্ন চকলেটজাতীয় সামগ্ৰী ব্যৱহাৰ কৰে। বলৰ গতি সলাই বেটছমেনক বিপদত পেলাবৰ বাবেই এইধৰণৰ সামগ্ৰীৰে বলৰ চিলাই গুচাবলৈ চেষ্টা কৰে। কেমেৰন বেনক্ৰফ্‌টেও তেনেধৰণৰ প্ৰচেষ্টাৰেই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জাল পেলোৱাৰ অভিসন্ধি চলাইছিল। বেনক্ৰফ্‌ট অথবা অষ্ট্ৰেলিয়ান দলৰ এনে কু-অভিসন্ধি ধৰা পৰাটো ক্ৰিকেট বিশ্বৰ বাবেই ইতিবাচক দিশ বুলিব পাৰি। বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে এই ঘটনাৰ আলম লৈ বল টেম্পাৰিং ৰোধৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰা প্ৰয়োজন। তদুপৰি সংশ্লিষ্ট দেশৰ ক্ৰিকেট সংগঠকসকলো ক্ৰিকেটৰ ব্যাধি স্বৰূপ বল টেম্পাৰিং সমূলি নাইকিয়া কৰিবলৈ যত্নপৰ হোৱা উচিত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments