Sunday, October 2, 2022
HomeNewsক্ৰীড়া বিশ্বত হিমন্ত বিশ্ব শৰ্মা

ক্ৰীড়া বিশ্বত হিমন্ত বিশ্ব শৰ্মা

ক্ৰীড়া বিশ্বত হিমন্ত বিশ্ব শৰ্মা

অলিম্পিয়া প্রতিবেদন: ক্ৰীড়া বিশ্বত হিমন্ত বিশ্ব শৰ্মা । ছাত্রনেতাৰ পৰা বিধায়ক, বিধায়কৰ পৰা মুখ্যমন্ত্ৰীলৈ–এগৰাকী সফল ৰাজনীতিক তেওঁ । প্ৰচুৰ কৰ্মদক্ষ আৰু, উদ্যমীৰ বাবে তেওঁক অভিহিত কৰা হয় এগৰাকী গতিশীল মুখ্যমন্ত্ৰী হিচাপে । বৰ্তমান অসমক মুখ্যমন্ত্ৰীৰ দৰে গুৰু দায়িত্বত থাকিলেও পূৰ্বতে এগৰাকী ক্ৰিকেটাৰ হিচাপে ক্ৰীড়াক্ষেত্রত আত্মপ্ৰকাশ কৰিছিল ডাঃ হিমন্ত বিশ্ব শৰ্মাই । এতিয়া বিশ্ব ক্ৰীড়াৰো অন্যতম কাণ্ডাৰী । মুখ্যমন্ত্ৰী জনৰ ক্ৰীড়া জীৱনৰ কথাৰে অলিম্পিয়া স্পৰ্টছৰ বিশেষ প্ৰতিবেদন । বিধায়কৰ পদ অলংকৃত কৰাৰ দিনৰে পৰে ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ অতিকৈ ব্যস্ত সূচীত আবদ্ধ হয় । ইয়াৰ পাছত ২০২১ ত মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই ৰাজ্যৰ শাসনভাৰ মূৰ পাতি ল’লে । ইমান এগৰাকী ব্যস্ত মুখ্যমন্ত্ৰীয়ে ক্ৰীড়াঙ্গনৰ সৈতে ৰাখিছে মধুৰতম সম্পৰ্ক । তেওঁৰ জীৱনৰ প্ৰথম প্ৰেম ক্ৰিকেট ।প্ৰশিক্ষক নবাব আলীৰ তত্বাৱধানত নেহৰু ষ্টেডিয়ামৰ গুৱাহাটী ক্ৰিকেট কচিং চেন্টাৰত তেওঁ গ্ৰহণ কৰিছিল ক্ৰিকেটৰ আদিপাঠ ।

আৰু অধিক পঢ়ক

১৯৮৩ চনৰ পৰা তেওঁ প্ৰায় চাৰি বছৰ কাল গুৱাহাটী ক্ৰিকেট কচিং চেন্টাৰত আছিল প্ৰশিক্ষাৰ্থী । এই সময়ছোৱাত বেটিঙত যথেষ্ট পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল তেওঁ । এজন সফল বেটাৰ হোৱাৰ সম্ভাৱনা আছিল হিমন্ত বিশ্ব শৰ্মাৰ মাজত । সেই সময়ত লতাশিল, জজ খেলপথাৰ আদি গুৱাহাটীৰ খেলপথাৰবোৰৰ বিভিন্ন প্ৰতিযোগিতাত নিয়মীয়াকৈ অংশগ্ৰহণ কৰা দেখা গৈছিল তেওঁক । পঢ়া-শুনাত প্ৰচুৰ ধাউতি থকা শৰ্মাই পৰৱৰ্তী সময়ত ক্ৰিকেটৰ সৈতে জড়িত হৈ থাকিব নোৱাৰিলেও ৰাজ্যৰ তথা দেশৰ ক্ৰীড়াক্ষেত্রৰ বিকাশৰ বাবে কাম কৰিলৈ সদা প্ৰস্তুত আছিল । এতিয়াও বিভিন্ন ক্ৰিকেটৰ গ্ৰাউণ্ডৰ উদ্বোধনী অনুষ্ঠানত ক্ৰিকেট খেলা সকলোৱে দেখিছে । আমিনগাঁও ক্ৰিকেট গ্ৰাউণ্ডত উদ্বোধনী অনুষ্ঠানেই তাৰ উৎকৃষ্ট উদাহৰণ । কম বয়সতে ক্ৰিকেটৰ পৰা আঁতৰি আহিলেও খেলবিধৰ প্ৰতি তেওঁৰ দুৰ্বলতা অপাৰ ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

সেয়ে ক্ৰিকেট প্ৰশিক্ষণৰ পদ্ধতি আৰু প্ৰক্ৰিয়াৰ উত্তৰণৰ বাবে চেষ্টা কৰি আহিছে । নিজকে জড়িত কৰিছে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত ক্ৰীড়া অনুষ্ঠান “গুৱাহাটী টাউন ক্লাব “ৰ সৈতেও । কেইগৰাকীমান দক্ষ ব্যক্তিৰ সহযোগত গুৱাহাটী টাউন ক্লাবৰ জৰিয়তে ৰাজ্যৰ ক্ৰীড়াক্ষেত্রৰ বিকাশৰ প্ৰচেষ্টা চলাই আহিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । অসম বেডমিণ্টন সন্থাৰ সভাপতি, সৰ্বভাৰতীয় বেডমিন্টন সন্থাৰ অধ্যক্ষ, এছিয়া কনফেডাৰেচনৰ উপ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে তেওঁলৈ আহিল আন এক সন্মান । বিগত বৰ্ষৰ ২২ মেত ভাৰ্চুৱেল মাধ্যমেৰে অনুষ্ঠিত বিশ্ব বেডমিণ্টন সন্থাৰ সাধাৰণ সভাত বেডমিন্টন ৱৰ্ল্ড ফেডাৰেচনৰ কাউন্সিল মেম্বাৰ হিচাপে নিৰ্বাচিত হয় তেওঁ । অসম বেডমিণ্টন সন্থাৰো সভাপতিৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই ২০১৭ চনত প্ৰথমবাৰ ভাৰতীয় বেডমিণ্টনৰ মুৰব্বী পদ গ্ৰহণ কৰাৰ সময়ত সন্থাৰ পুঁজি শক্তিশালী নাছিল।

YouTube player

সেই সময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক অৰ্জন কৰা দেশৰ শ্বাটলাৰসকলক আৰ্থিক পুৰস্কাৰ দিব পৰা নাছিল । কিন্তু ড০ শৰ্মাই দায়িত্ব লোৱাৰ পাছতে দৃশ্যপট সলনি হ’ল । খেলুৱৈক আৰ্থিক পুৰস্কাৰ দিয়া হ’ল । এই দিশটোৰ কথা পি ভি সিন্ধু, ছাইনা নেহৱাল, গোপীচান্দ আদি অগ্ৰণী খেলুৱৈসকলে মুকলিভাৱে স্বীকাৰ কৰিছে । ড০ শৰ্মাৰ ভূমিকাত ক্ৰমাৎ শক্তিশালী হৈ উঠিছে ভাৰতীয় বেডমিণ্টন সন্থা ( বাই ) । ফলত যোৱা ২৫ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাত পৰৱৰ্তী চাৰি বছৰীয়া কাৰ্যকালৰ বাবে তেওঁকেই পুনৰ বাইৰ সভাপতিৰূপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচন কৰা হয় । ড০ শৰ্মাৰ এই কাৰ্যকালত ভাৰতীয় বেডমিণ্টনে কিমানদূৰ অগ্ৰগতি লাভ কৰে সেয়া নিশ্চয় লক্ষ্যণীয় হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments