Thursday, July 7, 2022
HomeNewsক্ৰীড়াক্ষেত্ৰত প্ৰতিভাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰথমবাৰলৈ দিল্লীত আৱাসিক ক্ৰীড়া স্কুল

ক্ৰীড়াক্ষেত্ৰত প্ৰতিভাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰথমবাৰলৈ দিল্লীত আৱাসিক ক্ৰীড়া স্কুল

ক্ৰীড়াক্ষেত্ৰত প্ৰতিভাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰথমবাৰলৈ দিল্লীত আৱাসিক ক্ৰীড়া স্কুল

অলিম্পিয়া প্ৰতিবেদন: দিল্লীৰ শ্বাম নাথ মাৰ্গৰ দিল্লী স্পৰ্টছ ইউনিভাৰ্চিটিৰ পৰিচালনাত দিল্লী স্পৰ্টছ স্কুলত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ মুঠ ১০ টা অলিম্পিক ইভেণ্টত প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীক অনলাইন যোগে ২০২২ বৰ্ষৰ ২২ জুনৰ পৰা ৫ জুলাইলৈ দিল্লী স্পৰ্টছ স্কুলৰ বাবে নামভৰ্তি কৰা হ’ব ৷ ইয়াৰ বাবে অনলাইন লিংকটো হ’ল– http://dsu.ac.in/registration/

আৰু অধিক পঢ়ক

‘‘খেল হি পঢ়াই হায়’’ – এই লক্ষ্যৰে স্কুলৰ কাম-কাজ আৰম্ভ হ’ব ৷ ইয়াৰ অধিকাংশ কাৰ্যকলাপ ক্ৰীড়াৰ সৈতে জড়িত থাকিব ৷ ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ হ’ব লগা স্কুল খন ডি বি এছ ইৰ স্বীকৃতিপ্ৰাপ্ত হ’ব ৷ নিৰ্ধাৰিত ১০ টা ক্ৰীড়া ইভেণ্ট হ’ল– আৰ্চাৰী, এথলেটিকছ, বেডমিণ্টন, বক্সিং, ছুইমিং, শ্বুটিং, টেবুল টেনিছ, লন টেনিছ, ভাৰোত্তোলন আৰু মল্লযুঁজ ৷ ইয়াৰ বাবে প্ৰতিভাসন্ধানী অভিযান চলোৱা হ’ব ৷ ক্ৰীড়া বিষয়ত পাৰ্গত ছাত্ৰ-ছাত্ৰীয়ে এই স্কুলত নামভৰ্তি কৰিব পাৰিব ৷ প্ৰশিক্ষিত শিক্ষক আৰু প্ৰশিক্ষকৰ অধীনত আৱাসিক স্কুলত তেওঁলোকক বিনামুলীয়া শিক্ষা আৰু ক্ৰীড়া প্ৰশিক্ষণ দিয়া হ’ব ৷

কেৱল ক্ৰীড়াক্ষেত্ৰত দক্ষতা থকা ছাত্ৰ-ছাত্ৰীসকলেহে এই আৱাসিক স্কুলত অধ্যয়নৰ সুযোগ লাভ কৰিব ৷ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলক দিল্লী স্পৰ্টছ ইউনিভাৰচিটিৰ ফিডাৰ চেণ্টাৰ ৰূপে গণ্য কৰা হ’ব ৷ উল্লেখিত ক্ৰীড়াত অধিক পাৰদৰ্শিতা প্ৰদৰ্শন কৰাটো সম্ভৱ হ’ব বুলি অনুভৱ কৰা ইচ্ছুক দক্ষতাসম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ অন্তিম দিনৰ পূৰ্বে আবেদন কৰিব লাগিব ৷ পঞ্জীয়নৰ পাছত নামভৰ্তিৰ বাবে বিবেচিত ছাত্ৰ-ছাত্ৰীক পৰৱৰ্তী সময়ত জানিবলৈ দিয়া হ’ব ৷ অধিক জনাৰ বাবে
registration@dsu.ac.in ত লগইন কৰিব পাৰিব ৷

দিল্লী স্পৰ্টছ স্কুলৰ কেতবোৰ উল্লেখনীয় দিশ–
১. ল’ৰা আৰু ছোৱালীৰ বাবে দিল্লীত প্ৰথমবাৰলৈ বিনামুলীয়া আৱাসিক সুবিধাৰে ক্ৰীড়া বিষয়ক সহ শিক্ষানুষ্ঠান ৷
২. ১০ বিধ অলিম্পিক ইভেণ্টত বিশ্বমানৰ ক্ৰীড়াৰ আন্তঃগাঁথনি আৰু প্ৰশিক্ষণৰ সুবিধা ৷
৩. ক্ৰীড়াৰ সৈতে জড়িত বিদ্যায়নিক পাঠ্যক্ৰম ৷
৪. দিল্লীৰ স্পৰ্টছ ইউনিভাৰচিটিৰ ফিডাৰ চেণ্টাৰ ৷
৫. সন্মানজনক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীক সুবিধা প্ৰদান ৷
৬. শিক্ষাৰ মাধ্যম হ’ব ইংৰাজী আৰু হিন্দী ৷

যোগ্যতাৰ মান

ষষ্ঠ-সপ্তম শ্ৰেণীৰ বাবে
১. বয়সৰ সীমা ঃ
ষষ্ঠ ঃ ১১-১৩ বছৰ
সপ্তম ঃ ১২-১৪ বছৰ
অষ্টম ঃ ১৩-১৫ বছৰ
নৱম ঃ ১৪-১৬ বছৰ
২. আৱেদন কৰা ছাত্ৰ-ছাত্ৰীয়ে পূৰ্ব বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব ৷
৩. বিচৰা মাত্ৰে ছাত্ৰ-ছাত্ৰীয়ে কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সম্পৰ্কীয় প্ৰাসংগিক নথি দাখিল কৰিব লাগিব ৷
বিভিন্ন ৰাজ্যত প্ৰতিভা সন্ধান চলোৱাৰ পাছত দিল্লীত পুনৰ বাচনি পৰীক্ষা আৰু ইয়াৰ পাছতেই চুড়ান্ত নামভৰ্তিৰ পূৰ্বে স্বাস্থ্য পৰীক্ষা অনুস্থিত হ’ব ৷ এক বিজ্ঞপ্তিযোগে এই কথা জনাইছে দিল্লী স্পৰ্টছ ইউনিভাৰচিটিৰ যুটিয়া পঞ্জীয়ক ধৰ্মেন্দৰ সিঙে ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seven + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments