Pulin Das

ক্ৰীড়া জগতৰ মহীৰূহ পুলিন দাস – মৃত্যু দিৱসৰ সোঁৱৰণ

ড়াজগতৰ মহীৰূহ পুলিন দাস এতিয়া অতীত। ২০১৪ চনৰ ১৬ জুলাই তাৰিখে মহাবাহু ৰণত পৰিল। বাৰ্ধক্যক হেলাৰঙে প্ৰত্যাহ্বান জনোৱা এইজন ক্ৰীড়াবিদে শতায়ু পূৰ্ণ কৰিব নোৱাৰিলে। ৯৫ বছৰ পূৰ্ণ কৰিয়েই চিৰদিনৰ বাবে তেওঁ আঁতৰি গ’ল। এইজন ক্ৰীড়াবিদৰ মৃত্যু তিথি অহা ১৬ জুলাই। তেখেতৰ সোঁৱৰণতেই এই লেখা আগবঢ়োৱা হ’ল।

অশীতিপৰ এইগৰাকী স্বানামধন্য ক্ৰীড়া ব্যক্তিত্বৰ খেলুৱৈ জীৱনৰ আৰম্ভণি হৈছিল লতাশিল খেলপথাৰত। ল’ৰালিত তেওঁৰ ক্ৰিকেট আৰু ফুটবলৰ প্ৰতি অধিক স্পৃহা জাগি উঠিছিল। ডাঙৰ খেলৰ ধৰণ-কৰণ অনুকৰণ কৰিয়েই তেওঁ শিকি পেলাইছিল ক্ৰিকেটৰ আদিপাঠ। লতাশিল প্ৰাথমিক স্কুলৰ (১৯২৫) মাণিক চন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয় আৰু কামৰূপ একাডেমীত পঢ়ি থকাৰ সময়তো তেওঁ যথাৰ্থতে পাইছিল খেলাৰ এক সুপৰিৱেশ।

স্বাধীনতা সংগ্ৰামী ৰাজকুমাৰ সুৰেশ্বৰ গোহাঁই, দেৱেন শৰ্মা, গৌৰী তালুকদাৰৰ দৰে বদান্য ব্যক্তিৰ প্ৰচেষ্টাত প্ৰতিষ্ঠিত কামৰূপ একাডেমীত পঢ়ি থাকোঁতেই ১৯৩৬ চনত স্কুল ক্ৰিকেট টুৰ্নামেণ্টত পুলিনদাই কেপ্টেইন হিচাপে খেলি দলক চেম্পিয়ন কৰাইছিল। ১৯৩৭ চনত দ্বিতীয় বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ কলেজীয়া জীৱন আৰম্ভ কৰে ঐতিহাসিক কটন কলেজত। কটন কলেজেই আছিল পুলিন দাসৰ খেলুৱৈ জীৱনৰ টাৰ্নিং পইণ্ট। কিয়নো ব্ৰিটিছ শাসন ব্যৱস্থাৰ মাজত থাকি পঢ়া-শুনা কৰিলেও খেলা-ধূলাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিল তেওঁ। অৱশ্যে সেই সময়ত সা-সুবিধা পৰ্যাপ্ত নাছিল। ১৯৩৮ চনত তেওঁ কলেজ ক্ৰিকেট দলৰ অধিনায়ক আৰু ১৯৩৯ চনত ক্ৰীড়া বিভাগৰ সম্পাদকৰ গুৰুদায়িত্ব বহন কৰিছিল। ক্ৰীড়া সম্পাদক হৈ থাকোঁতেই তেওঁ অধ্যক্ষ পি চি ৰায়ৰ নিৰ্দেশ মানি প্ৰথমে ছোৱালী আৰু পিছৰ শাৰীত ল’ৰাবোৰক দীঘল শাৰী পতাই নিউফিল্ডৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহলৈ বুলি বিশাল শোভাযাত্ৰা উলিয়াইছিল। তেতিয়া নিউফিল্ডতে সৰহকৈ হৈছিল স্কুল টুৰ্নামেণ্ট। বিশেষকৈ সোণাৰ ভেলী আৰু আসাম ভেলী দলৰ মাজত সঘনাই মেচ হৈছিল। য’ত পুলিনদাহঁতে খেলি উপকৃত হৈছিল। ১৯৩৮ চনতে তেওঁ চিলেট (বৰ্তমান বাংলাদেশ) ভ্ৰমণ কৰিছিল আৰু মুৰাৰী চান্দ কলেজৰ বিৰুদ্ধে বিভিন্ন টুৰ্নামেণ্টত ভাগ লৈছিল। কটন কলেজক প্ৰতিনিধিত্ব কৰা পুলিনদাহঁতে টেনিছ, ফুটবল আৰু ক্ৰিকেটত জয়লাভ কৰিলেও তৰ্ক প্ৰতিযোগিতাত হাৰ মানিছিল। অৱশ্যে সেই সময়ত টেনিছৰ কোনো চৰ্চা নথকাত পুলিনদাহঁতে কলেজত নিজৰ মাজতেই খেলৰ পৰিসৰ সীমাবদ্ধ ৰাখে। কটন কলেজত পঢ়ি থাকোঁতেই (১৯৩৯ চন) পুলিন দাস আৰু তেওঁৰ এজন সহপাঠীয়ে টেনিছৰ ডাবলছ শাখাত খিতাপ জিকিছিল। কটন কলেজৰ উপৰি পুলিনদাই ১৯৩৯ চনত ঐতিহাসিক গুৱাহাটী টাউন ক্লাবৰ ক্ৰিকেট অধিনায়কৰ দায়িত্ব লয়। টাউনৰ হৈ তেওঁ বিভিন্ন ক্লাব পৰ্যায়ৰ মেচো খেলে। পিছলৈ তেওঁ ক্লাবটোৰ সাধাৰণ সম্পাদক আৰু পৃষ্ঠপোষকৰ পদবীও লাভ কৰিছিল।

ক্ৰিকেটেই আছিল পুলিন দাসৰ প্ৰথম প্ৰেম। খেলবিধৰ প্ৰতি থকা স্বভাৱজাত আগ্ৰহ, উত্তেজনা আৰু উদ্দীপনাই তেওঁৰ অন্তৰত শিহৰণ তুলিছিল। ল’ৰালিতে তেওঁ নিজে বনোৱা কাঠৰ বেটেৰে লতাশিলত খেলিছিল। এদিন হঠাতে সেই সময়ৰ নামনি অসমৰ কমিছনাৰ বেণ্টিংক চাহাবে কলকাতাৰ পৰা অনা দুখন বেট, বল, ষ্টাম্প আদি পুলিনদাহঁতক উপহাৰ দিছিল। চাহাবৰ পৰা নতুন বেট-বল পাই ক্ৰিকেটপাগল পুলিনদাহঁতৰ আনন্দৰ সীমা নাইকিয়া হৈ পৰিছিল। তেওঁলোকে নিজেই খেল পাতিছিল আৰু খেলিছিলো নিজেই। ১৯৪৭ চনত গোপীনাথ বৰদলৈ আৰু ছাৰ আকবৰ হাইদৰী একাদশৰ মাজত এখন ক্ৰিকেট মেচ পুলিনদাই আয়োজন কৰিছিল। য’ত তেওঁ দলৰ নেতৃত্ব লোৱাৰ উপৰি ব্যক্তিগত সৰ্বোচ্চ ৪৮ ৰান কৰিছিল। ১৯৪৯ চনত যোৰহাটৰ চিনামৰাত অনুষ্ঠিত ৰঞ্জি মেচত চি কে নাইডু নেতৃত্বাধীন হোলকাৰ একাদশৰ বিৰুদ্ধে তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰিছিল। ১৯৫১ চনত আকৌ তেওঁ নগাঁৱত উৰিষ্যাৰ বিৰুদ্ধে ৰঞ্জি খেলে। মুঠতে ক্ৰিকেটক বাদ দি তেওঁ প্ৰথমাৱস্থাত আন কথা ভাবিবই পৰা নাছিল। অৱশ্যে পিছলৈ লন টেনিছ, ফুটবল, হকী আৰু টেবুল টেনিছৰ প্ৰতিও তেওঁ দুৰ্বাৰ আকৰ্ষণ অনুভৱ কৰে। তেতিয়া ইউৰোপীয়ান ক্লাবেই আছিল টেনিছৰ চৰ্চাস্থলী। কিন্তু তাত চাহাবসকলেহে খেলিছিল। সাধাৰণ মানুহৰ বাবে কোনো সুযোগেই নাছিল। ফখৰুদ্দিন আলী আহমেদ, গোপীনাথ বৰদলৈ, হৰেকৃষ্ণ দাস, পুলিনদাহঁতে নিজা প্ৰচেষ্টাত ১৯৩৩ চনতে ৰিজাৰ্ভ বেংকৰ কাষতে জন্ম দিছিল ইণ্ডিয়া ক্লাবৰ। ঐতিহাসিক ক্লাবটোত স্কুলীয়া দিনৰে পৰা মৃত্যুৰ কিছুদিন আগলৈকে নিৰলসভাৱে টেনিছৰ চৰ্চা অব্যাহত ৰাখিছিল পুলিনদাই। সি যি নহওক, লন টেনিছৰ প্ৰতি তেওঁৰ দুৰ্বাৰ আকৰ্ষণ আছিল। আনকি টেবুল টেনিছো খুব ভাল পায়। তেওঁৰ প্ৰচেষ্টাতে ১৯৪৮ চনত প্ৰতিষ্ঠা হৈছিল অসম টেবুল টেনিছ সন্থা। ১৯৫০ চনত তেওঁ বিশ্ব চেম্পিয়ন ডনী লীচ আৰু ৰিচাৰ্ড বাৰ্গমেনৰ মাজত এখন প্ৰদৰ্শনীমূলক মেচ আয়োজন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ সুদীৰ্ঘ ১৩ বছৰ ধৰি অসম টেবুল টেনিছ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব বহন কৰিছিল।

ক্ৰিকেট, ফুটবল, টেনিছ, টেবুল টেনিছকে ধৰি বিভিন্ন খেলত নিজৰ দুৰ্বাৰ আকাংক্ষা থকাৰ উপৰি তেওঁ ৰাজ্যৰ খেল আৰু খেলুৱৈৰ উন্নতিৰ অৰ্থে বিভিন্ন কামৰো গুৰি ধৰিছিল। ১৯৪৭ চনতে গোপীনাথ বৰদলৈৰ সহযোগত তেওঁ অসম ক্ৰিকেট সন্থা গঠন কৰিছিল। গোপীনাথ বৰদলৈ প্ৰতিষ্ঠাপক সভাপতি হোৱাৰ বিপৰীতে পুলিনদা আছিল সন্থাৰ সাধাৰণ সম্পাদক। পৰৱৰ্তী সময়ত তেওঁ পুনৰ ১৯৬৯ চনত সম্পাদকৰ দায়িত্ব লৈছিল। আনকি সন্থাৰ উপাধ্যক্ষ আৰু পৃষ্ঠপোষকৰ মৰ্যাদাও পাইছিল তেওঁ। পুলিনদা সম্পাদক হৈ থাকোঁতে তিনিখন আন্তৰ্জাতিক মেচ গুৱাহাটীত হৈছিল। বিদেশী দলকেইটা আছিল— অষ্ট্ৰেলিয়া ক্ৰিকেট দল (১৯৬৯), ইংলেণ্ড স্কুল বয়জ দল (১৯৭৪) আৰু এম চি চি ইংলেণ্ড (১৯৭৬)। ক্ৰিকেটৰ উপৰি তেওঁ প্ৰয়াত নুৰুল আমিনৰ সহযোগত অসম ফুটবল সন্থাৰ জন্ম দিছিল। ফুটবলৰ সাংগঠনিক কামৰ উপৰি তেওঁ প্ৰথম শ্ৰেণীৰ ৰেফাৰী হিচাপে কলকাতা, নগাঁও আৰু গুৱাহাটীত সন্তোষ ট্ৰফীৰ মেচ সুদক্ষভাৱে পৰিচালনা কৰিছিল। ইয়াৰ উপৰি পুলিনদাৰ উদ্যোগতে গঢ় ল’লে গুৱাহাটী ক্ৰিকেট সন্থা (১৯৪৬), গুৱাহাটী টেবুল টেনিছ সংস্থা (১৯৪৮), গুৱাহাটী হকী সংস্থা (১৯৫৬), গুৱাহাটী লন টেনিছ সংস্থা (১৯৭৯), লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল টুৰ্নামেণ্ট× (১৯৫২)। এই সমূহ প্ৰতিষ্ঠানৰ তেওঁ আছিল প্ৰতিষ্ঠাপক সম্পাদক। আনহাতে, গুৱাহাটী ক্ৰীড়া সন্থাৰ (১৯৫৮) তেওঁ প্ৰতিষ্ঠাপক সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অৱশ্যে ১৯৬৪-৬৮ চনত সম্পাদক আৰু পিছলৈ উপাধ্যক্ষ আৰু পৃষ্ঠপোষকৰ পদত অধিষ্ঠিত হৈছিল।

ক্ৰীড়াবিদ, সংগঠক পুলিনদা ক্ৰীড়া সাংবাদিক হিচাপেও জনপ্ৰিয় আছিল। খেলুৱৈৰ নাম কাকতত প্ৰকাশ কৰিবৰ বাবেই তেওঁ বাছি লৈছিল সাংবাদিকতা বৃত্তি। প্ৰথমাৱস্থাত তেওঁ কলকাতাৰ পৰা প্ৰকাশিত আনন্দবাজাৰ পত্ৰিকা, অমৃত বাজাৰ পত্ৰিকা, ষ্টেট্‌ছমেনকে দৰি কেইবাখনো কাকতত ফ্ৰীলেঞ্চ ক্ৰীড়া সাংবাদিক হিচাপে কাম কৰিছিল। পঞ্চাশৰ দশকৰ আৰম্ভণিতে তেওঁ ‘দৈনিক নতুন অসমীয়া’ কাকতত ক্ৰীড়া সাংবাদিক হিচাপে সেৱা আগবঢ়ায়। ১৯৫৪ চনত তেওঁ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ আমন্ত্ৰণক্ৰমে ‘দ্য আসাম ¿ট্ৰবিউন’ত ক্ৰীড়া সাংবাদিক  হিচাপে স্থায়ীভাৱে কামত যোগ দিছিল। ১৯৮২ চনৰ ১১ মাৰ্চত তেওঁ সাংবাদিকতাৰ পৰা অৱসৰ লৈছিল। সুদীৰ্ঘ ৪০ বছৰ ধৰি সাংবাদিক হিচাপে তেওঁ যথেষ্ট সুখ্যাতি অৰ্জন কৰিছিল। আনকি বিভিন্ন কাকতলৈ ফটো পঠিয়াবলৈ সহধৰ্মিণী তমাল কুসুম দাসে যোগান ধৰিছিল এটা বিশেষ কেমেৰা। বাইদেৱে সুদূৰ আমেৰিকাৰ পৰা অনা এই কেমেৰাটোৰেই (Memia flex C-2) তেওঁ সুদীৰ্ঘ বিশ বছৰ ধৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ফটো উঠাই ফুৰিলে। কেৱল এয়াই নহয়, জনপ্ৰিয় ধাৰাভাষ্যকাৰ বেৰী সৰ্বাধিকাৰীৰ ধাৰা বিৱৰণী শুনি পুলিনদাৰো এই বিষয়ত আগ্ৰহ জন্মে আৰু আকাশবাণীত ধাৰাভাষ্যকাৰ হিচাপে ১৯৫৬ চনৰ পৰা সুদীৰ্ঘ ২৩ বছৰ সেৱা আগবঢ়ায়। বিশেষকৈ বৰদলৈ ট্ৰফীৰ মেচৰ ধাৰা বিৱৰণী তেওঁ ভগা চাইকেলৰ ওপৰত উঠি দিছিল। বৰদলৈ ট্ৰফীৰ ভাষ্যকাৰ হোৱাৰ ক্ষেত্ৰত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰ পৰা পাইছিল প্ৰয়োজনীয় অনুমতি। মুঠতে অসমৰ ক্ৰীড়া সাংবাদিকতাৰ ক্ষেত্ৰখনত পুলিন দাস নিশ্চিতভাৱেই আছিল পথিকৃৎ সাংবাদিক। সাংবাদিক হিচাপে  তেওঁ উত্তৰ পুৰুষৰ সুবিধাৰ্থে আমবাৰীত প্ৰতিষ্ঠা কৰিছিল গুৱাহাটী প্ৰেছ ক্লাব। তদুপৰি গুৱাহাটী ৰিপ’ৰ্টাৰ্ছ গীল্ড আৰু গুৱাহাটী ৱৰ্কিং জাৰ্নেলিষ্ট এছ’চিয়েচনৰো তেওঁ প্ৰতিষ্ঠাপক সভাপতি আছিল।

পুলিন দাসৰ ব্যক্তিগত জীৱনত দুখ, অভাৱ-অভিযোগৰ স্থান নাছিল বুলিয়েই ক’ব পাৰি। ১৯৮৪ চনতে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াই ৰাজ্যত আৰম্ভ কৰা ক্ৰীড়া পেন্সন প্ৰথম পাইছিল তেওঁ। ১৯৫৪ চনতে তেওঁ অসমৰ স্বনামধন্য ফুটবলাৰ ডাঃ শৰৎ দাসৰ ভনীয়েক তমাল কুসুম দাসৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তিনিটা ল’ৰা, নাতি-পুতিৰে পুলিনদাৰ সংসাৰ আছিল সুখৰ।

খেলা-ধূলাৰ উপৰি সামাজিক কাম-কাজতো পুলিনদা আছিল আগৰণুৱা। আৰ্থিকভাৱে কাৰোবাক সহায় কৰিব নোৱাৰিলেও অপকাৰৰ কথা তেওঁ কেতিয়াও ভবা নাছিল। তেওঁৰ মতে ‘পাৰিলে ভাল কাম কৰিবা; আনক দুখ দিয়া কাম কৰিব নালাগে।’ পুলিনদা কামৰূপ নাট্য সমিতি, উগ্ৰতাৰা মন্দিৰ উন্নয়ন সমিতি, লতাশিল গণেশ মন্দিৰ উন্নয়ন সমিতি, লতাশিল প্ৰাথমিক স্কুল পৰিচালনা সমিতি, লতাশিল খেলপথাৰ উন্নয়ন কমিটী, জজ ফিল্ড পৰিচালনা সমিতিকে ধৰি অসংখ্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল। এইক্ষেত্ৰত পুলিনদাক সততে হাত উজান দিছিল সহধৰ্মিণী তমাল কুসুম বাইদেৱে। খেলা-ধূলাৰ ক্ষেত্ৰত বাইদেউৰ আগ্ৰহো কম নাছিল। নিজে সুদক্ষ স্কাউট হোৱাৰ উপৰি বিভিন্ন টুৰ্নামেণ্টৰ বাবে কাশ্মীৰ, চণ্ডীগড় আদি ঠাইলৈ বেডমিণ্টন, হকী খেলুৱৈক অকলে লৈ গৈছিল। ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত মহিলা ক্ৰীড়া সমাৰোহৰ বাবে মুম্বাইলৈ যোৱা ৭৭জনীয়া অসমৰ ছোৱালী দলটোৰ দায়িত্বত আছিল বাইদেউ। ডেকাকালতে পুলিনদাৰ সহযোগী হিচাপে তেওঁ গুৱাহাটীত খেল-ধেমালি, বিহু উৎসৱ সুচাৰুৰূপে আয়োজন কৰিছিল। পুলিন দাস যদি সম্পাদক হয়, তেন্তে বাইদেউ আছিল সহকাৰী। খেলৰ সংস্পৰ্শত থাকিয়েই দুয়োৰে মাজত সুন্দৰ বুজাবুজিৰ সৃষ্টি হৈছিল। অসমৰ ক্ৰীড়াক্ষেত্ৰৰ মহীৰূহস্বৰূপ পুলিন দাসক আমি নিশ্চিতভাৱে সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ পিছতেই স্থান দিব পাৰো। সেয়ে ৰাজ্যৰ উঠি অহা চাম খেলুৱৈয়ে পুলিন দাসৰ মহান গুণৰাজিৰ অনুপ্ৰেৰণাৰে আগবাঢ়িলে উপকৃত হব বুলি আশা কৰিব পাৰো। মৃত্যু বাৰ্ষিকীত এইজন মহীৰূহলৈ আমিও জনাইছো আন্তৰিক শ্ৰদ্ধাঞ্জলি।

Leave a Reply

Your email address will not be published. Required fields are marked *