✍️ তুষাৰ প্ৰতিম
সমাগত অলিম্পিক। বিশ্ব ক্ৰীড়া সমাৰোহখনত জিলিকি উঠিব বিশ্বৰ অনেক ক্ৰীড়া প্ৰতিভা। বিশ্বজয়ৰ জড়িয়তে নিজ নিজ দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ উপৰিও নিজৰ বাবে কাললৈ আৰ্জিব খ্যাতি। অলিম্পিকৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব এইসকল ক্ৰীড়া বিদৰ সাফল্যৰ গাঁথা। কিন্তু বিশ্বৰ জনগণৰ কণ্ঠত চিৰ দিনৰ বাবে এওঁলোকৰ নাম ৰ’বনে? তেওঁলোকে লাভ কৰা সফলতাৰ বাবে বিশ্বৰ জনগণে কিমান দিনলৈ মনত ৰাখিব তেওঁলোকক? অৱশ্যে হাজাৰৰ মাজত এজন-দুজন ব্যতিক্ৰম হৈ ৰোৱাৰ উদাহৰণ নথকা নহয়। উছেইন ব’ল্ট, মাইকেল ফ্লেপছ আদি এনে ব্যতিক্ৰমী অলিম্পিয়ান। কিন্তু ব’ল্ট, ফ্লেপছৰ দৰে সকলোকে বিশ্বই মনত ৰাখিছেনে?
আজি আপোনালোকৰ মাজলৈ এনে এগৰাকী সফল অলিম্পিয়ানৰ বিষয়ে লৈ আহিছোঁ যাক বিশ্বই তেওঁৰ অলিম্পিকত লাভ কৰা সফলতাৰ বাবে মনত ৰখাৰ উপৰিও অসহায় জনৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবেও বিশ্বই সন্মানেৰে তেওঁৰ নাম উচ্চাৰণ কৰে। জেকি জয়নাৰ কৰছি…আমেৰিকৰা এগৰাকী সফল এথলিট। বিংশ শতিকাৰ আমেৰিকাৰ আটাইতকৈ মহান এথলিট বুলি Sports Illustrated মেগাজিনে স্বীকৃতি প্ৰদান কৰিছে। আমেৰিকাৰ হৈ মুঠ চাৰিবাৰ অলিম্পিকত অংশগ্ৰহণ কৰি লাভ কৰিছে ছটা পদক। যাৰ বাবে তেওঁক আমেৰিকাৰ হেপ্টাথলন সকলোতকৈ সফল এথলিট বুলি কোৱা হয়।
১৯৮৪ চনত পোন প্ৰথমবাৰৰ বাবে আমেৰিকাক প্ৰতিনিধিত্ব কৰি জেকি জয়নাৰে অলিম্পিকত অংশগ্ৰহণ কৰে। লছ এঞ্জেলেছত অনুষ্ঠিত হোৱা সেই অলিম্পিকৰ হেপ্টাথলন ইভেণ্টত তেওঁ ৰূপৰ পদক লাভ কৰে। ইয়াৰ পিছত ১৯৮৬ চনত তেওঁ গঢ়ি তোলে এক ৰেকৰ্ড। হেপ্টাথলনত ৭০০০ পইণ্ট অৰ্জন কৰা প্ৰথমগৰাকী এথলিট ৰূপে পৰিগণিত হয় জেকি। ১৯৮৪ চনৰ চিউল অলিম্পিকত তেওঁ পুনৰ দেশক প্ৰতিনিধিত্ব কৰি হেপ্টাথলনৰ উপৰিও দীঘল জাম্পত স্বৰ্ণ পদক দখল কৰে। সেইবাৰ তেওঁ হেপ্টাথলনত ৭২৯১ পইণ্ট অৰ্জন কৰি অলিম্পিক ৰেকৰ্ড সৃষ্টি কৰে যি আজিও বৰ্তী আছে। ইয়াৰ উপৰিও সেইবাৰ তেওঁ দীঘল জাম্পত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী আমেৰিকান মহিলা ৰূপে পৰিগণিত হয়।
এইদৰে অলিম্পিকত ইতিহাস সৃষ্টি কৰি দেশলৈ গৌৰৱ কঢ়িওৱাৰ উপৰিও কাললৈ খ্যাতি অৰ্জন কৰা জেকি জয়নাৰে ক্ৰীড়া ক্ষেত্ৰ এৰি মানৱ সেৱাত নিজকে নিয়োগ কৰে। সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসলকৰ প্ৰতি থকা তেওঁৰ আন্তৰিকতা আৰু সহায়ৰ মনোভাৱৰ বাবে পুনৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰে।
১৯৮৮ চনত জেকি জয়নাৰে নিজৰ নামত এক ফাউণ্ডেছন গঢ়ি তোলে। যাৰ জড়িয়তে তেওঁ আমেৰিকাৰ অসহায়, দৰিদ্ৰ লোকসকলৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁ আমেৰিকাৰ অসহায়, দৰিদ্ৰজনক আন নাগৰিকৰ দৰে উপযুক্ত সুযোগ, সুবিধা প্ৰদান কৰিবলৈ আগবঢ়াই আহে। ১৯৮৮ চনৰ পৰা তেওঁ সেই কাম কৰি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।
২০০৭ চনত জেকি জয়নাৰে কিম্বদন্তী বক্সাৰ মহম্মদ আলী, টেনিছ খেলুৱৈ আন্দ্ৰে’ আগাছি, ৰ’দ ৰেচিং চাইক্লিষ্ট লেনছ্ আমষ্ট্ৰ’ঙ্গ আদি মহান ক্ৰীড়াবিদৰ লগত লগ লাগি ‘এথলিটছ ফৰ হ’প’ ফাউণ্ডেছন গঢ়ি তুলিছিল। এই ফাউণ্ডেছনৰ জড়িয়তে দৰিদ্ৰ প্ৰতিভাৱান খেলুৱৈক উপযুক্ত সুযোগ, সুবিধা দি এজন সফল খেলুৱৈ হিচাপে গঢ় দিয়াৰ কাম আৰম্ভ কৰে।
ইয়াৰ উপৰিও জেকি জয়নাৰে ২০১৬ চনত আৰম্ভ কৰে ইণ্টাৰনেটত এচেনচিয়েল প্ৰ’গ্ৰেম। এই প্ৰ’গ্ৰেমৰ জড়িয়তে এমাহৰ বাবে আমেৰিকাৰ দৰিদ্ৰ লোকক ৯.৯৫ ডলাৰত লেপটপ আৰু হাইস্পীড ইণ্টাৰনেট সেৱা প্ৰদান কৰে। ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ৪০ লাখ দৰিদ্ৰ আমেৰিকানে এই প্ৰ’গ্ৰেমৰ সুবিধা উপভোগ কৰিছে।
নিজৰ ক্ৰীড়া প্ৰতিভা আৰু দক্ষতাৰে এসময়ত বিশ্ব ক্ৰীড়া সমাৰোহত আমেৰিকাৰ পতাকা উৰুৱাবলৈ সক্ষম হোৱা জেকি জয়নাৰে নিজৰ সামাজিক কাম কাজৰ জড়িয়তেও আমেৰিকাবাসীক তেওঁকলৈ গৌৰৱ কৰিব পৰা এক পৰ্যায়ত উপনীত কৰাইছে।