Monday, July 4, 2022
HomeNewsক্ৰিজত বলিবনে উমৰাণৰ ধুমুহা ?

ক্ৰিজত বলিবনে উমৰাণৰ ধুমুহা ?

ক্ৰিজত বলিবনে উমৰাণৰ ধুমুহা ?

অলিম্পিয়াৰ প্ৰতিবেদন: আই পি এল শেষ হোৱা ভালে কেইদিন হ’ল । ফ্ৰেঞ্চাইজি এৰি এতিয়া সকলো ক্ৰিকেটাৰ ঘৰুৱা ক্ৰিকেট আৰু আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টকলৈ ব্যস্ত । ভৰতীয় ক্ৰিকেট দলৰ নিয়মীয়া খেলুৱৈসকলো এতিয়া দেশৰ বাবে খেলিবলৈ পুনৰ মাৰ বান্ধি থিয় দিছে ।

৯ জুন,বৃহস্পতিবাৰৰ পৰা ভাৰতীয় ক্ৰিকেট দলটোৱে পুনৰ আৰম্ভ কৰিব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ উভতি অহা ভাৰতীয় দলটোৱে দেশৰ মাটিত দক্ষিণ আফ্ৰিকাৰ সৈতে খেলিব ৫ খন মেচৰ এক টি-২০ শৃংখলা ।ভাৰতীয় দলটোৱে দেশৰ মাটিত খেলিবগীয়া এই শৃংখলাই দুগৰাকী বিশেষ ক্ৰিকেটাৰক মুকলি কৰি দিছে এখন নতুন দুৱাৰ ।

আৰু অধিক পঢ়ক

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ নকৰিলেও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা কেইবাবছৰ ধৰি আঁতৰি থাকি ধাৰাভাষ্যকাৰৰ ভূমিকা পালন কৰা দীনেশ কাৰ্তিক এই শৃংখলাৰ জৰিয়তে পুনৰ ভাৰতীয় দললৈ ঘূৰি আহিছে ।
উইকেট কীপাৰ এইগৰাকী ভাৰতীয় বেটছমেনে সদ্য সমাপ্ত আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ খেলপথাৰত ধুমুহা আনিবলৈ সক্ষম হৈছিল ।

তেওঁৰ বেটিং পৰাক্ৰমৰ বাবেই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ প্লে অফত প্ৰৱেশৰ বাট বহু পৰিমানে সহজ হৈ পৰিছিল । কাৰ্তিকৰ বেটিং পৰাক্ৰমত বিধ্বস্ত হৈছিল বিপক্ষ ।আনহাতে এই শৃখংলাৰ প্ৰাক মুহূৰ্তত ভাৰতীয় দললৈ আমন্ত্ৰণ লাভ কৰিছে নৱাগত চাঞ্চল্য উমৰাণ মালিকে । ১৫০ তকৈ অধিক বেগেৰে বল কৰি ধুমুহাৰ সৃষ্টি কৰা উমৰাণ মালিকক ভাৰতীয় দলত স্থান দিয়া হৈছে । উমৰাণে আই পি এলৰ প্ৰতিখন মেচতে নিজৰ বলিঙৰ জৰিয়তে সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

ইফালে দীৰ্ঘদিন ধৰি ভাৰতীয় দলৰ পৰা আঁতৰত থকা আন এগৰাকী অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াকো ভাৰতীয় দললৈ ঘূৰাই অনা হৈছে । পাণ্ডিয়াৰ নেতৃত্বতে এইবাৰ নৱাগত গুজৰাট টাইটানছে আই পি এলৰ খিতাপ জয় কৰি সকলোকে চমকিত কৰে । আঘাটৰ সমস্যাৰ বাবে দীৰ্ঘদিন ধৰি ভাৰতীয় দলৰ পৰা বাহিৰত থকা পাণ্ডিয়াই আঘাতৰ পৰা উপশম পাইছে ।

আই পি এলৰ শ্ৰেষ্ঠ উদীয়মান তাৰকা উমৰাণ মালিক

উমৰাণ মালিকক এই বছৰৰ আই পি এলৰ শ্ৰেষ্ঠ উদীয়মান তাৰকা হিচাপে বিবেচিত কৰা হৈছে । ২২ বছৰীয়া উমৰাণে ১৫০ কিলোমিটাৰতকৈ অধিক বেগত বলিং কৰাৰ উপৰি আই পি এলত ২২ টা উইকেট দখল কৰিছে । ইয়াৰ জৰিয়তে তেওঁ আই পি এল-২০২২ ৰ চতুৰ্থ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে চিহ্নিত হৈছে ।

এইগৰাকী কাশ্মীৰী বলাৰক ভাৰতীয় দলত স্থান দিয়াৰ লগে লগে বিশ্বজুৰি তেওঁকলৈ চৰ্চা আৰম্ভ হৈছে । স্বাভাৱিকতে, সমৰ্থকৰ পৰা বিশেষজ্ঞলৈকে সকলোৱে উমৰাণে সুযোগ পোৱাৰ বাবে উৎসাহিতও হৈ পৰিছে । উমৰাণে ভাৰতীয় ক্ৰিকেট দলটোৰ নীলা জাৰ্চী পৰিধান কৰি ধুমুহাৰ গতিৰে বল দলিয়াই বিপক্ষৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি তোলাৰ সেই দৃশ্য চাবলৈ এতিয়া ভাৰতীয় ক্ৰিকেট অনুৰাগীসকল ব্যাকুল হৈ পৰিছে ।

অৱশ্যে সকলোৰে এনে ব্যাকুলতাৰ কথা স্পষ্টকৈ প্ৰকাশ পাইছে যদিও উমৰাণে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰম্ভণিৰ মেচত সুযোগ লাভ কৰিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই । এই বিষয়ত এতিয়াও সন্দেহৰ অৱকাশ আছে । চৰ্চা অনুসৰি উমৰাণৰ বলিঙত গতি আছে ঠিকেই কিন্তু তেওঁৰ বলিঙৰ কৌশল আৰু স্থিৰতাৰ ওপৰত বহুখিনি দুৰ্বলতা দূৰ কৰিবলৈ বাকী আছে ।

ভাৰতীয় ক্ৰিকেট দলটোৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ মতে উমৰাণে বলিঙৰ ক্ষেত্ৰত আৰু বহু উন্নতি কৰিব লাগিব । মঙলবাৰে এখন সংবাদমেলত উমৰাণ সন্দৰ্ভত ৰাহুল দ্ৰাবিড়ে কয, “তেওঁ যথেষ্ট গতিত বলিং কৰি আছে আৰু প্ৰতিটো ছেছনত উন্নতি কৰি আছে । তেওঁ এতিয়াও বহুত শিকিব লগা আছে । আমাৰ দলটো বহুত ডাঙৰ, সেয়েহে তেওঁ দলটোত কিমান সুযোগ পাব সেই বিষয়ে আমি এক সুস্থিৰ চিন্তাৰে সিদ্ধান্ত ল’ব লাগিব ।’

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments