ক্ৰিকেটৰ মহাতাৰকা বিৰাট কোহলীৰ বিলাসী জীৱন
অলিম্পিয়া প্ৰতিবেদন: বিৰাট কোহলি বিশাল সম্পত্তিৰ অধিকাৰী । ১২৫ কোটি টকীয়া প্ৰাইভেট জেট আছে কিং কোহলিৰ । এইগৰাকী মহাতাৰকাৰ আৰু কি কি আছে ? শুনিলে চকু কপালত উঠিব আপোনাৰ ।
এতিয়া ফৰ্মহীনতাত ভুগিছে বিৰাট কোহলি । কিন্তু ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰাক্তন অধিনায়কজনে খেলপথাৰত যি প্ৰদৰ্শন আগবঢ়ালে, ইয়াৰ বাবে বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ মাজত তেওঁৰ জনপ্ৰিয়ৰ তুলনা নাই । এইগৰাকী মহাতাৰকা বহু ব্যয়বহুল বস্তুৰ গৰাকী । যি আপোনাৰ বা মোৰ কল্পনাৰ অতীত ।
বিশ্বৰ আটাইতকৈ ধনী খেলুৱৈৰ মাজৰ এজন হ”ল ভাৰতৰ দুৰ্ধৰ্ষ বেটছমেন বিৰাট কোহলি । কি নাই কিং কোহলীৰ ! সকলো মহাতাৰকাৰ ব্যয়বহুল বাহন কিনাৰ চখ থকাৰ দৰে, বিৰাটো ইয়াৰ ব্যতিক্ৰম নহয় । কেইবাখনো কোটিটকীয়া বাহনৰ গৰাকী এইগৰাকী মহাতাৰকা ।
বিৰাট কোহলিৰ আছে এখন বেন্টলে ফ্লাইং স্পাৰ ব্যয়বহুল বাহন
যিখন গাড়ীৰ মূল্য হৈছে ৩.৯৭ কোটি টকা । ইয়াৰ উপৰি তেওঁৰ আছে এখন বেন্টলা কন্টিনেন্টেল গাড়ী । যাৰ মূল্য হৈছে ৪ ৰ পৰা ৮.৫ কোটি পৰ্যন্ত । বিৰাটে এই বিশেষ ব্যয়বহুল বাহনখন ক্ৰয় কৰিছিল ২০১৮ চনতে । বিৰাটৰ গেৰেজ অডি গাড়ীয়ে ভৰপূৰ । ইয়াৰ কাৰণ হ’ল -তেওঁ অডি গাড়ী ভাল পায় আৰু অডিৰ ব্ৰেণ্ড এব্ৰেচাদৰ বিৰাট । তেওঁৰ গেৰেজত থকা ব্যয়বহুল অডিৰ কলেকচন সমূহ হ’ল – Audi Q 7,Audi S 6,Audi A 8 L, আদি ।
আশ্চৰ্যকৰ কথাটো হ’ল যে, কিং কোহলি এখন ব্যক্তিগত জেটৰো গৰাকী । যাৰ আকাশচুম্বী মূল্য ১২৫ কোটি টকা । কেৱল ব্যয়বহুল বাহন বা জেটৰ গৰাকীয়েই নে বিৰাট ? বিৰাটৰ আছে কেইবাটাও ৰাজ অট্ৰালিকাৰ দৰে ফ্লেট আৰু বাংলো ।
হাৰিয়ানাৰ গুৰুগ্ৰামত বিৰাটৰ নামত আছে এক ব্যয়বহুল বাংলো । যি বাংলোৰ মূল্য প্ৰায় ৮০ কোটি টকা ।
তদুপৰি, মুম্বাইৰ অৰলিটত এটা ৰাজকীয় ফ্লেটৰ মালিক বিৰাট কোহলি । ২০১৬ চনতে বিৰাটে ক্ৰয় কৰিছিল ৭১৭১ বৰ্গফুটত এই বিশেষ ফ্লেটটো । ৩৫ মহলাৰ ফ্লেটটোৰ মূল্য হৈছে ৩৪ কোটি টকা । দিল্লীত বিৰাটৰ জন্ম যদিও অনুষ্কাৰ সৈতে বিবাহৰ পাছত মুম্বাইৰ এই ফ্লেটটোতে বাস কৰে দুয়ো । এই ফ্লেটটোত আছে ৪ টা আকৰ্ষণীয় বেড ৰূম, সুন্দৰ গাৰ্ডেন, পাইভেট জিম । লগতে সমুদ্ৰৰ পৰিবেশ উপভোগ কৰিব পাৰে বিৰাট- অনুষ্কাই,,,,
বাকী তাৰকাসকলৰ দৰেই বিৰাট কোহলিয়ে যাপন কৰে এক বিলাসী জীৱন । তেওঁ ব্যৱহাৰ কৰে Louis Vuitton Zippy xl ৰ এৰ ৱালেট। বিৰাটে ব্যৱহাৰ কৰা এই ৱালেটৰ মূল্য ৮২ হেজাৰ টকা । ঘড়ীৰ ক্ষেত্ৰতো চৌখিন বিৰাট । আপুনি বা মই কাহানিও নাম নুশুনা লাখটকীয়া বা কোটি টকীয়া ঘড়ী পিন্ধে বিৰাটে । যি ঘড়ীত সংমিশ্ৰণ হৈ থাকে স্বৰ্ণ অথবা ডাইমণ্ড
উল্লেখযোগ্য যে, বিৰাট কোহলিৰ বছৰি উপাৰ্জন প্ৰায় ১৯৬ কোটি টকা । গতিকে এনে এগৰাকী মহাতাৰকাৰ এনে বিলাসী জীৱন অথবা ব্যয়বহুল বস্তুৰ গৰাকী হোৱাটো স্বাভাৱিক ।